নিতীন বিনেকাৰ
মুম্বাইত ৰমজানৰ অৰ্থ কেৱল ৰোজা আৰু ইফটাৰ নহয়, ই খাদ্যৰসিকসকলৰ বাবে সুস্বাদু খাদ্যৰ মেলাস্বৰূপ। এই মেলাৰ হৃদপিণ্ড হৈছে মহম্মদ আলী ৰোড। ইয়াৰ সৰু সৰু পথবোৰ, মিনাৰা মছজিদৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা পথবোৰ ৰমজানত খাদ্যৰসিকসকলৰ বাবে ভূ-স্বৰ্গ হৈ পৰে।
বছৰ বছৰ ধৰি ইয়াৰ চৌপাশে বিৰিয়ানী, কাবাব আৰু নিহাৰীৰ সুগন্ধি বিয়পি থাকে যদিও এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ‘লেইলা-মাজনু পুলাও’য়ে। এই খাদ্যই খাদ্যপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
ৰমজানৰ খাদ্যৰ ভঁৰাল মহম্মদ আলী ৰোড
মহম্মদ আলী ৰোড আৰু ৰমজানৰ মাজত বহু পুৰণি সম্পৰ্ক আছে। এই ঠাইডোখৰ মুম্বাইৰ মুছলমান জনসংখ্যাৰ এক প্ৰধান কেন্দ্ৰবিন্দু যাৰ বাবেই ৰমজানৰ সময়ত ইয়াৰ সজীৱতা দুগুণ বৃদ্ধি পায়।
মুম্বাইৰ মহম্মদ আলী ৰোডত খাদ্যৰসিকৰ ভিৰ
সূৰ্য্য অস্ত যোৱাৰ লগে লগে মিঠাইৰ দোকানৰ পৰা অহা চিৰখুৰমাৰ মিঠা সুগন্ধ, কাবাবৰ অভেনৰ ধোঁৱা, বিৰিয়ানীৰ ঢাকনিৰ ফাঁকেৰে ওলোৱা ভাপবোৰে পথবোৰ প্ৰাণৱন্ত হৈ পৰে। ইয়াত ৰমজান কেৱল উপাসনাৰ মাহ নহয়; ই হৈছে খাদ্য সংস্কৃতিৰ উদযাপনৰ মাহ, য’ত হিন্দু আৰু মুছলমান উভয়ে একেলগে মিলি উপভোগ কৰে। এইবাৰ ‘লেইলা মাজনু পুলাও’ই এই উদযাপনক এক নতুন ৰূপ প্ৰদান কৰিছে।
লেইলা মাজনু পুলাও
'লেইলা মাজনু' নামটোৱে কিছু ৰোমান্টিক চিন্তাক মনলৈ আনে, কিন্তু এই পুলাও আফগানী খাদ্যৰ গৌৰৱ হয়। ইয়াত বাছমতী চাউলৰ সুগন্ধি, কেশৰৰ ৰং, কাজু, আলমণ্ড, পিষ্টাচিয়া, মানুকাৰ দৰে ড্ৰাই ফ্ৰুটছচৰ সোৱাদযুক্ত। আফগানী মছলাবোৰে ইয়াৰ সোৱাদ ৰাজকীয় কৰি তোলে, বিৰিয়ানীৰ পৰা পৃথক যদিও বিৰিয়ানীৰ সমানেই সুস্বাদু। মছলাযুক্ত মাংসৰ টুকুৰাৰ সৈতে পৰিবেশন কৰিলে মুখৰ ভিতৰত এক অনন্য সোৱাদৰ মিলন ঘটাই।
'মাছাহআল্লাহ' নামৰ হোটেলখনে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ মেনুত যোগ কৰিলে 'লেইলা মাজনু পুলাও'। খাদ্যৰসিকসকলে মুকলি আকাশৰ তলত এই পুলাওৰ সোৱাদ লৈছে। মহম্মদ আলী ৰোডৰ 'মাছাহআল্লাহ' হোটেলত এইবাৰ 'আলফহাম তণ্ডুৰী'ৰ সৈতে 'লেইলা-মাজনু পুলাও'ৰ যোৰাটো ইমানেই হিট হৈ পৰিছে যে মানুহে খোৱাৰ বাবে শাৰী পতা দেখা গৈছে।
হোটেলখনৰ চেফে কয় যে, মুম্বাইকাৰসকলৰ নতুন বস্তুৰ সোৱাদ লোৱাৰ অভ্যাসৰ সৈতে মিল খাইছে এই আফগানী সোৱাদৰ খাদ্যবিধ। ৰমজানত বিৰিয়ানী, নিহাৰী, হালিম সদায় পোৱা যায়, যদিও এইবাৰ এই নতুন পুলাওবিধ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে।
মাছাহআল্লাহ হোটেলৰ এক দৃশ্য
মাছাহআল্লাহ হোটেলৰ স্বত্বাধিকাৰী আব্দুল ৰেহমানে কয়, “বহু প্ৰেমিক-প্ৰেমিকা আমাৰ ইয়ালৈ আহে। তেওঁলোকে একেলগে বহি বিশেষ কিবা এটা খাব বিচাৰে। গতিকে, মই তেওঁলোকৰ বাবে এই পুলাও বনালোঁ আৰু নাম ৰাখিলোঁ ‘লেইলা-মাজনু’। ৰমজানৰ সময়ত খাদ্য কেৱল পেট ভৰোৱা বস্তু নহয়, ই প্ৰেম আৰু ৰুচিৰো মিলন ঘটাই।”
খাদ্যৰসিসকলৰ ভাষাত খাদ্যৰ প্ৰতি আকৰ্ষিত শুভংগী শিণ্ডে কয়, ৰমজানৰ সময়ত নতুন কিবা এটাৰ সোৱাদ লবলৈ মন গৈছিল। ‘লেইলা-মাজনু পুলাও’ সচাকৈ খুব সোৱাদ লগা। ড্ৰাই ফ্ৰুটছৰ আৰু আফগানী মছলাই ইয়াক বিশেষ কৰি তুলিছে। আলফাম টাণ্ডুৰীৰ সৈতে এই পুলাও খোৱাৰ মজাটো দুগুণ বৃদ্ধি কৰিছে!
বছৰ বছৰ ধৰি মহম্মদ আলী ৰোড ভ্ৰমণ কৰি অহা ৰবীন্দ্ৰ ভালকোডীয়ে কয়, প্ৰতিবাৰেই কিবা নহয় কিবা এটা নতুন বস্তুৰ সোৱাদ লওঁ। এইবাৰ এই পুলাওৰ সোৱাদ ললোঁ। মৃদু মছলা, সুগন্ধি চাউল আৰু ড্ৰাই ফ্ৰুটছৰ সোৱাদে ইয়াক পৃথক কৰি তুলিছে।
বছৰ বছৰ ধৰি মহম্মদ আলী ৰোডত ৰমজানৰ সুস্বাদু খাদ্যৰ যাদুৱে সকলোকে মোহিত কৰি আহিছে। ইয়াত হিন্দু আৰু মুছলমান বুলি কোনো ধৰ্মীয় ভেদা-ভেদ নাথাকে; সকলোৱে খোৱাৰ চখত মগ্ন হৈ পৰে। এইয়া কেৱল এবিধ খাদ্য নহয় বৰঞ্চ মুম্বাইৰ সংস্কৃতিৰ এটা অংশ, যিয়ে প্ৰতিখন প্লেটতে মৰম পৰিবেশন কৰা হৈছে।