মাদক দ্ৰব্য, অপৰাধপ্ৰৱণতা আৰু মুছলমান সমাজ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
 মৌলানা নুৰুল আমিন কাছিমী 
 
বৰ্তমান সমাজত দেখা দিয়া মাৰাত্মক ব্যাধিসমূহে সমাজখনক ভয়াবহ ভৱিষ্যতৰ দিশে লৈ গৈ আছে। বিশেষকৈ মাদক দ্ৰব্য সেৱনকে আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত ইছলাম ধৰ্মী যুৱপ্ৰজন্ম জড়িত হোৱাটো উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে। যাৰ বাবে প্ৰকৃত ইছলামৰ লগতে সকলো মুছলমান জনমানসত ঘৃণাৰ পাত্ৰ হ'বলগীয়া হৈছে। আজি এই প্ৰবন্ধত আমি মাদক দ্ৰব্য আৰু অপৰাধপ্ৰৱণতা সম্পৰ্কে ইছলাম ধৰ্মগ্ৰন্থ কোৰআন হাদীছ আৰু ইছলামী অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ স্থিতি সম্পৰ্কে আলোচনা কৰিম।
 
 
ইছলামত অপৰাধৰ শাস্তি মাৰাত্মক। অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰত ইছলাম ধৰ্ম অত্যন্ত কঠোৰ। এখন সুস্থ সমাজ গঠন কৰাৰ বাবে ইছলাম ধৰ্মই অপৰাধক সমূলে নিঃশেষ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। আৰু অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমান দায়িত্ব আছে বুলি কৈছে। এটি হাদীছ (পয়গম্বৰৰ বানী)ত আহিছে_ তোমালোক প্ৰত্যেকেই একো একোজন দায়িত্বশীল ৰখীয়াৰ দৰে ।এই সম্পৰ্কে শেষ বিচাৰৰ দিনা প্ৰশ্ন কৰা হব।  (বোখাৰী, মুছলিম) 
 
আন এটি হাদীছত আহিছে _ তোমালোকৰ কোনোবাই যদি কাৰোবাক কোনো বেয়া কাম কৰা দেখা তেন্তে তাক হাতেৰে দমন কৰিবা, যদি সিমানখিনি নোৱাৰা তেন্তে কথাৰে বুজাবা। যদি সেইখিনিও নোৱাৰা তেন্তে ব্যক্তিজনৰ সেই কামটোৰ প্ৰতি ঘৃণা পোষন কৰিবা। (মুছলিম) সুস্থ তথা শান্তিৰ জীৱন অতিবাহিত কৰিবলৈ মানৱ দেহৰ অঙ্গ-প্রত্যঙ্গবোৰ সুস্থ তথা সক্রিয় হোৱাটো অতি প্ৰয়োজনীয়। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
আল্লাহ পাকে মানুহক নিজস্ব জীৱনখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ এটা সুস্থ মস্তিষ্ক দিয়াৰ লগতে জীৱনৰ পথপ্রদর্শক স্বৰূপে নিয়োজিত পৱিত্ৰ কোৰআন ও হাদিছত এই সম্পর্কে বহু নীতিমালা বৰ্ণনা কৰিছে।
 
পৱিত্ৰ কোৰআনত উল্লেখ আছে :
 ولا تلقوا بايديكم الى التهلكة (سورة البقرة) 
 
অৰ্থ :- তোমালোকে নিজেই নিজকে ধ্বংসৰ গৰাহলৈ ঠেলি নিদিবা। (ছুৰায়ে বাক্বাৰাহ: ১৯৫) 
 
মদ, ড্ৰাগছ সদৃশ নিচাসক্ত দ্ৰব্যই আমাৰ নৱ প্ৰজন্মক কেনেকৈ ধ্বংসৰ পিনে ঠেলি নিছে, সেয়া সৰ্বজন বিদিত। তথাপিও চলে আমাৰ দোকান পোহাৰত এনে অবৈধ দ্ৰব্য সমূহৰ মুকলি বেহা-বেপাৰ। বৰ আক্ষেপজনক, আমাৰ কিছুমানে সেয়া স্বেচ্ছায় সেৱন কৰি আছে আৰু কিছুমানে দিনে নিশাই নিৰ্বিকাৰ ভাৱে তাৰ যোগান দি আছে। এই সকলে নিজেই নিজকে ধ্বংসৰ পিনে ঠেলি নিছে ? 
 
এজন মুছলমান ইহকাল বা পৰকাল সম্বলিত যিকোনো কৰ্মত যিমানেই ব্যস্ত নাথাকক, তেওঁৰ শৰীৰটো যাতে সদায় সুস্থ তথা সক্রিয় হৈ থাকে, তাৰ প্ৰতি যত্নবান হোৱাটো তেওঁৰ প্ৰথম দায়িত্ব। সুস্থ মানৱৰ দ্বাৰাহে এখন সুস্থ সমাজৰ আশা কৰিব পাৰি। সেয়ে ইছলামে প্ৰথমেই ব্য়কিৰ শাৰিৰীক আৰু মানসিক সুস্থতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। 
 
মৌলানা নুৰুল আমিন কাছিমী
 
হাদিছ শ্বৰীফত নিজৰ শৰীৰৰ প্ৰতি দয়াবান, যত্নবান হবলৈ এনে নিৰ্দেশনা থকা সত্বেও আমাৰ কিছু মুছলমানে তাৰ প্ৰতি যত্নবান হোৱাটো বহু দূৰৰ কথা, কেৱল ক্ষন্তেকীয়া তৃপ্তি ও বিনোদ লভাৰ উদ্দেশ্যে ইছলামী শ্বৰীয়ত অনুযায়ী সম্পূর্ণ হাৰাম জাতীয় বিভিন্ন মাদক দ্রব্য সেৱন কৰি জীৱনখনক ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি নিছে। তেওঁলোকে নিজৰ ভৰিত যেন নিজেই কুঠাৰ মাৰি আছে আৰু নিজৰ ইহকাল পৰকাল দুয়োটাই নিজেই বিনষ্ট কৰি আছে। লগতে বিনষ্ট কৰিছে সমাজখনক আৰু ভৱিষ্যত প্ৰজন্মক। 
 
কিন্তু ইছলামে এই ক্ষেত্ৰত যথেষ্ট কঠোৰতা অৱলম্বন কৰিছে। পৱিত্ৰ কোৰআন হাদীছৰ নিৰ্দেশনাৰ ওপৰিও ইছলামী প্ৰতিষ্ঠান সমূহেও এই ক্ষেত্ৰত বাৰম্বাৰ নিজৰ কঠোৰ স্থিতি প্ৰকাশ কৰি আহিছে। বিশ্ববিখ্যাত ইছলামী শিক্ষা প্ৰতিষ্ঠান দাৰুল উলুম দেউবন্দৰ ফতোৱা এই সন্দৰ্ভত প্ৰণিধানযোগ্য। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
নিজৰ ৱেবছাইটত প্ৰকাশিত কেবাটাও ফতোৱাত অপৰাধআৰু নিচাযুক্ত দ্ৰব্য সন্দৰ্ভত দাৰুলউলুমদেওঁবন্দে প্ৰদান কৰা ফতোৱা সমূহ :- 
 
১/ ফতোৱা নং- ১১৭৬
 
প্ৰচলিত "মদ"ৰ এটোপাল পান কৰাও হাৰাম, মদৰ উক্ত টোপালৰ দ্বাৰা কাৰোবাৰ নিচা উপলব্ধি হওঁক বা নহওঁক। পৱিত্ৰ কোৰআনত উল্লেখিত : 
انما الخمر والميسر والانصاب والازلام رجس من عمل الشيطان الاية- 
 
২/ ফতোৱা নং- ১৩৬৭
 
মদ ও তাৰ সমসাময়িক এনে নিচাযুক্ত দ্ৰব্য যি সেৱন কৰাৰ পিছত মানুহজন তাৰ স্বাভাৱিক অৱস্থাত নাথাকে, আভ্যন্তৰীণ ভাৱে বহুখিনি পৰিবৰ্তন উপলব্ধি কৰে তেনে দ্ৰব্য সেৱন কৰা সম্পূর্ণ হাৰাম। যেনে : ড্ৰাগছ, গাঞ্জা, আফয়ুন, ভাং ও ইয়াৰ সমসাময়িক দ্ৰব্য আদি। 
 
৩/ ফতোৱা নং- ১০২০
 
এনে দ্ৰব্য যাৰ ব্যৱহাৰে মানুহৰ হৃৎপিণ্ড, মস্তিষ্ক তথা অন্যান্য অঙ্গ প্রত্যঙ্গবোৰৰ ক্ষতিসাধন কৰে, তেনে দ্ৰব্য সেৱন কৰা ইছলামী শ্বৰীয়ত অনুযায়ী নাযায়েজ অৰ্থাৎ সম্পূর্ণ নিষিদ্ধ।(দাৰুল_ইফতা। দাৰুল উলুম দেউবন্দ)
 
এতিয়া কথা হল ইছলাম ধৰ্মৰ ইমান নিষেধাজ্ঞা থকাৰ পাছতো একাংশ মুছলমান লোক কিয় ইয়াত জড়িত? এইটো এটা অতি চিন্তনীয় বিষয়। ইয়াৰ সমাধান বিচাৰিবলৈ আমি আমাৰ মাজৰ পৰা শিক্ষহীনতা দূৰ কৰিব লাগিব, সন্তান জন্ম দিয়াৰ পাছত নেতাৰ কথামতে ভোট বেংক নবনাই মানৱ সম্পদ বনাব লাগিব। গাৱে গাৱে সজাগতাৰ সৃষ্টি কৰি এইবোৰৰ ভয়াবহতাৰ লগতে ধৰ্মীয় তথা সামাজিক দিশত ইয়াৰ ক্ষতিৰ বিষয়ে মানুহক বুজাব লাগিব।
 
আহক আমি সকলোৱে মিলি এই আন্দোলন আৰম্ভ কৰোঁ। অপৰাধ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰি সমাজক এক যোগাত্মক দিশলৈ লৈ যোৱাৰ চেষ্টা কৰোঁ।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)