শিল্পী সমৰ হাজৰিকা আৰু নাই

Story by  atv | Posted by  [email protected] • 11 h ago
শিল্পী সমৰ হাজৰিকা আৰু নাই
শিল্পী সমৰ হাজৰিকা আৰু নাই
 
গুৱাহাটী
 
অসমৰ প্ৰবীণ সংগীত শিল্পী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু নাই। উৰুকাৰ দিনা মঙলবাৰে পুৱা ৮-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
 
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হাজৰিকাই নিজৰাপাৰৰ নিজ বাসগৃহত সংগীতৰ পথাৰ উকা কৰি বিদায় মাগে। কিছুদিন পূৰ্বে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে হাজৰিকাৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থ হোৱাত তেখেতক ঘৰলৈ আহিবলৈ দিয়া হৈছিল।
 
উল্লেখযোগ্য যে, ১৯৬০ চনতে সংগীতৰ যাত্ৰা আৰম্ভ কৰা শিল্পী হাজৰিকাই বোৱাৰী, প্ৰভাতী পখীৰ গান, উপ পথ আদি বহুকেইখন অসমীয়া চিনেমাত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰি অন্য মাত্ৰা প্ৰদান কৰিছিল। একেদৰে তেওঁ ভালেকেইটা একক আৰু দ্বৈত এলবামতো কণ্ঠ দিছিল।
 
তেওঁ কণ্ঠ নিগৰোৱা প্ৰায়কেইটা গানেই শ্ৰোতাৰ মাজত বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেখেত কেৱল গায়কেই নাছিল, তেখেত আছিল এগৰাকী দক্ষ বিচাৰক। অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰিছিল।
 
তাৰোপৰি বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে দায়িত্ব লৈ বহু শিল্পীৰ উত্থানত যোগাইছিল অনন্য বৰঙণি। সংগীতৰ সুৰ- তাল- লয়, শব্দৰ প্ৰক্ষেপণ, উচ্চাৰণ আদিক লৈ যথেষ্ট সজাগ আৰু সচেতন আছিল তেওঁ।
 
ভাৰতীয় খাদ্য নিগমৰো কৰ্মচাৰী আছিল সমৰ হাজৰিকা। এনে এগৰাকী বিশিষ্ট শিল্পীৰ বিয়োগত স্বাভাৱিকতে স্তব্ধ হৈ পৰিছে সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সচেতন লোকসকল। শিল্পীগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব বুলি জানিবলৈ দিয়ে।