সংঘাতত আবদ্ধ হৈ থকা মানুহক একত্ৰিত কৰাৰ ক্ষমতা আছে সংগীতৰঃ শাস্ত্ৰীয় কণ্ঠশিল্পী ধনঞ্জয় কৌল

Story by  atv | Posted by  [email protected] • 2 Months ago
শাস্ত্ৰীয় কণ্ঠশিল্পী ধনঞ্জয় কৌল
শাস্ত্ৰীয় কণ্ঠশিল্পী ধনঞ্জয় কৌল
 
ঘাউছ শিবানী / নতুন দিল্লী
 
সংঘাতত আবদ্ধ হৈ থকা মানুহক একত্ৰিত কৰাৰ ক্ষমতা আছে সংগীতৰ। কাশ্মীৰৰ পৰিস্থিতিত সংগীতে উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, য’ত হিংসা হ্ৰাস পাইছে আৰু স্বাভাৱিক অৱস্থা ক্ৰমান্বয়ে ঘূৰি অহাৰ পিছতো কাশ্মীৰী মুছলমান আৰু হিন্দুৰ মাজত মিলাপ্ৰীতিৰ অভাৱ এতিয়াও দেখিবলৈ পোৱা যায়। তিনি দশক পূৰ্বে হত্যা আৰু হিংসাৰ পৰা হাত সাৰিবলৈ বহু হিন্দুৱে কাশ্মীৰ এৰি পলায়ন কৰিছিল আৰু ইয়াৰে এজন আছিল প্ৰখ্যাত কাশ্মীৰী গায়ক ধনঞ্জয় কৌল।  তেওঁৰ সংগীতানুষ্ঠানে সমগ্ৰ বিশ্বৰ সংগীত মহলত ব্যাপক সমাদৰ লাভ কৰিছে। 
 
 
ধনঞ্জয় কৌলে গজল, চুফী আৰু থুমৰি গায়, আৰু তেওঁৰ সংগীতানুষ্ঠান বিশ্বৰ বিভিন্ন স্থানত অনুষ্ঠিত হয়। তেওঁৰ লগত থকা তবলা শিল্পী নৱাজ ৰছিদ জাফৰো এই বাদ্যযন্ত্ৰবিধৰ বিশেষজ্ঞ। তেওঁ কেইবাখনো সংগীত প্ৰতিষ্ঠানত তবলা শিকায়।
 
অৱশ্যে কৌলৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল এক আঘাতজনক ঘটনাৰ পৰা। ই তেওঁৰ স্মৃতিত এতিয়াও সতেজ হৈ আছে আৰু অহৰহ যন্ত্ৰণাৰ কাৰণ হৈ আহিছে। এয়া আছিল মানসবল হ্ৰদৰ পাৰত অৱস্থিত তেওঁৰ মনোমোহা গাঁও ছাফাপুৰৰ স্মৃতি। সেউজীয়া গছ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা শৃংগৰে আবৃত পাহাৰৰ তলত তেওঁ শৈশৱ কটাইছিল। পৰিৱেশৰ সৌন্দৰ্যতাক আৰু অধিক জোৰদাৰ কৰি তুলিছিল হিন্দু-মুছলমান ভাতৃত্ববোধৰ সুন্দৰ গীতসমূহে।
 
নৱাজ ৰছিদ জাফৰৰ সৈতে ধনঞ্জয় কৌল
 
তেওঁৰ পিতৃ এজন গায়ক আছিল আৰু গাঁৱৰ মুছলমান ল’ৰা-ছোৱালীক সংগীত শিকাইছিল। অভিনেতা-লেখিকা পত্নী অঞ্জলী আদা আৰু তেওঁলোকৰ পুত্ৰৰ সৈতে দিল্লী এনচিআৰ অঞ্চলৰ উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত বাস কৰা ধনঞ্জয় কৌলে কয়, "মই হাইস্কুলৰ পৰীক্ষা সমাপ্ত কৰি ১৯৯০ চনত দিল্লীলৈ আহিছিলো। কিন্তু, কিছুদিন পিছতে পইচা শেষ হোৱাত জম্মুলৈ ঘূৰি যাও। সেই সময়তে আমাৰ ঘৰৰ ওচৰতে এটা বোমা বিস্ফোৰণ হৈছিল আৰু মোক এটা কথাৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। মই পিছত গম পাইছিলোঁ যে মোৰ দেউতাও সন্ত্ৰাসবাদীৰ হিট লিষ্টত আছিল।”
 
নব্বৈৰ দশকৰ আৰম্ভণিতে কাশ্মীৰত সন্ত্ৰাসবাদ সাধাৰণ কথা আছিল। সন্ত্ৰাসবাদী সংগঠনসমূহে বিশিষ্ট কাশ্মীৰী পণ্ডিতসকলক আন্দোলন বিৰোধী (Read terrorism) বুলি ব্ৰেণ্ড কৰি মোহল্লা আৰু গাঁও পৰ্যায়ত তেওঁলোকৰ নামৰ হিট লিষ্ট প্ৰস্তুত কৰিছিল। বেৰ বা বিদ্যুতৰ খুঁটাত এইবোৰ তালিকা আঁৰি থয়, যাতে সকলোৱে সেইবোৰ পঢ়িব পাৰে। তালিকাত সন্নিবিষ্ট কৰা নামবোৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হ'ব পাৰে। ইয়াৰ পিছতে বহুতে কাশ্মীৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। 
 
“মোৰ দেউতাই প্ৰায় ২৫০ জন ছাত্ৰ-ছাত্ৰীক সংগীত শিকাইছিল। তেতিয়া কাশ্মীৰত হিন্দু আৰু মুছলমানৰ মাজত কোনো পাৰ্থক্য নাছিল। আমাৰ গাঁওখনত মাত্ৰ পাঁচটা পণ্ডিত পৰিয়াল আছিল, যাৰ জনসংখ্যা আছিল ১০ হাজাৰৰ পৰা প্ৰায় ১২ হাজাৰ। সন্ন্যাস (বহু হিন্দুৱে তপস্বী জীৱন যাপন কৰিবলৈ লোৱা পৰিত্যাগৰ অৱস্থা)ৰ পৰা উভতি অহা মোৰ দেউতাই আমাৰ পৰিয়ালৰ মালিকানাধীন বিশাল কৃষিভূমিৰ চোৱা-চিতা কৰাৰ দায়িত্ব লৈছিল। ককাৰ মৃত্যুৰ পিছত ৰাইজে মোৰ দেউতাক চৰপঞ্চ নিৰ্বাচিত কৰে আৰু তেওঁ ২০ বছৰ সেই পদত থাকে।”-ধনঞ্জয়ে কয়। 
 
 
স্মৃতি সোঁৱৰণ কৰি ধনঞ্জয় কৌলে কয় যে তেওঁৰ জীৱনৰ সকলো কথাই মানসবল হ্ৰদৰ সৈতে জড়িত হৈ আছিল। “মানসবল পৃথিৱীৰ অন্যতম ধুনীয়া হ্ৰদ। আমাৰ ঘৰত এটা পুথিভৰাল আছিল। ছাত্ৰ-ছাত্ৰীসকলেও আমাৰ ঘৰৰ পুথিভৰাললৈ পঢ়িবলৈ আহিছিল।"- তেওঁ কয়।
তেওঁৰ পিতৃৰ শিষ্য প্ৰায় সকলো মুছলমান আছিল। তেওঁলোকে ধনঞ্জয়ৰ পিতৃক প্ৰায়ে সকীয়াই দিয়ে যে যিহেতু আন গাঁৱৰ সন্ত্ৰাসবাদীয়ে তেওঁৰ গতিবিধি নিৰীক্ষণ কৰিব পাৰে, সেয়েহে তেওঁ ঘৰৰ পৰা ওলাই আহিব নালাগে। 
 
"আমাৰ ঘৰৰ বাউণ্ডেৰী ৱাল ওখ আছিল বাবে সন্ত্ৰাসবাদীয়ে মোৰ দেউতাক চোৰাংচোৱাগিৰি কৰিব পৰা নাছিল। অৱশ্যে এদিন নিশা তেওঁলোকে এটা আইইডি স্থাপন কৰি বিস্ফোৰণ ঘটায়। ভাগ্য ভাল যে বিস্ফোৰণত কাৰো একো ক্ষতি নহ'ল। বিস্ফোৰণৰ সময়ত তাত মোৰ ভাইটি, পেহী , দেউতা, আৰু দেউতাৰ সৰু ভায়েকৰ দৰে আমাৰ ওচৰ চুবুৰীয়া ঘনী শ্বেখ চাহাব আছিল। বিস্ফোৰণৰ সময়ত সকলোৱে বেৰৰ সিটো পাৰে শুই আছিল। বিস্ফোৰণৰ শব্দত সকলো অজ্ঞান হৈ পৰিছিল। এয়া আছিল ১৯৯১ চনৰ ২ এপ্ৰিলৰ কথা। ৩০০ কিলোমিটাৰ দূৰৈৰ জম্মুত মই ৪ এপ্ৰিলৰ বাতৰি কাকতত এই বিষয়ে পঢ়িছিলো।”-ধনঞ্জয়ে কয়।
 
ধনঞ্জয় কৌল
 
তেওঁ কয় যে এই ঘটনাৰ ফলত তেওঁৰ পৰিয়ালৰ সকলোৱে নিজৰ ঘৰ, গাঁও, খেতিপথাৰ আদি এৰি থৈ গৈছিল। তেওঁলোক সোনকালে ঘূৰি আহিব পাৰিব বুলি ভাবিছিল, কিন্তু এতিয়া ৩৩ বছৰ হ’ল আৰু আমি এতিয়াও ঘূৰি অহা নাই।
 
ধনঞ্জয় কৌলে কয় যে তেওঁ জম্মুত পৰিয়ালৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল আৰু পিছত তেওঁলোক দিল্লীলৈ গুচি গৈছিল য’ত স্থানচ্যুত পৰিয়াল হিচাপে জীৱনটো কঠিন আছিল। তেওঁ গান গাবলৈ আৰম্ভ কৰিলে যদিও কোনো প্ৰতিষ্ঠানৰ পৰা সমৰ্থন নাপালে। কিন্তু তেওঁ অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শন, আৰু পঞ্জাব একাডেমী আদিৰ পৰা এচাইনমেণ্ট লাভ কৰিছিল। এজন শিল্পী হিচাপে তেওঁ উন্নতি কৰিছিল।
 
ধনঞ্জয় কৌলে স্মৰণ কৰে, কিদৰে তেওঁক পঞ্জাৱ একাডেমীয়ে চণ্ডীগড়লৈ আমন্ত্ৰণ জনাইছিল আৰু ইণ্ডিয়ান এক্সপ্ৰেছে তেওঁৰ সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল। ধনঞ্জয়ে কয়, “সেয়া এনেকুৱা এটা সময় আছিল, যেতিয়া মই মোৰ সংগীতৰ পৰা উপাৰ্জন কৰিবলগীয়া হৈছিল আৰু লগতে বহুত ৰিৱাজ (ভোকেল কৰ্ড ট্ৰেইনিং) কৰিব লাগিছিল। মোৰ জীৱনৰ পৰিস্থিতি ভাল হ’লে হয়তো মই ৰিৱাজত অধিক সময় কটালোঁহেঁতেন।”
 
তেওঁ মুম্বাইলৈ যাব বিচাৰিছিল, য’ত এজন কণ্ঠশিল্পীয়ে ব্যৱসায়িকভাৱে সফল হ’ব পাৰে। কিন্তু কোনোপধ্যে সেয়া সম্ভৱ হৈ নুঠিল। ধনঞ্জয় কৌলে স্মৰণ কৰে যে এবাৰ তেওঁ অভিনেতা গোবিন্দৰ ঘৰলৈ গৈছিল আৰু অভিনেতাজনৰ ভাতৃ কৃতিয়ে তেওঁক আদৰণি জনাইছিল। গোবিন্দৰ মাকক তেওঁ গুৰু হিচাপে ব্যৱহাৰ কৰিছিল। “তেওঁ মোৰ দেউতাক চিঠিৰ জৰিয়তে চিনি পাইছিল।"
 
ধনঞ্জয় কৌলে কয় যে তেওঁ মুম্বাইত বেছি দিন নাথাকিল। কোনো ফালৰ পৰা কোনো সমৰ্থন নাপাই তেওঁ এদিন পুনৰ দিল্লীলৈ উভতি আহিল। "যোৱা দহ বছৰ ধৰি মই পশ্চিমীয়া দেশৰ বাবেই শিল্পী হিচাপে জীয়াই আছো। আমেৰিকাত কাম পাইছিলোঁ। ভাৰতত গুজৰাটৰ পৰা কাম পাইছিলোঁ, য’ত ২০০৪ চনত এটা কোম্পানীয়ে মোক সমৰ্থন কৰিছিল। আহমেদাবাদৰ কোম্পানীটোৰ মালিকজন আছিল কোটিপতি, তেওঁ মোৰ ভাইটীৰ দৰেই। আৰু তাৰ পিছত মুৰাৰী বাপু জীৰ আশ্ৰমলৈ আহিলোঁ। ২০০৪ চনৰ পিছত মই নিজকে পুনৰ আৱিষ্কাৰ কৰিলোঁ।”
 
কাশ্মীৰৰ পৰা আমেৰিকালৈকে জনপ্ৰিয় শাস্ত্ৰীয় গায়কগৰাকীয়ে কয় যে তেওঁ চুফী গীত গাই ভাল পায় আৰু কাশ্মীৰত এনে গীত অতি জনপ্ৰিয়।পথাৰত কাম কৰা লোকসকলেও নিজৰ কাম ত্যাগ কৰি চুফী গীত শুনিবলৈ আহে। তেওঁ কাশ্মীৰী গীত আৰু গায়ন-বায়নত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ ফলত প্ৰথমতে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল যদিও কিছু দিনৰ পিছত মানুহে তেওঁৰ ধাৰণাটো মানি ল’লে।
 
ধনঞ্জয় কৌলে কয় যে, তেওঁৰ আইতাক গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল আৰু বহু গীতৰ কথা তেওঁ মনত ৰাখিছিল। তেওঁ কাশ্মীৰী কবিতাত বৈপ্লৱিক পৰিৱৰ্তন ঘটোৱা তিনিগৰাকী কাশ্মীৰী মহিলাৰ কথাও উল্লেখ কৰে। প্ৰথমগৰাকী হৈছে লাল্লা দীড়, যাক পণ্ডিত ললেশ্বৰী বা লাল্লা আৰিফা বুলিও কোৱা হয়। তেওঁৰ কবিতাৰ সাৰমৰ্ম আছিল ঈশ্বৰৰ প্ৰেম আৰু জীৱন দৰ্শন। দ্বিতীয়গৰাকী হৈছে হাব্বা খাতুন। এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যা হৈও তেওঁ কাশ্মীৰৰ ৰাণী হোৱাৰ সুযোগ পাইছিল। তৃতীয়গৰাকী হৈছে আৰ্নিমল।
 
কাকতলীয়াভাৱে এই তিনিগৰাকী মহিলাই জীৱনত বহুত দুখ-কষ্টৰ সন্মুখীন হৈছিল যাৰ ফলত তেওঁলোকৰ কবিতা সকলো কাশ্মীৰীৰ বাবে মৰ্মস্পৰ্শী আছিল।
 
কাশ্মীৰৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত মন্তব্য কৰি কৌলে কয় যে পৰিস্থিতি ভালৰ দিশে সলনি হোৱা যেন লাগে, কিন্তু মোৰ বিশ্বাস, শিল্প আৰু সাংস্কৃতিক পুনৰুজ্জীৱনৰ কাম কেৱল শিল্পী, কবি, চুফী, আৰু সন্তসকলৰ দ্বাৰাহে সম্ভৱ। এয়া অতি সহজে কৰিব পাৰি, পদবীত থকা মানুহৰ বাবে তেনেই সহজ কাম। মোৰ গাঁৱত চুফী সাধু ৰহিম চাহাবৰ দৰগাহ আছে। ইয়াৰ সজ্জাদনাহিনে (যত্ন লোৱা ব্যক্তি) মোক দুবছৰ ধৰি কৈ আহিছে যে মই মোৰ ঘৰলৈ উভতি যাব লাগে।”
 
দুবছৰ পূৰ্বে ২০২১ চনৰ জুলাই মাহৰ পিছত তেওঁ নিজৰ জন্ম গাঁওখনত এক সংগীতানুষ্ঠানত অংশ লোৱাৰ কথা আছিল। প্ৰায় ২০ হাজাৰ দৰ্শকে অনুষ্ঠানৰ বাবে টিকট সংগ্ৰহ কৰিছিল। ‘কিন্তু শেষ মুহূৰ্তত অনুষ্ঠানটো কিয় বাতিল কৰা হ’ল, তাৰ কোনো ধাৰণা মোৰ নাই। মানুহে মোক নিজৰ আপোনজনৰ দৰে ভাল পায়। কাৰণ মই এনে এটা পৰিয়ালৰ সন্তান, যাৰ পূৰ্বৰ প্ৰজন্ম গাঁৱত বাস কৰিছিল৷ পথাৰত নাঙল এৰি মানুহে মোৰ গান শুনিবলৈ আহিছিল।”