গুলজাৰৰ গল্প-কথা

Story by  atv | Posted by  Munni Begum • 2 Months ago
কবি-গীতিকাৰ-গল্পকাৰ গুলজাৰ
কবি-গীতিকাৰ-গল্পকাৰ গুলজাৰ
 
  ড° সত্যজিৎ ভূঞা
 
সাহিত্য অকাডেমী, দাদাচাহেব ফাল্কে, পদ্মবিভূষণ, গ্রেমী বঁটা, একাডেমী এৱার্ড সকলো লাভ কৰাৰ পিচত এইবাৰ গুলজাৰে লাভ কৰিলে ভাৰতীয় সাহিত্যত প্রদান কৰা সর্বোচ্চ বঁটা- জ্ঞানপীঠ পুৰস্কাৰ। বঁটাটোৰ বৰ্তমানৰ অৰ্থমূল্য একৈশ লাখ টকা। প্রদান কৰা হয় ভাৰতীয় সাহিত্যৰ স্বনামধন্য ব্যক্তিক। কবি-গীতিকাৰ-গল্পকাৰৰূপে গুলজাৰৰ জনপ্রিয়তা অকল্পনীয়। কিশোৰ-কিশোৰীৰ পৰা বৃদ্ধ-বৃদ্ধালৈ সকলোৱে গুলজাৰৰ কাব্য-গদ্য পঢ়ি অনাবিল আনন্দ লাভ কৰে। কাজেই তেওঁলৈ জ্ঞানপীঠ পুৰস্কাৰ আগবঢ়োৱাৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে সর্বত্র আনন্দৰ জোৱাৰ উঠিছে।
 
কবিৰূপে গুলজাৰে বাজি মাৎ কৰাৰ পিচত মাজে মাজে তেওঁ গল্পতো হাত দিবলৈ ধৰিলে। গল্পকাৰৰূপেও অতি কম সময়তে তেওঁ পাঠকক আপ্লুত কৰিবলৈ ধৰিলে। আৰু তেওঁৰ গদ্যও বিশেষভাৱে পাগত উঠি সকলো শ্ৰেণীৰ পাঠককে বিশেষ সোৱাদ দিবলৈ সক্ষম হ'ল। গুলজাৰৰ পঢ়িবলৈ আৰম্ভ কৰি দেখিলো তেওঁৰ বহুবোৰ গল্প যেন নিজা কবিতাৰেই প্ৰসাৰণ। 
 
তেওঁৰ কবিতাৰ দৰেই গল্পবোৰেও পাঠকক অতীতমুখী কৰিব পাৰে। কৰুণ ৰসত দ্রৱীভূত কৰিব পাৰে। এনেকৈ গুলজাৰৰ গল্পৰ কাহিনী আৰু চৰিত্ৰই পাঠকৰ মনৰ ছোঘৰলৈ সোমোৱাৰ পথ সুগম কৰিব পাৰে। সম্পূর্ণ সিং কালৰা নামৰ লোকজনে এনেদৰে গুলজাৰ নাম লৈ কোটি কোটি গুণমুগ্ধৰ সৃষ্টি কৰি ল'বলৈ সমর্থ হ'ল। 
 
এক অনুষ্ঠানত কবি-গীতিকাৰ-গল্পকাৰ গুলজাৰ
 
চিনাকি ব্যক্তিক কেন্দ্ৰ কৰিও গুলজাৰে অবিস্মৰণীয় গল্পৰ জন্ম দিছে। 'কুলদীপ নায়াৰ আৰু পীৰ চাহাব', 'ভূষণ বনমালী', 'চাহিৰ আৰু যাদু' আদি তেনে এক বিশেষ শ্ৰেণীৰ গল্প। এনেবোৰ গল্পত তেওঁ চিনাকি ব্যক্তি যেনে- কুলদীপ নায়াৰ, জাভেদ আখতাৰ আদিকে চৰিত্ৰ সজাইছে। গল্পৰূপে ইবোৰ হৈ উঠিছে অতিশয় আকর্ষণীয়, ভাবোদ্দীপক আৰু সুখপাঠ্য। 'হাফ এ ৰূপী' শীর্ষক গল্প সংকলনটোত গুলজাৰে এনে ভালেমান সুখপাঠ্য আৰু স্মৰণীয় গল্পৰ সমাবেশ ঘটাইছে। বিচিত্র কাহিনী বর্ণনা কৰাতো গুলজাৰৰ বিৰল দক্ষতা প্রকাশিত হৈছে। 
 
সংকলনটোৰ আন এটা গল্প- 'দা এডজাষ্টমেন্ট'। এহাল ককাক- আইতাকৰ মন চুই যোৱা কাহিনীৰে এই গল্প সমৃদ্ধ। গল্পটোৰ কথকজনৰ আইতাকগৰাকীৰ মৃত্যুৰ পিচত ককাকজনক শ্মশানলৈ নিয়া হোৱা নাছিল। তাৰ কাৰণো আছিল, ককাকৰ ইতিমধ্যে ষ্ট্ৰ'ক হোৱাৰ বাবে অন্যধৰণৰ সমস্যাও হৈছিল। পঞ্চাশ বছৰীয়া যুগ্মজীৱন কটোৱা মানুহহালৰ এজনৰ প্রস্থানৰ পিচতে আনজন মানসিকভাৱে জুৰুলা হৈ পৰিছিল। বিবাহিত জীৱনত তেওঁলোক আছিল অতি সুখী দম্পতী। গল্পৰ কথকৰ দেউতাকে মাকৰ উপস্থিতিতে মাহীমাক এগৰাকী আনি ঘৰ সুমুৱাইছিলহি। মাহীমাকৰো সন্তান জন্ম হৈছিল। মাকে কথকক সাৱটি এই ককাক- আইতাকৰ কাষ চাপিছিল। ককাক-আইতাকে এই শিশুক মৰমেৰে আঁকোৱালি ৰাখিছিল। ককাক-আইতাকৰ সৈতে এই শিশুটোৰ সম্পৰ্কই পৃথক মাত্ৰা ধাৰণ কৰিছিল। 
 
যি কি নহওক, গল্পটোত গুলজাৰে ককাক-আইতাকৰ সম্পর্কটোক অতি সূক্ষ্মভাৱে উপস্থাপন কৰিছে। আইতাকৰ মৃত্যুৰ পিচত ককাকে মাজে মাজে আইতাকৰ দৰে কথা কয়। খোৱা-বোৱাৰ ক্ষেত্ৰত আইতাকৰ পৰামৰ্শৰ কথা বাৰে বাৰে কয়। আনকি ঘটনা এনে পর্যায় পালেগৈ যে ঘৰৰ মানুহে সন্দেহ কৰিবলগীয়া হ'ল- ককাকৰ দেহাটোৰ মাজত আইতাকজনীহে সোমাই আছে নেকি? মানসিক ৰোগৰ বিশেষজ্ঞক কথাটো সুধিবলগীয়া হ'ল। কাৰণ এদিন ককাকক জগাবলৈ গৈ কথকে দেখিলে আইতাকৰ বিছনাতহে ককাক শুই আছিল। আৰু ককাকে পিন্ধি আছিল আইতাকৰ পোছাক। তদুপৰি টোপনিৰ পৰা উঠি কথাও কৈছিল আইতাকৰ মাত অবিকল নকল কৰি!
 
কবি-গীতিকাৰ-গল্পকাৰ গুলজাৰ
 
গুলজাৰৰ আন এটা মর্মস্পর্শী গল্প 'বৰষুণ'। দ্য ৰেইন। মূল চৰিত্ৰ দামু। সেইকেইদিন মুষলধাৰ বৰষুণ। বৰষুণে শ্লাম অঞ্চলত বানপানীৰ সৃষ্টি কৰিছে। দামুৱেও মদ খাই মাতাল হৈছে। মদে দামুৰ পৰিবৰ্তন আনে। বানপানীয়ে স্থানীয় ৰে'লৰ চলাচল বন্ধ কৰি দিয়ে। ৰাজপথত বাহনবোৰ আৱদ্ধ হৈ পৰে। নর্দমাবোৰ উপচি পৰে আৰু ঘৰ-বাৰী সকলো একাকাৰ হৈ পৰে। পানীয়ে বহু সা-সামগ্রী উটুৱাই নিয়ে। কেইবাদিনো হৈ থকা বৰষুণে সকলোকে বিতত কৰা সময়তো দামুৱে মদ খাই থাকে। মাতাল অৱস্থাতে সি বিবাহযোগ্য জীয়ৰীক ধুমধামেৰে বিয়া পাতি দিয়াৰ মিছা প্রতিশ্রুতি দিয়ে। মদৰ নিচাত সি সকলো অসম্ভৱকে সম্ভৱ যেন দেখে। লাহে লাহে পানী আৰু অধিক বাঢ়িছিল। অধিক সম্পদৰ ক্ষতি হৈছিল। ঘৰৰ মানুহৰ বাবে বিপদ বাঢ়িছিল। নর্দমাটোৱে খৰস্রোতা বিপুলা নদীৰ ৰূপ লৈছিল। শিশু এটি উটি গৈ মেনহ'লত সোমাইছিল। দামুৰ জীৱনলৈ অন্ধকাৰ নমাব পৰা ঘটনা ঘটাৰ পৰতো সি মদ খায়েই আছিল।
 
জীৱন কি? সমস্যাবোৰ কেনে? নিচা কৰি সমস্যা পাহৰিব পাৰিনে? সমগ্র গল্পটোৰ মাজত বিয়পি আছে এক কৰুণ কাহিনীৰ পৰিবেশ। জীৱনৰ কঠিনতা। পৰিহাস। মানুহৰ অবোধ্য চাৰিত্রিক বৈশিষ্ট্য আৰু কত কি। ভাষা অতি মর্মস্পর্শী। চিত্রল। কাব্যগন্ধী। গুলজাৰৰ কবিতাৰ প্ৰসাৰণ যেন এইটো গল্পও।
 
পুথিখনত সন্নিৱিষ্ট গুলজাৰৰ গল্পবোৰৰ মাজত সাংঘাতিক বৈপৰীত্য ভৰা ডাঙৰ চৰিত্ৰ যিদৰে নাই, একেদৰে নাই অদ্ভুত কাহিনী সম্ভাৰো। সাধাৰণ মানুহৰ সাধাৰণ কাহিনী। কিন্তু বিধৃত হৈছে অসাধাৰণ ৰূপত। শাৰীবোৰৰ মাজত ভাবক অধিক প্রাধান্য দি তেওঁ গদ্যক লঘু কৰা নাই। বৰ গদ্যক কাব্যগন্ধী কৰি, হৃদয়ভেদী আৰু সহজ কৰি তেওঁ পাঠকৰ মন টানি ধৰিছে। কাহিনী পৰিবেশনৰ অসাধাৰণত্ব বা সাধাৰণ চৰিত্ৰৰ অসাধাৰণ কর্ম-কাণ্ডৰ কাব্যগন্ধী ভাবোদ্দীপক প্রকাশে তেওঁৰ গল্পসমূহক কৰি তুলিছে ৰসোত্তীর্ণ। কবিতাত তেওঁৰ যেনে শব্দৰ যাদু, গল্পতো তেওঁৰ পৰিবেশনৰ অপূর্ব কলা। গদ্যৰো কি এক সন্মোহিনী শক্তি থাকিব পাৰে সেয়া অনায়াসে বুজিব পাৰি গুলজাৰৰ গল্প পাঠ কৰি।
 
গুলজাৰ তেওঁৰ সন্তান আৰু পত্নী ৰাখী গুলজাৰ সৈতে 
 
দেশ বিভাজনে গুলজাৰৰ মননক বিশেষভাৱে চুই গৈছে। তেওঁ নিজে সেই সম্পর্কীয় তেওঁৰ লেখাবোৰক বিশেষ গুৰুত্ব দি আহিছে। গুলজাৰৰ ভিতৰৰ মানুহজনৰ মানসিকতাক বুজি উঠাত সহায় কৰে তেওঁৰ কিছুমান বিশেষ উক্তিয়ে। যেনে- ধৰক, আপোনাৰ ভুলবোৰে বুজাই দিয়ে যে আপুনি চেষ্টা অব্যাহত ৰাখিছে। এখন মেলা নহয়, পঢ়াশালি। সঁচা অর্থতে গুলজাৰে কোৱাৰ দৰেই জীৱনৰ পৰা শিকিবলগীয়া বহুত, অসীম। বা তেওঁ হয়তো কৈছে- পৃথিৱীখনৰ বাবে আপুনি এজন ব্যক্তি। 
 
কিন্তু বিশেষ কেইজনমানৰ কাৰণে আপুনিয়েই পৃথিৱী! এইদৰে তেওঁৰ গল্প, কবিতা, চিনেমা বা গীতেই নহয়, তেওঁৰ চুটি চুটি উদ্ধৃতিবোৰো বিশেষভাৱে স্মৰণীয়, ভাবোদ্দীপক। চিন্তাস্রোত উদ্দাম কৰাত সহায়ক সাক্ষাৎ প্রসংগতো তেওঁ কয়- জীৱনৰ যিকোনো প্রশ্নৰ কাৰণে,  কাংক্ষিত-অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ কাৰণে ব্যক্তি সদায়েই সাজু হৈ থাকিব লাগে। জীৱন অনির্ধাৰিত। সেয়ে জীৱনৰ সৈতে মোকাবিলা কৰি গৈ থকাটোৱেই হয়তো সৃষ্টিশীলতা! 
 
(লেখক অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ বৈদ্যুতিক বিভাগৰ অধ্যাপক)