ভক্তি চালক / পুনে
সম্প্ৰতি সামাজিক মাধ্যমৰ যুগত বহু লোকে জনপ্ৰিয়তা লাভ কৰিছে, যদিও কিছু সংখ্যক লোকে নিজৰ কৰ্মৰ জৰিয়তে মানুহৰ হৃদয় স্পৰ্শ কৰিছে। তেনে এগৰাকী ব্যক্তি হৈছে জনপ্ৰিয় সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি তথা সমাজকৰ্মী হুছেইন মানছুৰী। হুছেইনে শেহতীয়াকৈ পুনেৰ 'প্ৰেৰণা এছ’চিয়েশ্যন ফৰ দ্য ব্লাইণ্ডছ'ৰ সংস্থাৰ কেইগৰাকীমান দৃষ্টিহীনলোকক সাক্ষাৎ কৰিছিল। এই সাক্ষাৎকাৰৰ সময়ত হুছেইনে তেওঁলোকক যি আন্তৰিকতা, মৰম আৰু প্ৰেম প্ৰদৰ্শন কৰিছিল, সেইয়াই বহুতকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
হুছেইন মানছুৰীৰ বহু সংখ্যক গুণমুগ্ধ আছে, যিসকলে তেওঁৰ কামৰ প্ৰশংসা কৰি আহিছে। তেওঁৰ প্ৰচেষ্টাৰদ্বাৰা অনুপ্ৰাণিত হৈ পুনেত অধ্যয়নৰত আশীষ গোৰথকাৰে তেওঁৰ চাৰিজন বন্ধুৰ সৈতে তেওঁক সাক্ষাৎ কৰিবলৈ মুম্বাইলৈ যাত্ৰা কৰিছিল। আৱাজ-দ্য ভইচ' মাৰাঠীৰ সৈতে হোৱা এক বাৰ্তালাপৰ সময়ত আশীষে এই বৈঠকৰ আৱেগিক অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰিছিল।
হুছেইন মানছুৰীয়ে দৃষ্টিহীন ছাত্ৰসকলক সাক্ষাৎ কৰাৰ সময়ৰ কিছু দৃশ্য
আশীষ তুকাৰাম গোৰথকাৰ মূলতঃ নন্দদ জিলাৰ নৈগাঁও তহচিলৰ টেম্বুৰনী গাঁৱৰ বাসিন্দা। তেওঁ বৰ্তমান পুনেৰ এছ পি কলেজত দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে। এই সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি আশীষে কয়, "আমি পাঁচজন বন্ধুই মুম্বাইলৈ কামৰ বাবে গৈছিল আৰু আমি হুছেইন ছাৰৰ সৈতেও সাক্ষাৎ কৰিব বিচাৰিছিলো। মুম্বাইত উপস্থিত হোৱাৰ পাছত আমি অপেক্ষা কক্ষত ৰৈ তেওঁক ফোন কৰিলো। বিশেষ কথাটো হ'ল যে, ফোন কৰাৰ মাত্ৰ ২/৩ মিনিটৰ ভিতৰতে ছাৰে আমাৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিছিল।"
স্নেহ আৰু মৰমেৰে পৰিবেশন কৰা খাদ্য
যেতিয়া হুছেইন মানছুৰী উপস্থিত হৈছিল, তেতিয়া তেওঁ প্ৰথমে সকলোকে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে সুধিছিল। আশীষে ক'লে, "ছাৰে আহি পোৱাৰ লগে লগে তেওঁ আমাৰ সৈতে অতি মৰমেৰে কথা পাতিছিল। যিহেতু আমি তেওঁক লগ কৰিবলৈ বিশেষভাৱে আহিছিলো, সেয়ে তেওঁ অতিশয় আনন্দিত হৈছিল। সভাৰ আৰম্ভণিৰ কিছু সময়ৰ পিছতে মানছুৰী ছাৰে আমাৰ বাবে খাদ্যৰ ব্যৱস্থা কৰি দিছিল। আমি তেওঁক ক'লো যে, আমি ইতিমধ্যে খাই আহিছো, কিন্তু তেওঁ তেতিয়াও আমি খোৱাটোৱে বিচাৰিছিল। তেওঁ আমাৰ বাবে মৰমেৰে খাদ্য অৰ্ডাৰ কৰিছিল।”
তেওঁলোকৰ কথোপকথনৰ সময়ত হুছেইন মানছুৰীয়ে সকলোৰে সমস্যাসমূহ মনোযোগেৰে শুনিছিল। তেওঁ আশীষ আৰু তেওঁৰ বন্ধুসকলৰ সৈতে মুকলিভাৱে কথা পাতিছিল আৰু আশীষৰ অধ্যয়নৰ বিষয়ে আৰু তেওঁ কি কৰি আছে সেই বিষয়ে প্ৰশ্ন কৰিছিল। আশীষে কয়, "আমাৰ মাজত এক সুন্দৰ বাৰ্তালাপ হৈছিল। তেওঁ অতি মুকলিভাৱে কথা কৈছিল। বিদায়ৰ সময়ত তেওঁ আমাক পাঁচজনকে কিছু আৰ্থিক সাহায্যও দিছিল। কেৱল সেয়াই নহয়, যিহেতু আমি অন্ধেৰীলৈ যাবলগীয়া হৈছিল, তেখেতে আমাক নিজে দাদাৰ ষ্টেচনলৈ লৈ গৈছিল আৰু ট্ৰেইনখনত উঠাটো নিশ্চিত কৰিছিল। শেষত তেওঁ মৰমেৰে আমাক কৈছিল যে, মই তোমালোকৰ ডাঙৰ ভাতৃৰ দৰে।"
ৰীলৰ নায়ক নহয়, বৰঞ্চ এজন প্ৰকৃত নায়ক
আজিৰ সামাজিক মাধ্যমৰ যুগত এনে প্ৰভাৱশালী বহু ব্যক্তি আছে যদিও হুছেইন মনছুৰী সঁচাকৈয়ে প্ৰভাৱ বিস্তাৰ কৰা এজন পৃথক ব্যক্তিত্বৰ অধিকাৰী। আজি সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰা হুছেইনক সেৱাৰ দৃঢ় মনোভাৱেৰে প্ৰায়ে মুম্বাইৰ ৰাজপথত দেখা যায়। সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা হুছেইনে হোটেলত বনকৰা লৰা(ওৱেটাৰ) হিচাপে কাম কৰিছিল আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে শিক্ষা সম্পূৰ্ণ কৰিছিল। জীৱনৰ কষ্ট বুজি তেওঁ জাতি, ধৰ্ম বা প্ৰথাৰ বাহিৰেও মানৱতাৰ সেৱা আগবঢ়াই আহিছে।
প্ৰতিনিধিত্বমূলক ছবি
টাটা মেম'ৰিয়েল হাস্পতালত কৰ্কট ৰোগীক আৰ্থিক সাহায্য প্ৰদান কৰাই হওঁক বা ধৰ্মীয় সম্প্ৰীতিৰ প্ৰসাৰৰ বাবে ৰাজপথত উদ্ধাৰ হোৱা দেৱ-দেৱীৰ পৰিত্যক্ত ছবিসমূহ সন্মানসহকাৰে বিসৰ্জন দিয়াই হওঁক, হুছেইনৰ প্ৰতিটো কামেই সংবেদনশীলতা প্ৰতিফলিত কৰি আহিছে। ক'ভিডৰ সময়ছোৱাত তেওঁ প্ৰদান কৰা খাদ্য আৰু চিকিৎসা সাহায্য এতিয়াও বহুতেই মনত ৰাখিছে। এক কোটিতকৈও অধিক লোকে কেৱল বিনোদনৰ বাবেই নহয়, তেওঁৰ চিন্তাধাৰা আৰু মূল্যবোধৰ বাবেও সামাজিক মাধ্যমত তেওঁৰ সৈতে সংযোগ স্থাপন কৰিছে। ভৱিষ্যতে তেওঁ কৰ্কট ৰোগী আৰু দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ বাবে বৃহৎ পৰিসৰত কাম কৰিবৰ বাবে নিজৰ সংগঠন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে।
'প্ৰেৰণা এছ'চিয়েচন ফৰ দ্য ব্লাইণ্ডছ'ৰ বিষয়ে
২০০৩ চনত প্রতিষ্ঠা কৰা হৈছিল প্ৰেৰণা এছ’চিয়েশ্যন ফৰ দ্য ব্লাইণ্ডছ৷ বিগত ২৩ বছৰ ধৰি মহাৰাষ্ট্রৰ বিশেষকৈ পুনে অঞ্চলৰ দৃষ্টিহীন ভাই-ভনীসকলৰ কল্যাণৰ বাবে এই সংস্থাটোৱে কাম কৰি আহিছে৷ সংস্থাটোৰ সম্পাদক সতীশ নাভালে নিজেই উচ্চ শিক্ষিত আৰু দৃষ্টিহীন আৰু তেওঁৰ নিৰ্দেশনাত সংস্থাটোৱে বিশেষভাৱে সক্ষম লোকসকলৰ জীৱনলৈ পোহৰ বিলাই আহিছে।
এই সংস্থাটোৰ এক অন্যতম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সীমান্তত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰা। যোৱা দুটা দশকৰো অধিক সময় ধৰি সংঘৰ দৃষ্টিহীন সদস্যসকলে প্ৰতি বছৰে দীপাৱলীৰ সময়ত সীমান্তত ভাৰতীয় জোৱানসকলৰ ওচৰলৈ গৈ সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা সংগ্ৰহ কৰা দীপাৱলীৰ জলপান (ফৰাল) মৰমেৰে আগবঢ়াই আহিছে। এই কাৰ্যসূচী ছিয়াচেন আৰু অন্যান্য অঞ্চলৰ সীমান্তসমূহতো ৰূপায়ণ কৰা হৈছে। ইয়াৰ উপৰিও সংস্থাটোৱে মহাৰাষ্ট্ৰৰ কাৰাডত এটা বিশেষভাৱে সক্ষম কেন্দ্ৰ চলাই আছে, য’ত দৃষ্টিহীন আৰু বিশেষভাৱে সক্ষম লোকসকলক বিভিন্ন পাঠ্যক্ৰমত বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়, যাতে তেওঁলোকক স্বাৱলম্বী হোৱাত সহায় কৰিব পৰা যায়।