ব্যক্তিগত চিকিৎসালয়ৰ লোভনীয় চাকৰি এৰি দৰিদ্ৰ, আৰ্তজনক চাৰি দশক ধৰি সেৱা আগবঢ়াই আহিছে ডাঃ আব্দুল হেলিম আহমেদে

Story by  atv | Posted by  Munni Begum • 4 Months ago
ডাঃ আব্দুল হেলিম আহমেদ
ডাঃ আব্দুল হেলিম আহমেদ
 
আশ্ৰফুৰ ৰহমান / শিৱসাগৰ
 
উজনিৰ কলা হীৰা খ্যাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এটা তেনেই সাধাৰণ পৰিয়ালৰ এজন যুৱক৷ দুচকুত দিগন্ত স্পৰ্শ কৰাৰ অযুত স্বপ্ন ৷৬০ৰ দশকৰ সময়তে তেতিয়াৰ সীমিত সুবিধা যুক্ত মাৰ্ঘেৰিটা নতুন প্ৰাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে নাম ভৰ্তি কৰা এটি শিশু৷ আন বহু শিশুৰ দৰেই জীৱনৰ আদিপাঠ গ্ৰহণৰ বাবে ঢাপলি মেলা সেই কণমানি শিশুটিয়ে শৈশৱৰ দুষ্টালিৰ মাজতো বিছাৰি ফুৰিছিল এখন অজানা পৃথিৱীৰ কথা৷ 
 
মগজুৰ কোঁহে কোঁহে সোমাই থকা অজানা পৃথিৱীখনৰ ৰহস্যৰ আঁৰৰ কথা জানিবলৈ স্থিৰ কৰিছিল মন৷ সেয়াই হয়তু আছিল শৈশৱৰ সময়ত বুকুত সাৱতি ৰখা এটা হেপাহৰ নাম৷ একাগ্ৰতা, সততা, নিষ্ঠা আৰু লক্ষ্য ভেদৰ স্পৃহাৰ বাবেই সকলো প্ৰতিকূলতাক নেওঁচি অজস্ৰ জনৰ বাবে আশাৰ বন্তি, প্ৰেৰণাৰ প্ৰতীক হোৱা সেই শিশুটোৱে আজি এগৰাকী মানৱ দৰদী চিকিৎসক৷ নাম আব্দুল হেলিম আহমেদ৷
 
মাঘেৰিটাবাসীৰ বাবে তেওঁ আশা আৰু প্ৰেৰণাৰ প্ৰতীক৷ অসহায়-দুৰ্ভগীয়া-দুৰ্গতজনৰ বাবে দেৱদূত স্বৰূপ, যাৰ মুখৰ এষাৰি মৰমসনা মাত আৰু সামান্য স্পৰ্শই মুমৰ্ষ ৰোগীৰ দেহতো সঞ্চাৰিত কৰে প্ৰাণ স্পন্দন৷ সেইগৰাকী মানৱ দৰদী চিকিৎসক আব্দুল হেলিমৰ কাষলৈ ঢাপলি মেলে সীমান্তৱৰ্তী অঞ্চলটোৰ দূৰদূৰণিৰ ৰোগী৷ লক্ষ্য এটাই হেলিম ছাৰৰ এবাৰ সাক্ষাত লাভ কৰা৷ জীৱনত কোনো দিনেই কোনো ৰোগীক অৱজ্ঞা নকৰা চিকিৎসক আব্দুল হেলিম আহমেদৰ বাবে ৰোগীয়েই হ'ল ঈশ্বৰ আৰু ভগৱানৰ প্ৰতীক৷ সেয়ে কোনো দিনেই কৃপণতা নকৰাকৈ সেৱা আগবঢ়াই অহা আব্দুল হেলিম আজি ৬৭ বছৰ বয়সতো দুৰ্দমনীয়৷ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ দৰে এটা চিৰ সেউজ অঞ্চলত সুদীৰ্ঘ ৪৩টা বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে তেওঁ সেৱা আগবঢ়াই আহিছে। 
 
অসমৰ এখন চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হৈ থকা ৰোগী
 
প্ৰচাৰ বিমুখ আৰু নিঃস্বাৰ্থ সেৱাক বিশ্বাস কৰা মানৱ দৰদী সু-চিকিৎসক আব্দুল হেলিম আহমেদে হাজাৰ ব্যস্ততাৰ মাজতো কিঞ্চিত সময় উলিয়াই 'আৱাজ দ্য ভইচ'ৰ সন্মুখত কৈ গৈছিল প্ৰায় ৪ দশক জোৰা কণ্টকময় যাত্ৰাৰ আঁৰৰ কথা৷ মাৰ্ঘেৰিটা নতুন প্ৰাথমিক বিদ্যালয়ত জীৱনৰ আদিপাঠ সাং কৰি তেওঁ মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডাৰী স্কুলত নামভৰ্তি কৰিছিল৷ মাৰ্ঘেৰিটা ১নং লাজুম গাৱৰ বাসিন্দা আব্দুল হালিমে মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিজ্ঞান শাখা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।
 
"ইয়াৰ পিছতেই মই ডিগবৈ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত এটা বছৰ অধ্যয়ন কৰো আৰু ১৯৭৪ চনত উজনিৰ ডিব্ৰুগড়ৰ বৰবাৰীস্থিত জন বেৰী হোৱাইট কলেজ চমুকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এচত নাম ভৰ্তি কৰিছিলো৷ পাঁচটা বছৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি মই ১৯৮০ চনত নাগালেণ্ডৰ ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰায় আঢ়ৈ বছৰ কাল সেৱা আগবঢ়াও। কিন্তু ওপজা ভূমিৰ অসহায় আৰু আৰ্তজনৰ কণ্ঠই মোক হাত বাউলী মাতিছিল," আৱাজ দ্য ভইচৰ সন্মুখত ডাঃ হালিমে এইদৰে কয়। 
 
জন্মভূমিৰ দূৰ্গতজনৰ সেই আহব্বানক উপেক্ষা কৰিব নোৱাৰি তেওঁ ব্যক্তিগত চিকিৎসালয়ৰ লোভনীয় দৰমহাকো প্ৰত্যাখ্যান কৰি ঘুৰি আহিছিল মাৰ্ঘেৰিটালৈ৷ ইয়াৰ পিছতে আৰম্ভ হয় এক নতুন অধ্যায়ৰ৷ ডাঃ আব্দুল হেলিমৰ লক্ষ্য এটাই আছিল সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজক সেৱা কৰা৷ মাৰ্ঘেৰিটা বজাৰ অঞ্চলত এটা সৰু চেম্বাৰ খুলি ৰোগীক জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিয়া চিকিৎসক আব্দুল হেলিম আহমেদৰ বাবে মাননী আছিল গৌণ বিষয়ে, চিকিৎসাহে আছিল তেওঁৰ প্ৰাধান্যৰ বিষয়। 
 
বহু দূৰ্ভগীয়া পৰিয়ালত আশাৰ বন্তি জ্বলাই তুলা আব্দুল হেলিমৰ হাতৰ পৰশত নতুন জীৱন লাভ কৰা হাজাৰ হাজাৰ পৰিয়ালৰ বাবে চিকিৎসক আব্দুল হেলিম আছিল ভগৱানৰ দূত স্বৰূপ৷ চৰকাৰী চিকিৎসক হিচাবে এটা নিদিষ্ট পৰিসৰৰ ভিতৰত আৱদ্ধ নাথাকি বৃহত্তৰ মাৰ্ঘেৰিটাবাসীৰ বাবে কিঞ্চিত সেৱা কৰাৰ মানসেৰে নিজকে উৎসৰ্গা কৰা চিকিৎসকজনে পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটাৰ দৰে এটা পিছপৰা অঞ্চলত ঘৰ ভাড়ালৈ লৈ  আৰম্ভ কৰিলে ১৭ খন বিছনা যুক্ত এখন নাৰ্চিং হোম৷
 
অসম চিকিৎসা মহাবিদ্যালয়
 
দূৰ্ঘটনা জড়িত জৰুৰী সেৱাৰ লগতে আন যি কোনো ৰোগত আক্ৰান্ত ৰোগীক সীমিত সুবিধা আৰু নূন্যতম মাচুলৰ বিনিময়ত উন্নত চিকিৎসা সুবিধা আগবঢ়োৱা আব্দুল হেলিমৰ প্ৰচেষ্টাত গঢ় লৈ উঠা চিৰিছ হস্পিতেল এণ্ড ডায়েগনেষ্টিক চেন্টাৰ। ৰোগীক আতংকিত কৰি তোলাৰ পৰিৱৰ্তে সাহস দিয়া, ৰোগীৰ সমষ্যাৰ সৈতে নিজক একাত্ম কৰি তুলা আব্দুল হেলিমে ৰোগীৰ সুঃস্বাস্থ্যৰ বাবে নিজৰ চিকিৎসা বিজ্ঞানৰ জ্ঞানৰ পৰিসীমাৰে সম্ভৱ হোৱা সকলো খিনি ঢ়ালি দিয়ে৷ ৰোগ উপশম অথবা নিৰাময়ৰ বাবে ধনেই একমাত্ৰ বিকল্প যে নহয় সেইয়া দুৰ্ভগীয়া - অসহায়- দুৰ্গতজনৰ কাষত ঠিয় দি দেখুওৱা সহায় আৰু সহযোগিতাতেই স্পষ্ট হৈ পৰিছে৷ 
 
অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী আৰু একমাত্ৰ অভিযন্ত্ৰা পুত্ৰৰ সৈতে ৬৭ বছৰ বয়সতো ৰোগীৰ মাজত পুৱা ৯ বজাৰ পৰা নিশা ৯-১০ বজা পৰ্য্যন্ত  নিৰলস চিকিৎসা সেৱা আগবঢ়াই অহা আব্দুল হেলিমক 'আৱাজ দ্য ভইচ'ৰ তৰফৰ পৰা  সোধা হৈছিল ৬৭ বছৰ বয়সতো তেওঁ নিজকে কি দৰে সুস্থ কৰি ৰাখিছে৷ এই প্ৰশ্নৰ উত্তৰত চিকিৎসকজনে অকপটে কৈ গ'ল শৰীৰ সুস্থ কৰি ৰখাৰ মূল মন্ত্ৰ৷
 
নিৰন্তৰ ব্যস্ততাৰ ফলত শাৰিৰীক কচৰৎ অথবা ব্যায়ামৰ বাবে বিশেষ সময় উলিয়াব নোৱাৰা ডাঃ আব্দুল হেলিম আহমেদে নম্বৰ ৱান লাজুম গাঁৱৰ বাসগৃহলৈ নিজৰ নাৰ্চিং হোমৰ পৰা নিশা নিয়মিত খোজ কাঢ়ি আহে আৰু নিতৌ সুষম আহাৰ গ্ৰহণ কৰে। শেহতীয়াকৈ নৰ্থ ইষ্ট মিৰৰ ২০২৩ বৰ্ষৰ বিশেষ সেৱা বঁটা লাভ কৰা আব্দুল হেলিম সঁচা অৰ্থত মাৰ্ঘেৰিটাবাসী তথা দুৰ্গত - অসহায়জনৰ বাবে আশা - প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে ৷