পাইলট মিৰ্জা বেইগ আৰু ৰুবী খানৰ মহানুভৱতাঃ সমাজৰ উত্তোৰণৰ বাবে ২০ বছৰ ধৰি একেলগে কাম কৰি থকা এহাল দম্পতী

Story by  atv | Posted by  [email protected] • 2 Months ago
পাইলট মিৰ্জা বেইগ আৰু ৰুবী খান
পাইলট মিৰ্জা বেইগ আৰু ৰুবী খান
 
ফাৰহান ইজৰাইলী/ জয়পুৰ

আমাৰ সমাজত এনেকুৱা বহু লোক আছে, যিয়ে দৰিদ্ৰ আৰু আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহে। পেছাত এগৰাকী এয়াৰলাইন পাইলট কেপ্তেইন মিৰ্জা মহতাছিম বেইগ আৰু তেওঁৰ পত্নী ৰুবী খানো সেইসকল লোকৰ ভিতৰত আছে। তেওঁলোকে সময়ে সময়ে দুখীয়াক সহায় কৰি আহিছে। কোনো দৰিদ্ৰ লোকে যাতে ঠাণ্ডাত কষ্ট নাপায়, তাৰ বাবে বিগত ২০ বছৰ ধৰি তেওঁলোকে সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ আছে।
 
সমাজকৰ্মী দম্পতীহালৰ সৈতে বিতংভাৱে কথা পাতি আৱাজ দ্য ভইচ-এ এই কথা জানিব পাৰে যে তেওঁলোকে ইজনে সিজনৰ সহযোগত সময়ে সময়ে সামাজিক কাম কৰি আহিছে। ৰুবী খান এগৰাকী লেখিকা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। শেহতীয়াকৈ তেওঁ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ৰাজস্থানৰ একমাত্ৰ মুছলমান মহিলা হিচাপে অংশ লয়, যিয়ে ৰাহুল গান্ধীৰ সৈতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি গৈছিল।
 
প্ৰাৰম্ভিক কথা-বতৰাত ৰুবীয়ে কয়, "মই স্কুলীয়া শিক্ষা জয়পুৰৰ এখন বিখ্যাত স্কুল মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লছ স্কুলৰ পৰা গ্ৰহণ কৰিছিলো। পিতৃ হামিদুল্লাহ খানে মোৰ লগতে মোৰ ভগ্নীকো শক্তিশালী কৰিছিল। তেওঁ আমাক নিজৰ পুত্ৰ বুলিয়ে গণ্য কৰিছিল। মোৰ স্কুলীয়া শিক্ষাৰ ভেটি শক্তিশালী আছিল বাবে মই জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই।"
 
 
ৰুবীয়ে কয় যে তেওঁ আৰু তেওঁৰ স্বামীয়ে জয়পুৰৰ বিখ্যাত পৰ্যটনস্থলী জলমহল সাধাৰণ জনতাৰ বাবে মুকলি কৰিবলৈ বহু প্ৰচেষ্টা চলাইছিল। আন বহু সংগঠনেও তেওঁলোকৰ এই যুঁজত যোগ দিছিল। আমাৰ যুঁজখন বহুদিন ধৰি চলি আছিল আৰু আমি নিশ্চিতভাৱে এই যুঁজখনত জয়ী হ’ম বুলি নিশ্চিত আছিলো। (এতিয়া জলমহলৰ গোচৰ আদালতত বিচাৰাধীন হৈ আছে)
 
স্বামী কেপ্তেইন মিৰ্জা বেগক প্ৰশংসা কৰি ৰুবী খানে কয় যে মোৰ দেউতা যেনেকৈ নাৰী সবলীকৰণত গুৰুত্ব দিছিল, ঠিক সেইদৰে আল্লাহে মোক মোৰ স্বামীও দিছে। বিয়াৰ কেইমাহমানৰ পাছত স্বামীৰ সহযোগত মই ২০০৪ চনত মিছেছ জয়পুৰৰ খিতাপ লাভ কৰিলোঁ। এই খিতাপ জয় কৰি মই প্ৰমাণ কৰিলোঁ যে নিজৰ সভ্যতা আৰু সংস্কৃতিক উলংঘা নকৰাকৈও সৌন্দৰ্য খিতাপ লাভ কৰিব পাৰি।
 
ৰুবীয়ে কয় যে ২০০৪ চনৰ পৰা তেওঁ কেৱল জয়পুৰতে নহয়, সমগ্ৰ ভাৰতৰ ভিতৰতে বিবাহৰ পিছত সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথমগৰাকী মুছলমান মহিলা।
 
২০০৬ চনত তেওঁ উইমেন অন হুইলছ গাড়ী প্ৰতিযোগিতাতো জয়লাভ কৰে। লেখাৰ ক্ষেত্ৰতো ৰুবী খানৰ বহু কৃতিত্ব আছে। ২০১৫ চনত তেওঁ “হিন্দু ধৰ্ম ঔৰ ইছলাম, দো আখে নয়ি ৰোশনি এক আয়াম” নামৰ এখন গ্ৰন্থ ৰচনা কৰে। গ্ৰন্থখন উন্মোচন কৰে তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি হামিদ আলী আনছাৰীয়ে।
 
ৰুবীয়ে কয় যে মই মোৰ গুৰু শ্ৰী কে কমল (ৰাজস্থান বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য)ৰ মাৰ্গদৰ্শনত লিখিছিলো। শিশু কবিতাৰ আধাৰত তেওঁ লিখা আন এখন অতি জনপ্ৰিয় শিশু গ্ৰন্থ “জ্ঞান কে বুলবুলে” উন্মোচন কৰে তেতিয়াৰ শিক্ষামন্ত্ৰী (ৰাজস্থান চৰকাৰ) ব্রিজ কিশোৰ শৰ্মাই।
 
 
ৰুবী খানেও আই বি এন ৭ত চিটিজেন জাৰ্ণেলিষ্ট হিচাপেও কাম কৰি আহিছে আৰু তেওঁৰ লেখাসমূহ সময়ে সময়ে বহু বাতৰি কাকতত প্ৰকাশ পায়। তেওঁ ব্লগো লিখে।
 
ৰুবী খানে সামাজিক খণ্ডত কৰা কামসমূহৰ বিষয়ে কয় যে মানুহে নিজৰ সৰু সৰু প্ৰয়োজনৰ বাবে বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয় আৰু আমাৰ সমাজৰ তেনে মানুহখিনিৰ বাবেও আমি কিবা এটা কৰিব লাগে। তাৰ পিছতে আমি সামাজিক কাম-কাজৰ সৈতে জড়িত হ'বলৈ আৰম্ভ কৰিলোঁ।
 
আমি জয়পুৰৰ প্ৰথমটো আধাৰ কাৰ্ড কেম্পৰ আয়োজন কৰিছিলো য'ত হাজাৰ হাজাৰ লোকৰ আধাৰ কাৰ্ড তৈয়াৰ কৰা হৈছিল। শিবিৰৰ সকলো খৰচ আমি নিজেই বহন কৰিছিলোঁ। ইয়াৰ পিছত আমি নেত্ৰ শিবিৰ আয়োজন কৰো, য'ত শ শ লোকে বিনামূলীয়াকৈ চকুৰ ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰে। 
 
দম্পতীহালে যোৱা ২০ বছৰ ধৰি এইদৰে সামাজিক কাম-কাজ কৰি আহিছে। আমি স্বচ্ছতা অভিযানো চলাইছো, য’ত মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, মাদ্ৰাছালৈ ডাষ্টবিন দান কৰা হৈছিল।
 
 
ইফালে, কেপ্তেইন মিৰ্জাই কয় যে সময়ে সময়ে তেওঁ যুৱক-যুৱতীসকলৰ বাবে কেৰিয়াৰ গাইডেন্স কেম্পৰো আয়োজন কৰে, য’ত তেওঁলোকে যুৱক-যুৱতীসকলক সাক্ষাৎকাৰৰ বাবে ক’ত আৰু কেনেকৈ প্ৰস্তুতি চলাব লাগে, খালী পদ ক’ত আছে, কেনেকৈ কৰিব লাগে,  সেই বিষয়ে বিনামূলীয়াকৈ তথ্য প্ৰদান কৰে। 
 
বিগত ২৫ বছৰ ধৰি ৮০ খনতকৈও অধিক দেশত উৰাজাহাজ চলোৱা কেপ্তেইন মিৰ্জা ৰাজস্থানৰ একমাত্ৰ মুছলমান পাইলট আৰু জয়পুৰৰ যুৱক-যুৱতীসকলৰ বাবে তেওঁ হৈছে প্ৰেৰণাৰ উৎস। জয়পুৰৰ যুৱক-যুৱতীসকলে কেৰিয়াৰ গাইডেন্সত তেওঁৰ পৰামৰ্শ ল’বলৈ আহে। শ শ যুৱক-যুৱতীক তেওঁ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে।