তিনি দশক পূৰ্বে সন্ত্ৰাসবাদ জৰ্জৰিত কাশ্মীৰলৈ শান্তি আনিবৰ বাবে নৰেন্দ্ৰ মোদীক কোনে সহায় কৰিছিল?

Story by  atv | Posted by  Munni Begum • 2 Months ago
২০১৯ চনত শ্ৰীনগৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাইছিল মহম্মদ আশ্ৰফ হাজামে
২০১৯ চনত শ্ৰীনগৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাইছিল মহম্মদ আশ্ৰফ হাজামে
 
আহমেদ আলী ফায়াজ / শ্ৰীনগৰ
 
সন্ত্ৰাসবাদীৰ ভাবুকিৰ মাজতে ১৯৯২ চনত গণৰাজ্য দিৱসৰ দিনা শ্ৰীনগৰৰ লাল চ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এবছৰৰ পাছত বিজেপিৰ তদানীন্তন সভাপতি মুৰলী মনোহৰ যোশীৰ সৈতে নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা নোহোৱাকৈ কাশ্মীৰ উপত্যকাৰ চৌদিশ অতিক্ৰম কৰিছিল।
 
তেওঁক আতিথ্য প্ৰদান কৰা আৰু সংগ দিয়া মানুহজন আছিল হাকেৰমুল্লা বুডগামৰ মহম্মদ আশ্ৰফ হাজাম ওৰফে ‘আজাদ’। তেওঁ ২০২৪ চনৰ ৭ মাৰ্চত শ্ৰীনগৰ বিমানবন্দৰত সুদীৰ্ঘ ৩২ বছৰৰ মূৰত নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে সাক্ষাত্‍ কৰে। ২৪ বছৰ বয়সত বিজেপিত যোগদান কৰি এতিয়া কাশ্মীৰৰ সবাতোকৈ জ্যেষ্ঠ বিজেপি কৰ্মী হিচাপে যোগ্যতা অৰ্জন কৰা আজাদে তিনিবাৰকৈ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৯ চনৰ ব্লক উন্নয়ন পৰিষদৰ নিৰ্বাচন আৰু ২০২০ চনৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনতো তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল। কিন্তু তেওঁ সকলো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হৈছে। 
 
বুডগামত বিজেপিৰ জিলা সভাপতি হিচাপেও তেওঁ এটা কাৰ্যকালৰ বাবে দায়িত্ব লাভ কৰিছিল। ৭ মাৰ্চত শ্ৰীনগৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীয়ে অৱতৰণ কৰাৰ লগে লগে তেওঁ আজাদক দীৰ্ঘদিনীয়া বন্ধু বুলি সকলোৰে আগত চিনাকি কৰাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজাদৰ পৰিয়ালৰ খা-খবৰ কৰে আৰু ছৈবাগত তেওঁৰ দায়িত্বত থকা এটা উন্নয়নমূলক প্ৰকল্পৰ বিষয়েও সোধা-পোছা কৰে। ছৈবাগ হৈছে পাকিস্তানস্থিত হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ চালাহুদ্দিনৰ জন্মস্থান।
 
শ্ৰীনগৰৰ বাক্ষী ষ্টেডিয়ামত অনুষ্ঠিত জন সমাৱেশৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে আজাদক কয় যে তেওঁৰ ভাষণ শুনিবলৈ বৃহৎ সংখ্যক কাশ্মীৰী ইয়াত উপস্থিত হৈছে। “আপোনাৰ কঠোৰ পৰিশ্ৰমে অৱশেষত ফল দিছে”, মোদীয়ে স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীক গ্ৰহণ কৰিবলৈ আৰু বিদায় জনাবলৈ উপস্থিত থকা বহু জ্যেষ্ঠ আমোলা আৰু বিষয়াই এই কথাৰ কোনো সম্ভেদ পোৱা নাছিল যে আজাদৰ মোদীৰ সৈতে সু-সম্পৰ্ক আছে।
 
২০২৪ চনৰ ৭ মাৰ্চত শ্ৰীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্ভাষণ জনাইছে মহম্মদ আশ্ৰফ হাজামে
 
জম্মু-কাশ্মীৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বৃহৎ বিস্ফোৰণৰ মাত্ৰ দুদিন পিছতে এম এম যোশী আৰু মোদীয়ে ত্ৰিৰংগ উত্তোলন কৰাৰ সময়ত লাল চ’কত উপস্থিত আছিল আজাদ। বিস্ফোৰণত ৬গৰাকী শীৰ্ষ নিৰাপত্তাৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল। "মোৰ মনত কৌতুহলৰ সৃষ্টি হৈছিল; মই জানিব বিচাৰিছিলো কিয় বিজেপি নেতাসকলে আত্মহত্যাৰ অভিযানত নামিছে। বহু উগ্ৰপন্থী সংগঠনে সেই সময়ত বিজেপি নেতাক হত্যাৰ ভাবুকি দিছিল। শ্ৰীনগৰত গুলী আৰু ৰকেটৰ বৰষুণ হৈছিল। বি এছ এফৰ সুৰক্ষাত ৰাষ্ট্ৰী পতাকা উত্তোলন কৰাৰ পিছত যোশী আৰু মোডীজীয়ে মোৰ লগ ধৰিছিল। মোৰ দৰে স্থানীয় যুৱক এজনে তেওঁলোকৰ কামক লৈ উত্‍সাহিত হোৱাত তেওঁলোক আনন্দিত হৈছিল। মোক চেছমা শ্বাহীৰ নেহৰু গেষ্ট হাউচলৈ লৈ গৈছিল। আমি কাশ্মীৰ উপত্যকাৰ বিচ্ছিন্নতাবাদী আন্দোলন আৰু ৰাজনীতিৰ বিষয়ে দীঘলীয়াকৈ কথা পাতিলোঁ", আজাদে ‘আৱাজ-দ্য ভইচ’ক কয়। 
 
সেই বছৰৰ শেষৰ ফালে যোশী আৰু মোদীয়ে আজাদক দিল্লীলৈ নিমন্ত্ৰণ কৰি অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী, প্ৰমোদ মহাজন, অৰুণ জেটলী, সুষমা স্বৰাজ, চিকন্দৰ বাখতকে ধৰি বহু সংখ্যক বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে চিনাকি কৰাই দিয়ে। এই বৈঠকৰ অধিকাংশই মোদীয়ে আয়োজন কৰিছিল। দলৰ এজেণ্ডাত আপ্লুত হৈ আজাদে বিজেপিত যোগদান কৰে।
 
‘১৯৯৩ চনৰ এপ্ৰিল মাহত শ্ৰীনগৰৰ চৰকাৰী অতিথিশালাত নৰেন্দ্ৰ মোদীয়ে মোৰ বাবে অপেক্ষা কৰি থকাৰ বাৰ্তা পাইছিলোঁ। মই তেওঁক চাবলৈ গ’লোঁ৷ তেওঁ মোক উষ্ম আদৰণি জনাইছিল। তেওঁৰ ‘মিছন কাশ্মীৰ’ মোৰ আগত প্ৰকাশ কৰাৰ পিছত মই তেওঁৰ বাবে টেক্সি ভাড়া কৰি মোৰ গাঁৱলৈ লৈ আহিলোঁ। হিজবুল মুজাহিদীনৰ মুৰব্বী চালাহুদ্দিনৰ ছৈবাগ গাঁৱৰ ওচৰৰ হাকেৰমুল্লাত মোৰ ঘৰত তেওঁ ১০ দিন থাকিল। নিজকে গৱেষক আৰু মানৱ অধিকাৰ কৰ্মী হিচাপে পৰিচয় দিওঁতে কাশ্মীৰৰ উগ্ৰপন্থীৰ মুখ্য কাৰ্যালয় ছৈবাগৰ পৰাই তেওঁ সাধাৰণ মানুহৰ সৈতে যোগাযোগ আৰম্ভ কৰিছিল। সেই সময়খিনি উগ্ৰপন্থীৰ কূটাঘাত চৰম সীমাত আছিল। দিনে-নিশাই যিকোনো সময়তে ৰাস্তাত বন্দুকধাৰী সন্ত্ৰাসবাদী মুকলিকৈ ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছিল।”, আজাদে কয়।
 
আজাদৰ মতে, কাশ্মীৰৰ ছয়খন জিলাৰ প্ৰায় এক ডজন গাঁৱলৈ টেক্সিৰে যাত্ৰা কৰিছিল মোদীয়ে। তেওঁ ৰাইজক তেওঁলোকৰ শিক্ষা, সংস্কৃতি, অৰ্থনীতি, উন্নয়ন, ৰাজনৈতিক আকাংক্ষাৰ বিষয়ে সুধি বিস্তৃত টোকা লিখিছিল। লাল চ'কত ত্ৰিৰংগ উত্তোলন কৰাৰ সময়তে কোনেও তেওঁক বিজেপি-আৰএছএছৰ নেতা বুলি চিনি নাপালে। ইয়াৰ এক দশক পিছত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছতহে তেওঁ সকলোৰে মাজত প্ৰখ্যাত হৈ পৰে।
 
শ্ৰীনগৰৰ লাল চকত নৰেন্দ্ৰ মোডী আৰু মুৰলী মনোহৰ যোশীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ এক মূহুৰ্ত  (ফাইল ফটো)
 
মোদী কাশ্মীৰৰ পৰা ঘূৰি অহাৰ পিছত আজাদে বিজেপি-আৰএছএছৰ নেতৃত্বৰ সৈতে যোগাযোগত থাকি কাশ্মীৰত তেওঁলোকৰ এজেণ্ডা ৰূপায়ণত সহায় কৰে। তেওঁক মৌলানা আজাদ ৰোডৰ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড পাব্লিক এডমিনিষ্ট্ৰেচনত (আইএমপিএ) নিৰাপদ আশ্ৰয় দিয়া হয় আৰু ১৯৯৮ চনলৈকে তেওঁ তাতে থাকে। পিছলৈ তেওঁক ডালগেটৰ এটা কোঠাৰ বাসস্থানলৈ স্থানান্তৰ কৰা হয়। তেওঁৰ পৰিয়ালটো বিভিন্ন ঠাইত থাকিল।
 
এটা সময়ত মোদী থকা আজাদৰ হাকেৰমুল্লাস্থিত বাসগৃহটো ১৯৯৮ চনত উগ্ৰপন্থীয়ে জ্বলাই দিছিল। উগ্ৰপন্থীয়ে ছৈবাগত তেওঁৰ আন দুটা সম্পত্তিও জ্বলাই দিছিল। ‘বছৰ বছৰ পিছত মই মোৰ অঞ্চলৰ সৰপঞ্চ হিচাপে নিৰ্বাচিত হৈছিলো। ছৈবাগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি নিৰ্বাচনৰ সৈতে মানুহক জড়িত কৰিলোঁ। যোৱা সপ্তাহত শ্ৰীনগৰত মোডীজীৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ ইয়াৰ বাসিন্দাসকলে ৮খন বাছত আহিছিল”, আজাদে কয়।
 
‘লাল চ’কত ভাৰতৰ পতাকা উত্তোলন কৰাতকৈ ছৈবাগত ভাৰতীয় পতাকা উত্তোলন কৰাটো অধিক বিপদজনক আছিল। মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ যে মই এতিয়াও জীয়াই আছো”, তেওঁ লগতে কয়। বিগত বছৰসমূহত তেওঁৰ গাঁৱৰ পাঁচজন লোকক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। ৰাজনৈতিক কৰ্মী হিচাপে তেওঁ ছৈবাগৰ বাবে ক্ৰীড়া ষ্টেডিয়াম, ডিগ্ৰী কলেজ, মহকুমা চিকিৎসালয়, আৰক্ষীৰ চকী লাভ কৰে। ইয়াৰ উপৰিও হাকেৰমুল্লাত মিনি ষ্টেডিয়াম আৰু দুখন স্কুল বিল্ডিং নিৰ্মাণৰ আঁৰতো তেওঁ জড়িত আছিল।
 
“এইটো এক অবিশ্বাস্য ৰূপান্তৰৰ যাত্ৰা। ছৈবাগ বছৰ বছৰ ধৰি উগ্ৰপন্থী আৰু বন্দুক সংস্কৃতিৰ নিয়ন্ত্ৰণ কক্ষ আছিল। আজি তাত যুৱক-যুৱতীসকলে নিশা ভাগত আনন্দ মনেৰে ক্ৰিকেট খেলে”, আজাদে কয়। ২০১৯ চনত সংসদত দিয়া ভাষণত মুম্বাইৰ লোকসভাৰ সাংসদ পুনম মহাজনে আজাদৰ কথা উল্লেখ নকৰালৈকে মানুহে আজাদৰ বিষয়ে বিশেষ একো নাজানিছিল।  এইটো কোৱা হয় যে, কাশ্মীৰৰ অস্থিৰতা আৰু অশান্ত পৰিৱেশৰ অন্ত পেলাবলৈ মোদীয়ে গৱেষণাৰ আধাৰত নীৰৱে আৰু কৌশলগতভাৱে কাশ্মীৰত তৃণমূল পৰ্যায়ত কাম কৰিছিল।