মৌৰ ব্যৱসায়েৰে প্ৰধানমন্ত্ৰী মোদীৰ মন জয় কৰা কাশ্মীৰৰ নাজিমৰ বিষয়ে জানো আহক

Story by  atv | Posted by  [email protected] • 2 Months ago
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কাশ্মীৰৰ যুৱ ব্যৱসায়ী নাজিম
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কাশ্মীৰৰ যুৱ ব্যৱসায়ী নাজিম
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নাজিম নামৰ এজন যুৱকৰ সৈতে এখন চেলফি পোষ্ট কৰে আৰু তেওঁক নিজৰ ‘বন্ধু’ বুলি অভিহিত কৰে। নাজিমে প্ৰধানমন্ত্ৰীক নিজৰ কামেৰে আপ্লুত কৰে। ২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে জনসভাৰ সময়ত তেওঁ নাজিমৰ পৰা চেলফিৰ অনুৰোধ লাভ কৰে আৰু তেওঁক লগ পাই অত্যন্ত সুখী হৈছে। তেওঁৰ ভৱিষ্যতৰ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে, নাজিম হৈছে প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰত আঁচনিৰ এগৰাকী হিতাধিকাৰী। তেওঁ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পাইছিল। ভাৱৰ আদান-প্ৰদানৰ সময়ত পুলৱামাৰ নাজিমে মৌৰ ব্যৱসায় কৰা এজন উদ্যোগী হিচাপে তেওঁৰ যাত্ৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত উল্লেখ কৰে। তেওঁ ২০১৮ চনত এই ব্যৱসায় আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ দশম শ্ৰেণীত পঢ়ি আছিল।
 
নাজিমে প্ৰধানমন্ত্ৰী মোদীক কয় যে তেওঁৰ ছাদত মৌমাখিৰ দুটা বাকচ ৰাখিছিল আৰু সকলো তাৰ পৰাই আৰম্ভ হৈছিল। মৌপালনৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়ি অহাৰ লগে লগে তেওঁ এই বিষয়ে অনলাইনত গৱেষণা কৰিবলৈ আৰম্ভ কৰিলে।
‘২০১৯ চনত চৰকাৰৰ ওচৰলৈ গৈ ২৫ বাকচ মৌমাখিৰ বাবে ৫০% ৰাজসাহায্য পাইছিলোঁ। ৭৫ কিলোগ্ৰাম মৌ উলিয়াই আনিলোঁ। গাঁৱে গাঁৱে মৌ বিক্ৰী কৰিবলৈ ধৰিলোঁ আৰু ৬০,০০০ টকা পালোঁ। ২৫টা বাকচৰ পৰা লাহে লাহে ২০০লৈ বৃদ্ধি হ’ল আৰু তাৰ পিছত মই PMEGP (Prime Ministers Employment Generation Programme)ৰ সহায় ল’লোঁ৷ সেই আঁচনিৰ অধীনত মই ৫ লাখ টকা লাভ কৰিছিলো আৰু ২০২০ চনত মই মোৰ ৱেবছাইট আৰম্ভ কৰিছিলো।’-নাজিমে কয়।
 
তেওঁৰ ব্ৰেণ্ডে স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰাৰ পিছত তেওঁ ২০২৩ চনত ৫,০০০ কিলোগ্ৰাম মৌ বিক্ৰী কৰিছিল। এতিয়া তেওঁৰ সৈতে কমেও ১০০ লোকে কাম কৰে আৰু তেওঁৰ কোম্পানীয়েও এফ পি অ’ ((Follow ON Public Offers) পাইছে।
 
মতবিনিময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নাজিমক সোধে যে তেওঁ সৰুতে কি হ’ব বিচাৰিছিল। তেতিয়া নাজিমে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক হয় ডাক্তৰ হওক নহয় অভিযন্তা হোৱাটো বিচাৰিছিল, কিন্তু তেওঁ আন কিবা এটা কৰিব বিচাৰিছিল। "আপোনাৰ পৰিয়ালে আপোনাৰ সম্ভাৱনাক চিনি পাইছিল। আপুনি চিকিৎসক হ'ব পাৰিলেহেঁতেন, কিন্তু আপুনি সেই পথটো গ্ৰহণ কৰা নাছিল। আৰু এই কাম কৰি আপুনি কাশ্মীৰত মধুৰ বিপ্লৱৰ নেতৃত্ব দিছে। আপোনাক বহুত বহুত অভিনন্দন।"
"এয়া সম্পূৰ্ণ নতুন খণ্ড। কাৰণ মৌমাখিয়ে খেতিতো সহায় কৰে। গতিকে আপোনাৰ কামে আন কৃষককো সহায় কৰে।"- প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
 
"প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময়ৰ বাবে মোক বাছি লোৱাৰ বাবে মই সমগ্ৰ প্ৰশাসন ব্যৱস্থাক ধন্যবাদ জনাইছো। যিসকলে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ প্ৰতি মোৰ বাৰ্তা হৈছে সৰুকৈ আৰম্ভ কৰক আৰু একোৱেই আপোনাক বাধা দিব নোৱাৰে। সফলতাৰ কোনো চমু পথ নাই। আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যেতিয়া মই আৰম্ভ কৰিছিলো তেতিয়া মাত্ৰ কেইখনমান আঁচনি আছিল, কিন্তু এতিয়া চৰকাৰৰ পৰা ইমানবোৰ আঁচনি আহিছে।"-নাজিমে কয়।
 
নাজিমে কয়, "প্ৰধানমন্ত্ৰীয়ে মোক মোৰ যাত্ৰাৰ বিষয়ে সুধিছিল, তেওঁ মোক কিছু প্ৰশ্নও সুধিছিল। তাৰ পিছত মই তেওঁক চেলফিৰ বাবে অনুৰোধ কৰিছিলো আৰু সেই মুহূৰ্তটো সঁচাকৈয়ে আনন্দদায়ক আছিল। কাৰণ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে মোৰ সৈতে চেলফি উঠিবলৈ সন্মতি প্ৰকাশ কৰিছিল।"