প'ডকাষ্টৰ আৰম্ভণিতে কোৱা হৈছে যে, "দীন আৰু দুনিয়া" হৈছে আৱাজ-দ্য ভইচৰ এক নতুন আৰু বিশেষ প'ডকাষ্ট। ইয়াত ইছলাম আৰু আধুনিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষাৰ বিষয়ে গুৰুতৰ আৰু সাৰ্থক আলোচনা কৰা হৈছে।
ইয়াৰ প্ৰথম খণ্ডত বিশিষ্ট বুৰঞ্জীবিদ আৰু চিন্তাবিদ ছাকিব ছালিমে 'আৱাজ-দ্য ভইচ'ৰ মুখ্য সম্পাদক আতিৰ খানৰ সৈতে মিলিত হৈ এই অনুষ্ঠানটোৰ মূল ধাৰণা আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিছে। এই কথোপকথনে কেৱল অনুষ্ঠানৰ পটভূমিকে স্পষ্ট নকৰে, বৰঞ্চ শ্ৰোতাক আগন্তুক খণ্ডবোৰত কি কি বিষয় আলোচনা কৰা হ'ব সেই বিষয়েও অৱগত কৰে।
এই প’ডকাষ্টে বিশেষকৈ ভাৰতীয় মুছলমানসকলৰ মাজত ইছলামৰ বিষয়ে প্ৰচলিত বহু ভুল ধাৰণা আৰু সংকীৰ্ণ মনোভাৱ দূৰ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ লক্ষ্য হৈছে মুছলমান সম্প্ৰদায়ক আধুনিক যুগৰ প্ৰত্যাহ্বানসমূহ বুজিবলৈ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ শক্তিশালী কৰা, একে সময়তে তেওঁলোকৰ বিশ্বাসক জীৱনৰ পৰা পৃথক নহয়, জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে চোৱা।
বিশিষ্ট বুৰঞ্জীবিদ আৰু চিন্তাবিদ ছাকিব ছালিম আৰু আৱাজ-দ্য ভইচ'ৰ মুখ্য সম্পাদক আতিৰ খান
"দীন আৰু দুনিয়া"-এ এই কথাত গুৰুত্ব আৰোপ কৰিছে যে, শিক্ষা, আধুনিকতা, বিজ্ঞান, নাৰীৰ অধিকাৰ আৰু সামাজিক প্ৰগতি ইছলামৰ বিৰোধী নহয়, বৰঞ্চ ইয়াৰ মূল বাৰ্তা ন্যায়, মমতা আৰু ভাৰসাম্যৰ সম্প্ৰসাৰণ কৰা।
প্ৰতি সপ্তাহত এই প’ডকাষ্টত ইছলামিক পণ্ডিত, শিক্ষাবিদ, সামাজিক কৰ্মী, আৰু মুছলমান বুদ্ধিজীৱীসকলে অংশগ্ৰহণ কৰিব, যিয়ে আয়োজক ছাকিব ছালিমৰ সৈতে সমসাময়িক বিষয়সমূহৰ ওপৰত মুকলিকৈ আলোচনা কৰিব।
আধুনিক শিক্ষা, নাৰীৰ ভূমিকা আৰু অধিকাৰ, ৰক্ষণশীল চিন্তাধাৰা, সামাজিক পৰিৱৰ্তন, ধৰ্মীয় বুজাবুজি, পৰিচয় আদি বিষয়বোৰ প্ৰধান হ’ব। এই আলোচনা প্ৰচাৰমূলক নহয়, বৰঞ্চ সহজ, যুক্তিসংগত আৰু ব্যৱহাৰিকভাৱে উপস্থাপন কৰা হ’ব, যাতে যুৱক-যুৱতী আৰু সাধাৰণ দৰ্শকে সহজেই ইয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে।
যি সময়ত নেতিবাচকতা আৰু সংঘাতক সংবাদ মাধ্যমৰ মূল বিষয় হিচাপে গণ্য কৰা হৈছে, সেই সময়ত আৱাজ দ্য ভইছে এক পৃথক পথত আগবাঢ়িছে। যি হৈছে ভাৰত আৰু সমগ্ৰ বিশ্বৰ পৰা সহযোগিতা, সহাৱস্থান, আৰু শান্তিপূৰ্ণ জীৱন-যাপনৰ বিষয়ে ইতিবাচক কাহিনী আৰু ধাৰণা কঢ়িয়াই অনা দেশৰ একমাত্ৰ ডিজিটেল নিউজ প্লেটফৰ্ম।
আমি বিশ্বাস কৰো যে বিশ্বাস, জাতি, অঞ্চল, ভাষাৰ সীমা অতিক্ৰম কৰি আমি ভৱিষ্যতৰ বাবে বহু চিন্তা, প্ৰত্যাহ্বান আৰু দৃষ্টিভংগীৰ অংশীদাৰ, আৰু এই উমৈহতীয়া ভিত্তিই সমাজখনক একত্ৰিত কৰাৰ বাবে সৰ্বোচ্চ শক্তি হ’ব পাৰে।