মুন্নী বেগম / গুৱাহাটী
অসমৰ সুৰৰ সাম্ৰাট, ভাৱনাৰ দূত আৰু ভালপোৱা আৰু ঐক্যৰ জ্যোতিৰূপে জনাজাত সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে কেৱল সংগীত জগতকে শূন্য কৰি যোৱা নাই, অসমবাসীৰ হৃদয়ত এক গভীৰ মানৱিক বোধৰ সঞ্চাৰ কৰিছে। তেওঁ যেতিয়া জীৱিত আছিল, তেতিয়াই তেওঁৰ গান, তেওঁৰ কণ্ঠ আৰু তেওঁৰ চিন্তাধাৰাই জনগণক একতাবদ্ধ কৰি ৰাখিছিল। কিন্তু আজি মৃত্যুৰ পিছতো যেন তেওঁ জনজাতি, ধৰ্ম, ভাষা আৰু অঞ্চলক অতিক্ৰম কৰি সমন্বয়ৰ অমূল্য বাৰ্তা দিয়ে গ'ল।
জুবিন গাৰ্গৰ জীৱনৰ পৰিচয় আছিল সৰ্বজনীনতা। তেওঁৰ গান 'বন্ধু মেলি দে তোৰ দুখনি হাত', 'তুমি জানানে'ৰ দৰে অসংখ্য সৃষ্টিয়ে মানুহৰ মাজত মৰম, সপোন আৰু আশা বিতৰণ কৰিছিল। তেওঁ কেতিয়াও সংগীতক কেৱল বিনোদনৰ উপকৰণ বুলি ভবা নাছিল, তেওঁ সংগীতক জনসাধাৰণক একে মঞ্চত অনাৰ এক পবিত্ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল।
এগৰাকী অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধঞ্জলি জনাই কোৰাণ পাঠ কৰিছে
অসমৰ বিভিন্ন সংস্কৃতি, উৎসৱ আৰু লোকাচাৰত জুবিন গাৰ্গ সদায় সাৰথি হৈ থিয় হৈছিল। বীৰ লাচিতৰ পৰা বীৰুদত্তলৈ, ভূপেন হাজৰিকাৰ পৰা তেওঁৰ নিজৰ কণ্ঠলৈ— তেওঁয়ে এক সুদৃঢ় সংযোগ সৃষ্টি কৰিছিল। সংগীতেৰে গঢ়ি তোলা এই সেতুখনেই আজি তেওঁৰ মৃত্যুৰ পিছতো সকলো অসমীয়াৰ হৃদয়ক একত্ৰিত কৰি ৰাখিছে।
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ যেতিয়া সামাজিক মাধ্যমত প্ৰচাৰিত হৈছিল, সেই দিনটোত সমগ্ৰ অসম যেন স্তব্ধ হৈ পৰিছিল। হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, জৈনকে ধৰি সকলো ধৰ্মৰ লোকে ভেদাভেদ পাহৰি একেলগে সমানে অন্তৰেৰে তেওঁক স্মৰণ কৰি উলাই আহিছে। গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও, বৰপেটাকে ধৰি উজনিৰ পৰা নামনিলৈকে সকলো ঠাইতে একে দৃশ্য দেখিবলৈ পোৱা গৈছে।
ধৰ্মৰ পৰিধি অতিক্ৰম কৰি আজান পীৰৰ জিকিৰ 'মোৰ মনত ভেদ ভাই নাই অ আল্লা'ক নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা মহান শিল্পীগৰাকী শ্ৰদ্ধা জনাবলৈ মন্দিৰ-মছজিদ চৌদিশে একগোট হৈছে হাজাৰ হাজাৰ অনুৰাগী। কোনো কোনো ঠাইত যুৱ প্ৰজন্মই শান্তিৰ সমদল উলিয়াইছে, আন কোনো ঠাইত আকৌ মহিলাসকলে একত্ৰিত হৈ শিল্পী গৰাকীৰ আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত অশ্ৰুসিক্ত নয়নেৰে দোৱা কৰিছে।
লাখ লাখ অনুৰাগীয়ে মহানশিল্পী গৰাকীৰ অন্তিমযাত্ৰাত অংশগ্ৰহণ কৰিছে
গুৱাহাটী মহানগৰীও ব্যতিক্ৰম নহয়। গুৱাহাটী মহানগৰীৰ মাজমজিয়াস্থিত ছয়মাইল দাৰান্ধ মছজিদ, ঐতিহ্যমণ্ডিত বুঢ়া জামে মছজিদৰ চৌহদতো দেখা গ'ল শোকাকূল পৰিৱেশ। মৰমৰ শিল্পী গৰাকীক একাঁজলি শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যে দুয়োটা মছজিদৰ বাকৰিতে বাজি উঠিল জুবিনৰ 'মায়াবিনী ৰাতিৰ বুকুত', 'মই মৰিম যিদিনা' আদি অতি জনপ্ৰিয় গীত।
ছয়মাইল দাৰান্ধ মছজিদৰ প্ৰাংগনত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ জ্বলাই, পুষ্পাঞ্জলি অৰ্পন কৰে মুছমান সমাজে। ইয়াৰোপৰি মছজিদৰ ভিতৰত হিয়াৰ আমঠুগৰাকীৰ আত্মাৰ শান্তিৰ বাবে সমূহীয়া দোৱাও কৰা হয় বুলি মছজিদ কমিটীৰ সম্পাদক ৰেকিব আহমেদে জানিবলৈ দিয়ে।
এয়া কেৱল সংগীতশিল্পীৰ প্ৰতি ভালপোৱা নহয়, এয়া অসমীয়াৰ সমাজত নিহিত হৈ থকা শক্তিশালী সমন্বয়ৰ এক জীৱন্ত দলিল। আজি জুবিনৰ সুৰ আজি স্তব্ধ হৈ গ’ল কিন্তু তেওঁ মৃত্যুৰ পিছতো আমাক শিকাই গ'ল যে, "মৰমেই হ'ল সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম"।
প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে ছয়মাইল দাৰান্ধ মছজিদ সমাজে
তেওঁৰ প্ৰেমৰ গানসমূহে প্ৰেমক কেতিয়াও সীমিত কৰি ৰাখি নাছিল। তেওঁ যি গীত গাইছিল, সেই গীতত কোনো ধৰ্মীয় বিভাজন নাছিল। 'কাৰোবাৰ মৰম পাই যাবা নেকি মোক পাহৰি', 'প্ৰেম কোনো স্বপ্ন নহয়' আদি গীতে সকলোকে নিজৰ প্ৰেমৰ কথাই অনুভৱ কৰোৱাইছিল। সেইজন জুবিন গাৰ্গ মৃত্যুৰ পিছতো আজি সকলোৰে মাজত, সকলোৰে অন্তৰত যেন এক অভিন্ন প্ৰেমৰ দূতৰূপে উজ্জ্বল হৈ আছে।
নতুন প্ৰজন্মৰ কণ্ঠশিল্পী আৰু শিল্পসকলে জুবিন গাৰ্গৰ যাত্ৰাৰ পৰা শিকিবলৈ বহু বিষয়ে পাব। তেওঁ জনসাধাৰণৰ সুখ-দুখ, প্ৰেম-ভালপোৱা, সামাজিক সমস্যা সকলোবোৰকে নিজৰ গীতত স্থান দিছিল। এই ধৰণৰ সামাজিক দায়বদ্ধতা শিল্পীৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ, মহান শিল্পী গৰাকীকে সকলোৱে দেখুৱাই থৈ গ'ল।
জুবিন গাৰ্গৰ মৃত্যুৱে এক গভীৰ শূণ্যতা সৃষ্টি কৰিছে বুলিও কোৱা হয়, যদিও তেওঁৰ সুৰ, তেওঁৰ বাৰ্তা আৰু তেওঁৰ আদৰ্শই এই শূণ্যতাক পূৰ্ণ কৰি তুলিব। তেওঁ গ'ল, কিন্তু তেওঁ সংগীতেৰে গঢ়ি তোলা ঐক্যৰ মঞ্চ চিৰদিন অটুট হৈ থাকিব। অসমবাসীয়ে আজি উপলব্ধি কৰিছে, "জুবিন কেৱল এগৰাকী গায়ক নাছিল, জুবিন আছিল অসমৰ হিয়াৰ আমাঠু"।
প্ৰাণৰ শিল্পীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি দিছে অনুৰাগীয়ে
মানৱ জীৱনৰ অন্ত হোৱাটো এক অনিবাৰ্য সত্য। কিন্তু কিছুমান মানুহ মৃত্যুৰ পিছতো অমৰ হৈ থাকে। জুবিন গাৰ্গ সেইজন ব্যক্তিত্ব, যিজন শিল্পী, নাগৰিক আৰু প্ৰেমৰ দূত হিচাপে সকলোৰে মাজত যুগে যুগে স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুৱে অসমবাসীক শিকাই গ'ল যে, ধৰ্ম, জাতি, ভাষাৰ উৰ্দ্ধত মানৱতা।
তেওঁৰ সুৰত, তেওঁৰ মৰমত আৰু তেওঁৰ সমন্বয়ৰ বাণীৰে পুনৰ এখন নতুন অসম গঢ়ি উঠিব বুলি আশা কৰিব পাৰি। আজি জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু তেওঁৰ কণ্ঠ, সপোন আৰু মৰম সদায় অসমবাসীৰ হৃদয়ৰ মাজত গুঞ্জৰিত হৈ থাকিব।