মহাকাশত ইতিহাস ৰচা চন্দ্ৰযান-৩ৰ সৈতে কিদৰে জড়িত হৈছিল অসমৰ নাজনিন ইয়াছমিন-বাহাৰুল ইছলাম বৰভূঞা ?

Story by  atv | Posted by  [email protected] • 11 Months ago
নাজনিন ইয়াছমিন-বাহাৰুল ইছলাম বৰভূঞা
নাজনিন ইয়াছমিন-বাহাৰুল ইছলাম বৰভূঞা
 
নাজিম আহমেদ / নগাঁও, শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি

এক দীৰ্ঘদিনীয়া চৰম উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত বুধবাৰে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান -৩ৰ সফল অৱতৰণৰ গৌৰৱময় ক্ষণৰ সাক্ষী হৈ ৰ'ল দেশৰ কোটি কোটি জনতা। সমগ্ৰ বিশ্বৰ সন্মুখত দেশৰ গৰিমা বৃদ্ধি কৰা এই চন্দ্ৰযান-৩ অভিযানৰ আঁৰত আছিল প্ৰায় সহস্ৰাধিক বিজ্ঞানী আৰু কৰ্মচাৰীৰ অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ।

দেশ-বিদেশৰ সহস্ৰাধিক বিজ্ঞানী আৰু কৰ্মচাৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত সফল হৈ উঠা চন্দ্ৰযান-৩ৰ সৈতে জড়িত হোৱাৰ গৌৰৱ অৰ্জন কৰিছে অসমৰো কেইবাগৰাকীও বিজ্ঞানী। তেওঁলোকৰ ভিতৰত অন্যতম হৈছে নগাঁওৰ নাজনিন ইয়াছমিন আৰু হাইলাকান্দিৰ ডঃ বাহাৰুল ইছলাম বৰভূঞা।

নগাঁৱৰ সুযোগ্য জীয়ৰী তথা যুৱ বিজ্ঞানী নাজনিন ইয়াছমিন চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ থকাৰ খবৰে নগাঁওবাসীক গৌৰৱান্বিত কৰি তুলিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোত কৰ্মৰত এই যুৱ বিজ্ঞানী গৰাকী চাকৰিত যোগদান কৰিয়েই বিগত প্ৰায় ডেৰ বছৰে মুলতঃ  লাঞ্চিং বিভাগৰ ৰাডাৰ ট্ৰেকিঙৰ কামৰ সৈতে জড়িত হৈ আছিল। তেওঁ চন্দ্ৰযান -৩ৰ কামৰ সৈতে বিজ্ঞানীৰ দলটোৰ সৈতে সুদীৰ্ঘদিন জড়িত হৈ নিষ্ঠাৰে কাৰ্য সম্পাদন কৰি আহিছিল। 

কিন্তু ইয়াৰ মাজতে বিগত প্ৰায় ছয়মাহ পূৰ্বে তেওঁ এটি সন্তান প্ৰসৱ কৰা হেতুকে ছুটীত ঘৰলৈ আহিবলৈ বাধ্য হয়। অৱশ্যে ইয়াৰ মাজতে পানী কেঁচুৱাটিক লগত লৈ তেওঁ কৰ্মক্ষেত্ৰলৈ দুবাৰকৈ যাব লগীয়া হৈছিল। স্মৰ্তব্য যে, নগাঁও জিলাৰ  অতি ভিতৰুৱা অঞ্চল জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ নিবাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী নাজনিন ইয়াচমিনে অন্ধ্ৰপ্ৰদেশৰ স্বাৰ শ্ৰীহৰিকোঠাস্থ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানী হিচাপে নিযুক্তি পত্ৰ লাভ কৰিছিল বিগত ২০২০ চনৰ ৩০ ডিচেম্বৰত। 
 
 
শিক্ষাৰ ক্ষেত্ৰত সৰুৰে পৰা অতি আগ্ৰহ আৰু একাগ্ৰতা থকা নাজনিন ইয়াচমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি স্থানীয় কদমনি টাউন হাইস্কুলৰ পৰা ২০০৭ চনত মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁও চহৰৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান আলফাবিটা চাইন্স জুনিয়ৰ কলেজৰ পৰা ২০০৯ চনত বিজ্ঞান শাখাত কেবাটাও বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পিছত গুৱাহাটীৰ নিটজ মিৰ্জা কলেজৰ পৰা ২০১৩ চনত ইলেকট্ৰনিক বিষয়ত বিটেক আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এমটেক ডিগ্ৰী লাভ কৰে। 
 
বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰাল ভাবে তেওঁ ২০১৮ চনতে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিৰ্চাচ ফেলশ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ২০২০ বৰ্ষতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো চেন্ট্ৰেলাইষ্ট ৰিকুইটমেন্ট বৰ্ড (ISRO Centralised Recruitment Board)ৰ দ্বাৰা অনুষ্ঠিত অতিকৈ কঠিন বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ নাজনিন ইয়াছমিনে সেই বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছিল। 
সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা ইয়াচমিনে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাই বহু অনুপ্ৰেৰণা যোগাইছিল বুলি বিজ্ঞানী গৰাকীয়ে জানিবলৈ দিছে। তেওঁ নৱ প্ৰজন্মক নিজকে দুৰ্বল বুলি নাভাৱি অধ্যাৱসায়ৰ জৰিয়তে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত স্থান লাভৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়। 
 
এই প্ৰসংগত মিচাইল মেন হিচাপে পৰিচিত প্ৰাক্তন ৰাষ্ট্ৰপতি ড:এ পি জে আবুল কালামো এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ লোক আছিল বুলি উল্লেখ কৰি তেওঁৰ কৰ্ম‌ই বহু পৰিমাণে প্ৰেৰণা যোগাইছিল বুলি পৰিয়ালৰ এক সুত্ৰেযোগে সদৰী কৰিছে। অসমখনক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই নিবলৈ নিজৰ কৰ্ম ক্ষেত্ৰৰ জৰিয়তে কিছু কাম কৰা আগ্ৰহো প্ৰকাশ কৰিছে নাজনিনে। তেওঁ ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাত কাম কৰাৰ মন আছে।
 
হাইলাকান্দিৰ ডঃ বাহাৰুল ইছলাম বৰভূঞাৰ সফলতাৰ যাত্ৰাঃ
 
নিষ্ঠা আৰু কৰ্ম দক্ষতাৰ ওপৰত ভিত্তি কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গ'লে যে এদিন সপোন বাস্তৱায়িত হয়, তাৰ প্ৰমাণ দাঙি ধৰিছে হাইলাকান্দিৰ ডঃ বাহাৰুল ইছলাম বৰভূঞাই। ৪৫ বছৰীয়া বাহাৰুল ইছলামৰ ঘৰ হাইলাকান্দি চহৰৰ পৰা প্ৰায় ৫ কি মি নিলগত সৈয়দবন্দ দ্বিতীয় খণ্ড গাওঁত। তেওঁকলৈ এতিয়া সমগ্ৰ হাইলাকান্দি জিলাবাসী গৰ্বিত আৰু আনন্দিত। 
 
বুধবাৰে সন্ধিয়া ভাৰতৰ চন্দ্ৰায়ন-৩ মহাকাশযানে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি থৈ ইতিহাস সৃষ্টি কৰাৰ পিছত বাহাৰুল ইছলামৰ নামটো চৰ্চালৈ আহিছে। কাৰণ তেওঁ ইছৰৰ এজন বিশিষ্ট বিজ্ঞানী। চন্দ্রায়ন-৩ৰ সফলতাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেঁৱো অন্যতম। 
 
বাঙ্গালুৰুত অৱস্থিত ইছৰোৰ মুখ্য কাৰ্য্যালয়ৰ পৰা বাহাৰুল ইছলামে 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত কয় যে বিশ্বৰ মহাকাশ জগতত অভিলেখ সৃষ্টি কৰা এটা ঐতিহাসিক কামত নিজকে জড়িত কৰিবলৈ পাই তেওঁ গৌৰৱ অনুভৱ কৰিছে। বিজ্ঞানীগৰাকীয়ে কয় যে মহাকাশৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ সকলো সময়তে এটা আকৰ্ষণ থাকে আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে বিক্ৰমৰ অৱতৰণৰ পিছত মহাকাশ বিজ্ঞানক লৈ চৰ্চা কৰাৰ প্ৰৱণতা আৰু বাঢ়িব। ই মহাকাশ বিজ্ঞানীসকলক অধিক উৎসাহ যোগাব। 
 
নিজৰ গাওঁত থকা চৈয়দবন্দ এল পি স্কুলত প্ৰাথমিক শিক্ষা সম্পন্ন কৰি তেওঁ হাইলাকান্দি চহৰৰ চৰকাৰী ভি এম এইচ এছ স্কুলত মেট্ৰিক পাছ কৰিছিল। ইয়াৰ পিছত এছ এছ কলেজৰ পৰা বি এছ চি পাছ কৰি বাহাৰুল ইছলামে আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা অংকত মাষ্টাৰছ কৰি গুজৰাট বিশ্ববিদ্যালয়ত পি এইচ ডি লাভ কৰি ২০০৭ চনত ইছৰোত চাকৰি লাভ কৰে। আৰু তাৰ পৰাই তেওঁ সফলতাৰে কাম কৰি এনে এটা পৰ্যায়ত উপনীত হৈছে।
 
মাক-দেউতা দুয়ো গৰাকী শিক্ষক আছিল বাবে বাহাৰুলে সৰুৰে পৰা ঘৰত এটা শিক্ষাৰ পৰিবেশ লাভ কৰিছিল। পিতৃ মইনুল হক বৰভূঁঞাৰ বিয়োগ ঘটিছে। মাতৃ ৰেহানাৰ যথেষ্ট বয়স হৈছে যদিও পুত্ৰৰ সাফল্যক লৈ তেওঁ উৎফুল্লিত হৈ পৰিছে। শেহতীয়াকৈ তেওঁৰ চকুৰ কেটাৰেক্ট অপেৰেশন হৈছে। 
 
বাহাৰুলৰ ভাতৃ এনামূল হকে কয়," "এই মুহূৰ্তত আনন্দ প্ৰকাশৰ ভাষা নাই, এনে এটা সাফল্যৰ দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ, বুধবাৰৰ পৰা মানুহে ফোন কৰি আছে, সৰু ল'ৰা-ছোৱালীসকলে বাহাৰুলক এবাৰ নিজ চকুৰে চাবলৈ আৰু তেওঁৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে"।