৭ জুনত ভাৰতত পালন কৰা হব বকৰী-ঈদ

Story by  atv | Posted by  Munni Begum • 1 d ago
ছৌদি আৰব কৰ্তৃপক্ষই প্ৰকাশ কৰিছে জোনৰ ছবি
ছৌদি আৰব কৰ্তৃপক্ষই প্ৰকাশ কৰিছে জোনৰ ছবি
 
নতুন দিল্লী
 
ইছলামৰ অন্যতম পবিত্ৰ মাহ ধুল-হিজ্জা (জিল-হিজ্জা)ৰ জোন চৌদি আৰৱত মঙলবাৰে সন্ধিয়া দেখা যায়। জোন দেখা মাত্ৰকে ২০২৫ চনৰ হজযাত্ৰা আৰু ঈদ-আল-আজহাৰ আনুষ্ঠানিক তাৰিখ নিশ্চিত কৰা হয়। 
 
ছৌদি আৰৱৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে যে, ২৮ মে’ বুধবাৰৰ পৰা হিজৰীৰ শেষ মাহৰ ধুল-হিজ্জা আৰম্ভ হ’ব। এই ঘোষণা অনুসৰি ভাৰত আৰু দক্ষিণ এছিয়া অঞ্চলত ৭ জুন শনিবাৰে বকৰী-ঈদ নামেৰেও জনাজাত ঈদ আল আজহাৰ উৎসৱ পালন কৰা হব। 
 
এই উৎসৱত আল্লাহৰ নিৰ্দেশত পুত্ৰক কোৰবাণী কৰাৰ উদ্দেশ্যেৰে হজৰত ইব্ৰাহীমৰ পশু কোৰবাণী দিয়াৰ পৰম্পৰাক স্মৰণ কৰা হয়। এই উৎসৱত জীৱ-জন্তু কোৰবাণী দিয়া হয় আৰু আৰ্তজনৰ মাজত  মাংস বিতৰণ কৰা হয়।  
 
ছৌদি আৰব, ইউ এ ই, কাটাৰ, ওমান আৰু পশ্চিম এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বেছিভাগ দেশেই ৬ জুন শুকুৰবাৰে আৰু ভাৰত, পাকিস্তান, মালয়েছিয়া আৰু ব্ৰুনাইত ৭ জুন শনিবাৰে বকৰী-ঈদ উদযাপন কৰিব।  
 
এই অনুসৰি ৫ জুন (বৃহস্পতিবাৰ) আৰাফাত দিন পালন কৰাৰ বিপৰীতে ৬ জুন (শুকুৰবাৰ)ত ঈদ-আল-আজহা উদযাপন কৰা হ’ব। ভাৰতত অহা ৭ জুনত উদযাপন কৰা হ’ব বকৰী-ঈদ।   
 
ধুল-হিজ্জাৰ ৮ তাৰিখৰ পৰা হজ আৰম্ভ হয়, যেতিয়া হাজাৰ হাজাৰ হজযাত্ৰী মিনা চহৰৰ তম্বুসমূহৰ অভিমুখে ৰাওনা হয়। এই হজযাত্ৰাৰ সূচী ক্ৰমে :
 
৪ জুন (বুধবাৰ): হজযাত্ৰীসকলে মিনা অভিমুখে ৰাওনা হ’ব।
 
৫ জুন (বৃহস্পতিবাৰ): আৰাফাতৰ দিন পালন কৰিব। যি হৈছে হজৰ আটাইতকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ দিন।
 
৬ জুন (শুকুৰবাৰ): ঈদ-আল-আজহা আৰু কোৰবাণী দিয়া হব। 
 
আবুধাবিস্থিত আল খাতম জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰই দিনৰ ভাগত জোনৰ বিৰল ছবি তুলিবলৈ সফল হয়। ইউ এ ই আৰু চৌদি আৰবত ইতিমধ্যে বিশেষ টেলিস্কোপৰ সহায়ত জোন চোৱাৰ প্ৰস্তুতি কৰা হৈছিল। 
 
ইফালে পাকিস্তানৰ মহাকাশ সংস্থা SUPARCO য়ে কয় যে, বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খালী চকুৰে আকাশত জোন দেখা পোৱাটো অতি কঠিন।