পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি মৃত্যুৰ পিছত মৃতদেহ আৰু অংগ দান কৰিবলৈ সাজু মুছলমান দম্পতীৰ কন্যা

Story by  Daulat Rahman | Posted by  Munni Begum • 11 Months ago
মুছফিকা চুলতানা আৰু আফতাব আহমেদৰ প্ৰতিচ্ছবি
মুছফিকা চুলতানা আৰু আফতাব আহমেদৰ প্ৰতিচ্ছবি
 
দৌলত ৰহমান/গুৱাহাটী
 
চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা আৰু অধ্যয়নৰ অগ্ৰগতিৰ বাবে মৃত্যুৰ পিছত মৃতদেহ দান কৰা দেশৰ প্ৰথম মুছলমান দম্পতী হিচাপে চিহ্নিত হৈছিল অসমৰ আফতাব আহমেদ আৰু মুছফিকা চুলতানা। ধৰ্মীয় বিশ্বাস আৰু আগ্ৰহৰ অভাৱৰ বাবে মুছলমান সমাজত শৰীৰ আৰু অংগদানৰ বিষয়ে সজাগতা এতিয়াও যথেষ্ট কম হৈ থকাৰ সময়তো দম্পতীহালে মৃত্যুৰ পিছত মৃতদেহ দান কৰা কাৰ্য্যক সমাজৰ সকলো স্তৰৰ লোকে প্ৰশংসা কৰা দেখা গৈছিল। 
 
আফতাব আহমেদ আৰু মুছফিকা চুলতানা নামৰ মৃত দম্পতীহালৰ কন্যা লুবনা শ্বাহিনে এতিয়া পিতৃ-মাতৃৰ উত্তৰাধিকাৰক আগুৱাই নিবলৈ সংকল্পবদ্ধ হৈছে, যদিও একাংশ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে ধৰ্মীয় বিষয়ৰ কথা দোহাই দি তেওঁক এই কাৰ্যত বাধা দিছে।
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথা-বতৰাত লুবনা শ্বাহিনে কয় যে তেওঁ অতি সৌভাগ্যৱান যে তেওঁ এটা প্ৰগতিশীল মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হৈছে। ইছলাম ধৰ্মত বিশ্বাসী হ'লেও তেওঁলোকে ধৰ্মীয় গোঢ়ামিক প্ৰশ্ৰয় দিয়া নাছিল আৰু যুক্তি সহকাৰে প্ৰতিটো দিশ বিবেচনা কৰিছিল। 
 
মুছফিকা চুলতানা তেওঁৰ জীয়ৰী লুবনা আৰু নিননৰ সৈতে (ছবি: পাৰিয়ালৰ এলবাম)
 
"মোৰ মা-দেউতা দুয়োজনে বিভিন্ন ধৰণে মানুহৰ সেৱা কৰি জীৱনটো কটালে আৰু মৃত্যুৰ পিছতো তেওঁলোকে নিজৰ শৰীৰ আৰু চকু দান কৰি গৈছে। মানৱসেৱাৰ প্ৰতি তেওঁলোকৰ এই দৃষ্টিভংগীৰ বাবেই সেই সিদ্ধান্ত লৈছিল। কেন্সাৰত আক্ৰান্ত নহ’লে তেওঁলোকে নিজৰ অংগ দান কৰিব পাৰিলেহেঁতেন, তথাপি তেওঁলোকে যিমান পাৰে সিমান ভাল কাম কৰিলে। কলেজত পঢ়ি থাকোঁতে মই ৰক্তদান শিবিৰত অংশ লৈছিলো আৰু যেতিয়া মই পিতৃ-মাতৃক এই বিষয়ে ক’লোঁ, তেতিয়া তেওঁলোকে মোক পুনৰ ৰক্তদান কৰিবলৈ উৎসাহিত কৰিছিল। যদিও মই এতিয়াও আনুষ্ঠানিকভাৱে অংগ বা শৰীৰ দানৰ বাবে চুক্তিবদ্ধ হোৱা নাই, তথাপিও মই অতি সোনকালে সেয়া কৰাৰ পৰিকল্পনা কৰিছো।"-লুবনা শ্বাহিনে কয়। 
 
উল্লেখ্য যে, মুছলমান সম্প্ৰদায়ৰ হোৱাৰ বাবে লুবনা শ্বাহীন আৰু তেওঁৰ জেষ্ঠ ভগ্নী নিনন শ্বেনাজে পিতৃ-মাতৃৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল (জি এম চি এইচ)ক গতাই দিয়াটো সহজ নাছিল। 
 
২০২২ চনত মৰাণ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ লগতে পৰিয়াল তথা বন্ধুবৰ্গই মুছফিকা চুলতানাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক মূহুৰ্ত
 
"যিদিনা মোৰ দেউতাৰ মৃতদেহ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, সেইদিনা বহুত মানুহে আমাক ইয়াৰ পৰিৱৰ্তে তেওঁৰ মৃতদেহ কবৰ দিয়াটো উচিত বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। যি কি নহওঁক মোৰ দেউতাই এই বাধাৰ কথা আগতেই অনুমান কৰিছিল আৰু সেয়ে নিজৰ সিদ্ধান্ত স্পষ্ট কৰি দিয়া এখন ইচ্ছা পত্ৰ এৰি থৈ গৈছিল। মাৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা কোনো আগতীয়া প্ৰতিৰোধৰ কথা সন্মুখলৈ অহা নাছিল, আৰু তেওঁ আমাক মৌখিকভাৱেই নিজৰ মনৰ ইচ্ছাৰ কথা কৈছিল। তথাপিও মই মুছলমান পৰিয়ালৰ বন্ধু-বান্ধৱীৰ পৰামৰ্শ প্ৰতিহত কৰিবলগীয়া হৈছিল, যিয়ে মোক ফোন কৰি মাৰ সিদ্ধান্ত সলনি কৰিবলৈ চেষ্টা কৰিছিল। কবৰ নিদিলে মোৰ মা জন্নতলৈ নাযায় বুলি তেওঁলোকে চৰম অসন্তুষ্টি প্ৰকাশ কৰিছিল। কিন্তু একে সময়তে আমি আন মুছলমানসকলৰ পৰাও বাৰ্তা লাভ কৰিছিলো, যিয়ে মা-দেউতাৰ এই কাৰ্যক প্ৰশংসা কৰিছিল।"- লুবনা শ্বাহিনে কয়।
 
গুৱাহাটীৰ হাতীগাঁৱৰ মাজাৰ ৰোডৰ বাসিন্দা মুছফিকা চুলতানাৰ মৃতদেহ ২০২২ চনত জি এম চি এইচক গতাই দিয়া হৈছিল। ২০২২ চনৰ ৮ ছেপ্টেম্বৰৰ নিশা নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতেই তেওঁৰ দুয়োটা চকু শ্ৰীশংকৰদেৱ নেত্ৰালয়ক দান কৰা হৈছিল। মুছফিকা চুলতানাৰ স্বামী আফতাব আহমেদেও এক মহান উদ্দেশ্যেৰে ২০১১ চনত জিএমচিএইচক দেহদান কৰিছিল। 
 
লুবনা আৰু নিননে তেওঁলোকৰ মাতৃ মুছফিকা চুলতানাৰ মৃতদেহ জিএমচিএইচৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰাৰ মূহুৰ্ত
 
উল্লেখ্য যে, লুবনা শ্বাহিন আৰু নিনন শ্বেনাজ হৈছে আফতাব আহমেদ আৰু মুছফিকা চুলতানাৰ সন্তান। তেওঁলোক সদায় সুখী যে মৃত্যুৰ পিছতো পিতৃ-মাতৃয়ে দেহদানেৰে সমাজৰ সেৱা কৰি গৈছে। লুবনাই কয় যে এই পৰম্পৰাক আগুৱাই নিবলৈ তেওঁ অত্যন্ত আশাবাদী।
 
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বহুমূলীয়া জীৱন ৰক্ষাৰ বাবে অংগ দান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুবনা শ্বাহিনে কয়, "মই ভাবো যে প্ৰধানমন্ত্ৰী মোদীৰ দৰে এগৰাকী প্ৰভাৱশালী নেতাই এই কথা প্ৰকাশ কৰাটোৱেই গুৰুত্বপূৰ্ণ। কাৰণ, সমগ্ৰ দেশতে তেওঁৰ ব্যাপক প্ৰসাৰ আৰু জনপ্ৰিয়তা আছে। আশাকৰোঁ একদশক বা তাতোকৈ অধিক সময়ৰ পাছত হয়তো দেহ বা অংগদান কৰাটো এক সামাজিকভাৱে গ্ৰহণযোগ্য নিয়ম হৈ পৰিব।"