উত্তৰাখণ্ডৰ মাদ্ৰাছাত আৰবীৰ লগতে শিকোৱা হ’ব দেৱভাষা সংস্কৃতঃ ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ

Story by  atv | Posted by  [email protected] • 10 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ডেৰাডুন

উত্তৰাখণ্ডৰ মাদ্ৰাছাত শিকোৱা হ’ব দেৱভাষা সংস্কৃত। উত্তৰাখণ্ড ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ ছাদাব ছেমছে কয় যে তেওঁলোকৰ অধীনস্থ সকলো মাদ্ৰাছাত বাধ্যতামূলকভাৱে সংস্কৃত ভাষা শিকোৱা হ’ব।
 
তেওঁলোকে বিজ্ঞান, গণিত, আৰবী আৰু সংস্কৃতকে ধৰি গুণগত শিক্ষা লাভ কৰিব পৰা মাদ্ৰাছাসমূহক “আধুনিকীকৰণ” কৰাৰ পৰিকল্পনাৰ অধীনত ১১৭খন মাদ্ৰাছাত নেশ্যনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ৰ পাঠ্যক্ৰম ৰূপায়ণ কৰিব।

তেওঁ কয় যে সংস্কৃত আৰু আৰবী দুয়োটা ভাষাৰ শিক্ষকো ব’ৰ্ডে নিযুক্তি দিব। তেওঁ কয়, ‘আমি আমাৰ সংস্কৃতি আৰু পৰম্পৰাক ভাল পাব লাগে আৰু ইয়াক সন্মান কৰিব লাগে। আমি মাদ্ৰাছাত সংস্কৃত আৰু আৰবী দুয়োটা ভাষাৰ শিক্ষক নিয়োগ কৰিম যাতে ছাত্ৰ-ছাত্ৰীসকলে আমাৰ সংস্কৃতি শিকিব পাৰে। মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংস্কৃত পঢ়াটো বাধ্যতামূলক হ’ব।’

শ্বামছে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে যে চৰকাৰে শিশুসকলক শিক্ষিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াব। “মূলতঃ দুখীয়া পৰিয়ালৰ শিশু, আৰু অনাথ শিশুসকল মাদ্ৰাছালৈ যায়। পৰম্পৰাগতভাৱে তেওঁলোকক কেৱল আৰবী আৰু কোৰআন শিকোৱা হয়। এনে পটভূমিৰ শিশুসকলক যদি পৰ্যাপ্ত সুযোগ দিয়া হয়, তেন্তে তেওঁলোকে সফলতাৰে অভিযন্তা, বিজ্ঞানী অথবা চিকিৎসক হ’ব পাৰে। আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম ইয়াৰ নিখুঁত উদাহৰণ।’-শ্বামছে কয়।

তেওঁ লগতে কয়, “মাদ্ৰাছাত কোৰআন আৰু হাদীছৰ পাঠদান শেষ হ’লে পুৱা ৮.৩০ বজাৰ পৰা আধুনিক শিক্ষাৰ ওপৰত ভিত্তি কৰি পাঠদান হ’ব।” ৱাকফ ব’ৰ্ডৰ অধ্যক্ষই কয় যে মাদ্ৰাছাৰ আধুনিকীকৰণৰ বাবে তেওঁলোকৰ সামগ্ৰিক পৰিকল্পনাত অধ্যয়ন বেঞ্চৰ প্ৰৱৰ্তনৰ দৰে আন্তঃগাঁথনিৰ উন্নীতকৰণ, ইউনিফৰ্ম আদি অন্তৰ্ভুক্ত কৰা হৈছে। 
 
যোৱা বছৰৰ নৱেম্বৰ মাহত শ্বামছে ঘোষণা কৰিছিল যে ৱাকফ ব’ৰ্ডৰ অধীনত থকা সকলো মাদ্ৰাছাতে একেধৰণৰ ড্ৰেছ কোড থাকিব। তেওঁ লগতে কয়, ‘প্ৰথম পৰ্যায়ত আমি চাৰিখন মডেল মাদ্ৰাছা নিৰ্মাণ কৰিম য’ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব আৰু লিংকৰ জৰিয়তে ইয়াৰ অনলাইন ষ্ট্ৰিম নিশ্চিত কৰা হ’ব।
 
ইফালে, উত্তৰাখণ্ড মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ সঞ্চালক ৰাজেন্দ্ৰ কুমাৰে কয় যে এই সিদ্ধান্তৰ বিষয়ে তেওঁ বিশেষ একো তথ্য লাভ কৰা নাই, সেয়ে বৰ্তমান তেওঁ এই সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰে।
 
কুমাৰে কয় যে ব’ৰ্ডৰ সৈতে জড়িত ৪১৯খনতকৈও অধিক মাদ্ৰাছা আছে। উত্তৰাখণ্ড মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ একাংশ প্ৰাক্তন জ্যেষ্ঠ বিষয়াৰ মতে ৰাজ্যখনত প্ৰায় ৮০০ৰ পৰা ১০০০খন মাদ্ৰাছা আছে, ইয়াৰে ৪০০ৰো অধিক মাদ্ৰাছা মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ সৈতে জড়িত।
 
২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰাখণ্ডত ১৩.৯% মুছলমান জনসংখ্যা আছে আৰু ইয়াৰে বেছিভাগেই তেৰাই অঞ্চলৰ বাসিন্দা। হৰিদ্বাৰ আৰু উদ্ধম সিং নগৰ জিলাত ক্ৰমে ৩৪% আৰু ২২% তকৈ অধিক মুছলমান জনসংখ্যা আছে।
 
চলিত বৰ্ষৰ জুন মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ত্ৰিবেন্দ্ৰ সিং ৰাৱটে সংখ্যালঘু যুৱক-যুৱতীসকলে “লাভ জেহাদ”ত জড়িত হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি মুছলমান ধৰ্মগুৰু আৰু পণ্ডিতসকলক আহ্বান জনাইছিল যে মাদ্ৰাছাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক নৈতিক মূল্যৰ আধাৰত শিক্ষা প্ৰদান কৰা উচিত, যাতে তেওঁলোকে এনে ধৰ্মবিৰোধী আৰু অনৈতিক কামৰ প্ৰতি আকৰ্ষিত নহয়। 
 
ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰীয়ে স্বীকৃতি নথকা মাদ্ৰাছাসমূহক শিক্ষা বিভাগৰ পৰা স্বীকৃতি ল’বলৈ পৰামৰ্শ দিছিল। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ মাদ্ৰাছাসমূহৰ জৰীপ কৰিব।

ধামীয়ে কৈছিল, “ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মাদ্ৰাছাৰ বিষয়ে বহু ধৰণৰ কথা চৰ্চালৈ আহিছে। গতিকে, ৰাজ্যখনৰ মাদ্ৰাছাসমূহৰ এক সমীক্ষা গুৰুত্বপূৰ্ণ। ই ৰাজ্যখনৰ মাদ্ৰাছাসমূহৰ বৰ্তমানৰ মৰ্যাদা বৃদ্ধি কৰিব”।