পাৰ্চী-খ্ৰীষ্টানসকলে যদি CAAৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে, তেন্তে মুছলমানে কিয় নাপায়; উত্তৰ দিলে অমিত শ্বাহে

Story by  atv | Posted by  [email protected] • 2 Months ago
গৃহমন্ত্ৰী অমিত শ্বাহ
গৃহমন্ত্ৰী অমিত শ্বাহ
 
নতুন দিল্লী

"পাৰ্চী আৰু খ্ৰীষ্টানসকলে যদি নাগৰিকত্ব সংশোধী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে, তেন্তে মুছলমানে কিয় নাপায়?" শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) ৰূপায়ন কৰাৰ পিছতে সাধাৰণ নাগৰিকৰ মাজত বিশেষকৈ মুছলমান সমাজৰ মাজত স্বাভাৱিকতে এই প্ৰশ্নৰ উদয় হৈছে। ইয়াক লৈ দেশৰ ভিন্ন প্ৰান্তত বিবাদৰো সূচনা হৈছে। এনে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ বিশ্লেষণসহ দাঙি ধৰিছে। 
 
উল্লেখ্য যে, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত উপস্থিত হোৱা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যৰে চৰকাৰে 'কা' ৰূপায়ন কৰিছে। 
 
সংবাদ সংস্থা এ এন আই (ANI)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অমিত শ্বাহক সোধা হৈছিল যে এই আইনখনে আনকি ভাৰতত জন্ম নোহোৱা পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলকো নাগৰিকত্বৰ অনুমতি দিয়ে, কিন্তু মুছলমানক নিদিয়ে। "পাকিস্তান, বাংলাদেশ, আফগানিস্তান আদি বৰ্তমান ভাৰতৰ অংশ নহয়। সেই অঞ্চলসমূহ মুছলমানকে দিয়া হৈছে। মই বিশ্বাস কৰোঁ যে যিসকল অখণ্ড ভাৰতৰ অংশ আছিল আৰু ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হৈছিল, তেওঁলোকক আশ্ৰয় দিয়াটো আমাৰ নৈতিক আৰু সাংবিধানিক দায়িত্ব।" অমিত শ্বাহে কয়।
উল্লেখ্য যে, অখণ্ড ভাৰত হৈছে আধুনিক আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, ম্যানমাৰ, পাকিস্তান, শ্ৰীলংকা আৰু তিব্বতক সামৰি লোৱা এক বৃহত্তৰ ভাৰতৰ ধাৰণা।
 
গৃহমন্ত্ৰীগৰাকীয়ে কয়, "বিভাজনৰ সময়ত পাকিস্তানৰ মুঠ জনসংখ্যাৰ ২৩ শতাংশ হিন্দু আছিল। এতিয়া এই সংখ্যা ৩.৭ শতাংশলৈ হ্ৰাস পাইছে। ক’লৈ গ’ল তেওঁলোক? ইয়াৰে অধিকাংশ লোক ভাৰতলৈ অহা নাছিল। তেওঁলোকক বলপূৰ্বকভাৱে ধৰ্মান্তৰকৰণ কৰা হৈছে, অপমান কৰা হৈছে, দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰা হৈছে। তেনে পৰিস্থিতিত ক'লৈ যাব তেওঁলোক? আমাৰ সংসদ আৰু ৰাজনৈতিক দলসমূহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা উচিত নহয়নে?"
 
তেওঁ পুনৰ কয় যে ১৯৫১ চনত বাংলাদেশৰ মুঠ জনসংখ্যাৰ ২২ শতাংশ হিন্দু আছিল। ২০১১ চনত এই সংখ্যা ১০ শতাংশলৈ হ্ৰাস পাইছিল। তেওঁলোক ক’লৈ গ’ল?
 
"১৯৯২ চনত আফগানিস্তানত প্ৰায় ২ লাখ শিখ আৰু হিন্দু আছিল। এতিয়া, মাত্ৰ ৫০০গৰাকী আছে। নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰি জীয়াই থাকিবলৈ তেওঁলোকৰ অধিকাৰ নাই নেকি? ভাৰত যেতিয়া খণ্ডিত হোৱা নাছিল, তেতিয়া তেওঁলোক আমাৰ আছিল। তেওঁলোক আমাৰ ভাই-ভনী আৰু মাতৃ।"-তেওঁ কয়।
ছিয়া, বেলুচ, আহমদিয়া মুছলমানৰ দৰে নিৰ্যাতিত সম্প্ৰদায়ৰ বিষয়ে সোধাত তেওঁ কয়, "বিশ্বজুৰি এই সম্প্ৰদায়ক মুছলমান বুলি গণ্য কৰা হয়। লগতে ইয়াত মুছলমানেও নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। সংবিধানত ইয়াৰ এটা ব্যৱস্থা আছে। তেওঁলোকে আবেদন কৰিব পাৰে আৰু ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অন্যান্য কাৰকসমূহ মনত ৰাখি সিদ্ধান্ত ল’ব। 'কা' হৈছে কোনো বৈধ নথি অবিহনে সীমান্ত অতিক্ৰম কৰা তিনিখন দেশৰ নিৰ্যাতিত সংখ্যালঘুৰ বাবে ৰূপায়ন কৰা এখন ‘বিশেষ আইন’।"
 
যিসকলৰ একেবাৰেই নথি-পত্ৰ নাই তেওঁলোকৰ কি হ'ব বুলি সোধাত গৃহমন্ত্ৰী শ্বাহে কয়, "যিসকলৰ হাতত নথি-পত্ৰ নাই তেওঁলোকৰ বাবে আমি সমাধান বিচাৰিম। কিন্তু মোৰ অনুমান অনুসৰি তেওঁলোকৰ ৮৫ শতাংশতকৈ অধিক লোকৰ হাতত নথি-পত্ৰ আছে।"

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লগতে কয় যে এই আইনখন কেতিয়াও প্ৰত্যাহাৰ নহ’ব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰেও ইয়াৰ সৈতে কেতিয়াও আপোচ নকৰে। "আমাৰ দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত কৰাৰ বাবে এয়া আমাৰ সাৰ্বভৌম অধিকাৰ। আমি কেতিয়াও ইয়াৰ সৈতে আপোচ নকৰো আৰু CAA কেতিয়াও ঘূৰাই লোৱা নহ'ব।"-শ্বাহে কয়।