আৰণ্যকৰ উদ্যোগত শদিয়াত মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ লোকক সৌৰ বেৰ স্থাপনৰ প্ৰশিক্ষণ

Story by  atv | Posted by  [email protected] • 14 d ago
আৰণ্যকৰ উদ্যোগত শদিয়াত মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ লোকক সৌৰ বেৰ স্থাপনৰ প্ৰশিক্ষণ
আৰণ্যকৰ উদ্যোগত শদিয়াত মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ লোকক সৌৰ বেৰ স্থাপনৰ প্ৰশিক্ষণ
 
গুৱাহাটী

মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ লগতে সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে অব্যাহত ৰখা নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে দেশৰ অন্যতম প্ৰধান জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ পদুমফুলা অঞ্চলক বন্যহস্তীৰ পৰা ৰক্ষা কৰাৰ বাবে ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰশক্তিচালিত এখন বেৰ স্থাপন কৰিছে।

মানৱ-হাতী সংঘাতত সৰ্বধিক ক্ষতিগ্ৰস্ত অন্যতম স্থান হিচাপে পৰিগণিত, খিলঞ্জীয়া জনগোষ্ঠী আৰু বিশেষকৈ অধিকাংশ কৃষক অধ্যুষিত পদুমফুলা অঞ্চলটোত প্ৰতি বছৰে বন্যহস্তীয়ে কৃষকসকলৰ শস্য অনিষ্ট কৰে ।

মানৱ-হাতী সংঘাতৰ সমস্যা আৰু অঞ্চলটোৰ স্থানীয় লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কত কৰা ক্ষেত্ৰভিত্তিক অধ্যয়ন পাছত এই সমস্যা লাঘৱ কৰাৰ বাবে আৰণ্যকে পদুমফুলা অঞ্চলটোৰ বৰি শস্যৰ পথাৰখনৰ চাৰিওফালে ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এডলীয়া তাঁৰযুক্ত সৌৰ বেৰ স্থাপন কৰে ।  এই সৌৰ বেৰখন অঞ্চলটোৰ স্থানীয় লোকসকলে চোৱা-চিতা কৰিব ।

ডাৰউইন ইনিচিয়েটিভ (বায়’ডাইভাৰচিটি চেলেঞ্জ ফাণ্ড)ৰ সহায়ত, ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগত আৰণ্যকে স্থাপন কৰা এই বেৰে পদুমফুলা, ১ নং বছা গাঁও, ২ নং বছা গাঁও আৰু ন-বছা গাওঁৰ প্ৰায় ৩৮৫টা পৰিয়ালৰ শস্য সুৰক্ষিত কৰিব ।

আৰণ্যকৰ উদ্যোগত কেইমাহমান পূৰ্বে পদুমফুলাৰ স্থানীয় লোকসকলক পদুমফুলাৰ সমূহীয়া সাংস্কৃতিক কেন্দ্ৰত সৌৰ বেৰ স্থাপন আৰু চোৱা-চিতাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ দিয়া হৈছিল।

প্ৰশিক্ষণৰ অন্তত আৰণ্যকৰ দলৰ কাৰিকৰী নিৰীক্ষণ আৰু তত্বাৱধানত স্থানীয় লোকসকল ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ বেৰখন স্থাপনৰ কামত জড়িত হয় আৰু যোৱা ৫ এপ্ৰিলত বেৰাখন স্থাপনৰ কাম সম্পূৰ্ণ কৰা হয় । ৰুবুল তাঁতীৰ নেতৃত্বত দিবাকৰ নায়ক,  তন্ময় গগৈ, দেৱজিত গগৈ আৰু গাওঁ চেম্পিয়ন দেবানন্দ গগৈক লৈ আৰণ্যকৰ দলটো গঠন কৰা হৈছিল।