নতুন দিল্লী
মুস্তাফিজুৰ ৰহমানক IPLৰ পৰা বাদ দিয়াৰ পিছত সুৰক্ষাজনিত কাৰণ দৰ্শাই BCB-এ নিজৰ দলক ভাৰতলৈ পঠিয়াবলৈ অস্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ICC-এ আগন্তুক টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাহিৰ কৰি দিছে। বাংলাদেশৰ পৰিৱৰ্তে এতিয়া স্কটলেণ্ডক এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে।
বাংলাদেশ ক্ৰিকেট ব'ৰ্ড (BCB)-এ তেওঁলোকৰ খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰিবলৈ অথবা আয়াৰলেণ্ডৰ সৈতে তেওঁলোকৰ গ্ৰুপটো সালসলনি কৰিবলৈ বাৰে বাৰে কৰা দাবীৰ ফলত যি অনিশ্চয়তাৰ সৃষ্টি হৈছিল, স্কটলেণ্ডৰ অন্তৰ্ভুক্তিৰ লগে লগে তাৰ অন্ত পৰিল। অৱশ্যে আইৰিছ ক্ৰিকেট ব'ৰ্ডে এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে নাকচ কৰে।
আইচিচিৰ ব'ৰ্ড বৈঠকত বাংলাদেশৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বাংলাদেশৰ দলটোৱে খেলিবলৈ ভাৰতলৈ অহাৰ পক্ষত ১৪-২ ব্যৱধানত এক বৃহৎ ভোটদান সম্পন্ন হয়। আইচিচিয়ে বাংলাদেশক নিজৰ স্থিতি সলনি কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল, কিন্তু বিচিবিৰ আছিফ নজৰুল নিজৰ স্থিতিত অটল থকাত ক্ৰিকেটপ্ৰেমী দেশখনৰ টি-২০ বিশ্বকাপ খেলাৰ আশা নিৰ্বাপিত হয়।
জানিব পৰা মতে, শুকুৰবাৰে আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ লগতে শীৰ্ষ বিষয়াসকল ডুবাইত আছিল আৰু নিশা বিচিবিৰ অধ্যক্ষ আমিনুল ইছলাম বুলবুললৈ এটা ই-মেইল প্ৰেৰণ কৰি এই সিদ্ধান্তৰ কথা জনোৱা হয়।
আইচিচিৰ এক সূত্ৰই পিটিআইক কয়, "কালি সন্ধিয়া বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষলৈ এটা ই-মেইল প্ৰেৰণ কৰা হৈছিল। তাত জনোৱা হয় যে ভাৰতলৈ অহাৰ সন্দৰ্ভত যি ২৪ ঘণ্টাৰ সময়সীমা দিয়া হৈছিল, সেই সময়ৰ ভিতৰত তেওঁলোকে আইচিচিক আনুষ্ঠানিকভাৱে একো জনোৱা নাই।"
সূত্ৰটোৱে লগতে কয়, "বিচিবি-এ আন্তঃৰাষ্ট্ৰীয় সংস্থাক আনুষ্ঠানিকভাৱে জনোৱাৰ পূৰ্বেই ঢাকাত এখন সংবাদ মেল সম্বোধন কৰে, যিটো নীতি-নিয়মৰ উলংঘন। তেওঁলোকক স্পষ্টকৈ জনোৱা হৈছে যে তেওঁলোকৰ স্থান এতিয়া স্কটলেণ্ডে ল’ব।"
আইচিচিয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আন সকলো সদস্য দেশকো বাংলাদেশক বাদ দিয়াৰ সন্দৰ্ভত পৃথকে পৃথকে অৱগত কৰিছে। উল্লেখ্য যে, আইচিচিয়ে বাৰে বাৰে সুৰক্ষাৰ নিশ্চয়তা দিয়াৰ পাছতো বাংলাদেশৰ ক্ৰীড়া মন্ত্ৰ্যালয়ৰ উপদেষ্টা আছিফ নজৰুলে ৰাষ্ট্ৰীয় দলটোক ভাৰত ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল।