শ্বাব-ই-বৰাতঃ আশা, দয়া আৰু আত্মশুদ্ধিৰ পবিত্ৰ নিশা

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ইমান ছাকিনা
 
শ্বাব-ই-বৰাত, যাৰ অৰ্থ ক্ষমা ৰাতি বা নৰকৰ অগ্নিৰ পৰা মুক্তি পোৱাৰ ৰাতি। যিয়ে বহু মুছলমানৰ আধ্যাত্মিক জীৱনত বিশেষ স্থান লাভ কৰি আহিছে। ই ইছলামিক চন্দ্ৰ বৰ্ষপঞ্জীৰ অষ্টম মাহ শ্বাবনৰ ১৫ তাৰিখৰ নিশা পালন কৰা হয়। এই নিশাটো আত্মবিশ্লেষণ, অনুতাপ আৰু আল্লাৰ কৰুণাৰ নতুন আশাৰ সৈতে জড়িত। 
 
শ্বব-ই-বৰাত পালন কৰাৰ পদ্ধতি ঠাইভেদে ভিন্ন হ'লেও ইয়াৰ মূল অৰ্থ একেই থাকে। ই ইছলামৰ শিক্ষা, আল্লাহৰ কৰুণা আৰু ৰমজানৰ আধ্যাত্মিক প্ৰস্তুতিৰ প্ৰতিফলন ঘটায়। শ্বাব-ই-বৰাত কেৱল ৰীতি-নীতিৰ বাবে নহয়; ই আশাৰ, দয়াৰ আৰু নৱীকৰণৰ নিশা।
 
 
এই নিশাটোৱে লাখ লাখ মুছলমানক ক্ষমা বিচৰাৰ বাবে আৰু তেওঁলোকৰ আধ্যাত্মিক বিকাশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। যেতিয়া বুজাবুজি আৰু আন্তৰিকতাৰে পালন কৰা হয়, তেতিয়া শ্বাব-ই-বৰাতে বিশ্বাসীসকলক স্মৰণ কৰায় যে, সকলো লোকে ক্ষমাৰ যোগ্য আৰু আল্লাৰ দয়া সদায় মানুহে কৰা ভুলতকৈও বহু ওপৰত। 
 
বৰাত শব্দটো আৰবী শব্দ, যি বাৰাহৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে স্বাধীনতা, ক্ষমা বা মুক্তি। পৰম্পৰাগতভাৱে, শ্বাব-ই-বৰাতক এটা ৰাতি হিচাপে গণ্য কৰা হৈছে, যেতিয়া আল্লাৰ দয়া প্ৰচুৰ পৰিমাণে প্ৰদান কৰা হয় আৰু যেতিয়া মানুহে অতীত কৰাৰ পাপবোৰৰ বাবে ক্ষমা বিচাৰি আন্তৰিকতাৰে তেওঁৰ ওচৰলৈ উভতি আহে। 
 
কেইবাটাও ইছলামিক বৰ্ণনাত শ্বাবন মাহৰ ১৫ তাৰিখৰ নিশাৰ গুৰুত্বৰ বিষয়ে  উল্লেখ কৰা হৈছে। য’ত কোৱা হৈছে যে, মহাপাপ অৰ্থাৎ অহংকাৰ, বিদ্বেষ বা আল্লাহৰ লগত অংশী-দেৱতা স্থাপন কৰাৰ দৰে কাম কৰি থকাসকলৰ বাদে আল্লাহে তেওঁৰ সৃষ্টিৰ প্ৰতি দয়াশীল আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাসকলক তেওঁ ক্ষমা কৰে। যদিও পণ্ডিতসকলে কিছুমান বৰ্ণনাৰ শক্তি সম্পৰ্কে মতভেদ সৃষ্টি কৰে, তথাপিও বহুতে এই কথাত একমত যে, এই নিশাৰ আধ্যাত্মিক গুৰুত্ব আছে আৰু ই উপাসনা কৰিবলৈ উৎসাহিত কৰে।
 
প্ৰতিনিধিত্বমুলক ফটো
 
ইছলামিক ইতিহাসৰ আৰম্ভণিৰ পৰাই এই নিশাক আধ্যাত্মিক প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হৈছিল। কিয়নো ইয়াক সাধাৰণ মানুহ আৰু ৰমজান মাহৰ মাজৰ সেতু হিচাপে বিবেচনা কৰা হয়। ই এক সোঁৱৰণী হিচাপে কাম কৰি বিশ্বাসীসকলক সোঁৱৰাই দি যে, ই কঠোৰ উপাসনা আৰু আত্ম-অনুশাসনৰ এটা মাহত প্ৰৱেশ কৰাৰ পূৰ্বে হৃদয়ক শুদ্ধ কৰা উচিত।  
 
শতাব্দীজুৰি, শ্বাব-ই-বৰাতে স্থানীয় সংস্কৃতিৰ প্ৰভাৱত বিশেষকৈ দক্ষিণ এছিয়া, মধ্য এছিয়া আৰু মধ্য প্ৰাচ্যৰ কিছু অংশত বহু চহকী পৰম্পৰা গঢ়ি তুলিছে।
 
নিশাৰ উপাসনা
 
বহু মুছলমান লোকে নিশাটো স্বেচ্ছামূলক দোৱা, কোৰাণ পাঠ আৰু ক্ষমা বিচাৰি কটাই দিয়ে। মছজিদসমূহ প্ৰায়ে দীৰ্ঘসময়লৈকে খোলা থাকে, যিয়ে এক ভক্তি আৰু চিন্তাৰ সামূহিক পৰিৱেশ সৃষ্টি কৰে। 
 
উপবাস
 
কিছুমান বিশ্বাসীয়ে আধ্যাত্মিক অনুশাসনৰ ধাৰাবাহিকতা হিচাপে পিছদিনা ৰোজা পালন কৰে। এই অনুশীলন হজৰত মহম্মদ (ছাঃ)এ শ্বাবন মাহত সঘনাই ৰোজা ৰখাৰ অভ্যাসৰ পৰা অনুপ্ৰাণিত হয়।
 
দান আৰু দয়া
 
শ্বাব-ই-বৰাতৰ সময়ত বা তাৰ আশে-পাশে দান দিয়াটো এক সাধাৰণ কথা। দৰিদ্ৰক খাদ্য প্ৰদান কৰা, চুবুৰীয়াক সহায় কৰা আৰু সংঘাত নিষ্পত্তি কৰাৰ দৰে কাৰ্যবোৰ আল্লাৰ সন্তুষ্টি অৰ্জন কৰাৰ অৰ্থপূৰ্ণ উপায় হিচাপে দেখা যায়। 
 
কবৰস্থান ভ্ৰমণ 
 
বহু সম্প্ৰদায়ত মানুহে মৃত আপোনজনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কবৰস্থানলৈ যায়। এই প্ৰথাই জীৱনৰ সাময়িক স্বৰূপৰ সোঁৱৰণী হিচাপে কাম কৰে আৰু নম্ৰতা আৰু নৈতিক দায়বদ্ধতাক উৎসাহিত কৰে। 
 

প্ৰতিনিধিত্বমুলক ফটো
 
সম্প্ৰদায় আৰু পৰিয়ালৰ পৰম্পৰা
 
কিছুমান সংস্কৃতিত ঘৰবোৰ পোহৰেৰে আলোকিত কৰা হয়, বিশেষ মিঠাই প্ৰস্তুত কৰা হয়, আৰু ওচৰ-চুবুৰীয়াৰ লগত খাদ্য ভাগ-বতৰা কৰা হয়। এই ৰীতি-নীতিবোৰ ধৰ্মীয় বাধ্যবাধকতাতকৈ সাংস্কৃতিক হ’লেও নিশাৰ লগত জড়িত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰতিফলন ঘটায়। 
 
ইছলামিক পণ্ডিতসকলে দীৰ্ঘদিন ধৰি শ্বাব-ই-বৰাত পালনৰ ক্ষেত্ৰত সংযম আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অতিৰিক্ত উপাসনা আৰু অনুতাপক উৎসাহিত কৰাৰ সময়তে তেওঁলোকে সাংস্কৃতিক প্ৰথাক বাধ্যতামূলক ধৰ্মীয় কাম বুলি গণ্য নকৰাৰ বাবে সতৰ্ক কৰি দিয়ে। ৰাতিৰ প্ৰকৃত মূল্য কেৱল বাহ্যিক আচাৰ-ব্যৱহাৰত নহয় বৰঞ্চ আভ্যন্তৰীণ ৰূপান্তৰ, আন্তৰিক অনুতাপ আৰু উন্নত চৰিত্ৰত নিহিত হৈ আছে। 
 
আজিৰ ব্যস্ত পৃথিৱীত, শ্বাব-ই-বৰাতে কিছু সময় থমকি ৰ'বলৈ আৰু চিন্তা কৰিবলৈ সুযোগ প্ৰদান কৰে। ই বিশ্বাসীসকলক বিঘিনিৰ পৰা আঁতৰি আহিবলৈ আৰু আল্লাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ আমন্ত্ৰণ জনায়। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ই মুছলমানসকলক সোঁৱৰাই দিয়ে যে, প্ৰকৃত ক্ষমা কেৱল শব্দৰ জৰিয়তে নহয় বৰঞ্চ সম্পৰ্ক উন্নত কৰা, ক্ষতিকাৰক অভ্যাস ত্যাগ কৰা আৰু কৰুণা বিকাশ কৰা আদি স্থায়ী পৰিৱৰ্তনৰ জৰিয়তেহে বিচৰা হয়।  
 
ৰমজানৰ আগমনৰ লগে লগে শ্বাব-ই-বৰাত এক আধ্যাত্মিক প্ৰৱেশবিন্দু হিচাপে কাম কৰে। ই এক মুহূৰ্তৰ বাবে ইচ্ছাসমূহ সংশোধন কৰিবলৈ, হৃদয় পৰিষ্কাৰ কৰিবলৈ, আৰু গভীৰ বিশ্বাস আৰু স্ব-শৃংখলাৰ এক মাহৰ বাবে প্ৰস্তুত কৰিবলৈ সুযোগ প্ৰদান কৰে।