ঈদ ফেশ্বন ২০২৬: নতুন ডিজাইন আৰু ট্রেণ্ডেৰে উজলি উঠিছে বজাৰসমূহ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৰ্ছলা খান / নতুন দিল্লী
 
ঈদৰ আগমনৰ লগে লগে ৰাজধানী দিল্লী পুনৰ এবাৰ ৰং, পোহৰ আৰু উল্লাসেৰে ভৰি পৰিছে। উৎসৱৰ আনন্দই বজাৰসমূহত এক বিশেষ চাঞ্চল্য সৃষ্টি কৰিছে, য’ত প্ৰতিটো গলি আৰু প্ৰতিখন দোকানত উৎসাহৰ স্পষ্ট প্ৰতিফলন দেখা পোৱা গৈছে। বিশেষকৈ ফেশ্বনৰ জগতত এইবাৰ এক নতুন সঞ্চাৰ অনুভৱ কৰা গৈছে, য’ত পৰম্পৰা আৰু আধুনিকতাৰ এক সুন্দৰ সংমিশ্ৰণ দেখা যায়। সলনি হোৱা ট্রেণ্ড, সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু সকলোৰে নিজকে পৃথকৈ দেখা দিয়াৰ ইচ্ছাই এইবাৰৰ ঈদৰ বজাৰখনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।  
 
পুৰণি দিল্লীৰ চান্দনী চ'ক এই দিনবোৰত ৰঙেৰে ভৰি পৰিছে। প্ৰতিখন দোকানতে নতুন ডিজাইনৰ সামগ্ৰী উপলব্ধ হৈছে। পৰম্পৰাগত ডিজাইনৰ এম্ব্ৰয়ডাৰীৰ ছ্যুটৰ পৰা আৰম্ভ কৰি আধুনিক ডিজাইনৰ সাজপাৰলৈকে সকলো ইয়াত আছে। আনাৰকলি, শাৰাৰা আৰু গাৰাৰা ছ্যুটৰ এইবাৰ ঈদৰ বজাৰৰ বিশেষ পছন্দ হিচাপে পৰিগণিত হৈছে। ব্যৱসায়ীসকলে কয় যে, এইবাৰ গ্ৰাহকসকলে কিছু ভিন্ন আৰু বিশেষ সামগ্ৰী বিচাৰি আহিছে। জনসমাগম ইমান বেছি হৈছে যে, বহু সময়ত পদাৰ্পণ কৰাটোও কঠিন হৈ পৰিছে।  
 
 
লাজপত নগৰ বজাৰত ফেশ্বনৰ এক ভিন্ন ৰূপ দেখিবলৈ পোৱা গৈছে। ইয়াত ৰেডিমেড ছ্যুট আৰু ডিজাইনাৰ পিচবোৰে যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিছে। ট্ৰাইল ৰুমৰ বাহিৰত গ্ৰাহকে দীঘলীয়া শাৰী পাতিছে। প্ৰত্যেকেই নিজৰ বাবে নিখুঁত পোছাক এযোৰ বাছনি কৰিব বিচাৰে। ইয়াত সূক্ষ্ম এম্ব্ৰয়ডাৰী আৰু কোমল কাপোৰৰ ছ্যুটৰ চাহিদা অধিক দেখা গৈছে। 
 
কম বাজেটত বজাৰ কৰা লোকসকলৰ বাবে সৰোজনী নগৰ বজাৰখন এতিয়াও গ্ৰাহক প্ৰথম পছন্দ হৈ আছে। ইয়াত প্ৰতিখন বিপণিত ট্ৰেণ্ডিং ডিজাইন পোৱা যায়। মহাবিদ্যালয়লৈ যোৱা যুৱক-যুৱতীসকলে ইয়াত বৃহৎ সংখ্যাত উপস্থিত হৈ আহিছে। কম দামত ষ্টাইলিছ লুক পাবলৈ ইয়াত গ্ৰাহকে ভিৰ কৰা স্পষ্টকৈ দেখা পোৱা গৈছে।   
 
এইবাৰ ঈদৰ ফেশ্বনত সৰলতা আৰু সৌন্দৰ্যৰ সংমিশ্ৰণ দেখা গৈছে। গ্ৰাহকে পেষ্টেল ৰংবোৰ বিশেষভাৱে পছন্দ কৰিছে। ফ্ল'ৰেল প্ৰিন্ট আৰু লঘু চিকনকাৰিৰ প্ৰচলন বৃদ্ধি পাইছে। পাকিস্তানী ষ্টাইলৰ ছ্যুটবোৰো যুৱতীসকলৰ মাজত চৰ্চা লাভ কৰিছে। ফেশ্বন এতিয়া কেৱল কাপোৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ই এক অভিব্যক্তি হৈ পৰিছে।
 
 
সামাজিক মাধ্যমে এই পৰিৱৰ্তনক আৰু অধিক ত্বৰান্বিত কৰিছে। ইনষ্টাগ্ৰামত প্ৰতিদিনে নতুন নতুন ডিজাইন প্ৰকাশ হৈ আছে। ফেশ্বন ক্ৰিয়েটৰসকলে তেওঁলোকৰ আড্ডাৰ দ্বাৰা জনসাধাৰণক অনুপ্ৰাণিত কৰে। ৰুমাইছা ডিচি (Rumaisa Dc)নিজৰ পৰম্পৰাগত সংগ্ৰহৰ বাবে জনাজাত। তেওঁৰ ডিজাইনবোৰ যুৱতীসকলৰ মাজত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। আনহাতে, জেছমিন কৌৰ (Jasmeen Kaur) আৰু প্ৰিয়ংকা কাম্বজে (Priyanka Kamboj) ও তেওঁলোকৰ অনন্য শৈলীৰ জৰিয়তে নতুন পৰিচয় গঢ়ি তুলিছে। ইয়াৰ উপৰিও ডিজাইনমেচিনসুইটছ লাইভ (designmachinesuitslive) আৰু ডিজাইন_আকুৱা_ষ্টুডিঅ' (design_aqua_studio)ৰ দৰে পেজসমূহেও ট্রেণ্ড ছেট কৰিছে। 
 
এতিয়া শ্বপিং কৰাৰ পদ্ধতিও সলনি হৈছে। পূৰ্বতে মানুহে বজাৰলৈ পোনপটীয়াকৈ গৈছিল। এতিয়া মোবাইলৰ পৰ্দাত ডিজাইন দেখিবলৈ পোৱা যায়। তাৰপিছত বজাৰত সেই একেই ডিজাইনৰ সন্ধান কৰা হয়। বহু লোকে নিজৰ পছন্দৰ ডিজাইনবোৰ দৰ্জীৰ ওচৰত চিলোৱাবলৈ ভাল পায়। ইয়াৰ জৰিয়তে বজাৰ আৰু অনলাইন জগতৰ মাজত এক নতুন সম্পৰ্ক গঢ়ি উঠিছে। 
 
ঈদ কেৱল এক উৎসৱ নহয়। ই এটা সুখৰ অনুভূতি। এয়া স্বকীয়তাৰ ৰং। আৰু ইয়াত নিজকে বিশেষ ধৰণে উপস্থাপন কৰাৰ ইচ্ছাও অন্তৰ্ভুক্ত আছে। সঠিক সাজপাৰ পিন্ধাটো এতিয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈ পৰিছে। 
 
দিল্লীৰ বজাৰ আৰু সামাজিক মাধ্যমৰ এই মিলনে এইবাৰ ঈদৰ ফেশ্বনক এক নতুন পৰিচয় প্ৰদান কৰিছে। প্ৰতিটো পথতে অনুসন্ধান অব্যাহত আছে। প্ৰত্যেকখন স্ক্ৰীণত চকু থৰ হৈ আছে। আৰু প্ৰত্যেকখন হৃদয়ত একে আকাংক্ষা আছে যে, এইবাৰৰ ঈদত কিছু ভিন্ন পোছাক পিন্ধিব লাগিব। স্মৃতিত ৰৈ যোৱা কিবা এটা।