আজি ইন্দোৰত ইণ্ডিয়া-নিউজিলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলা দখলৰ যুঁজ

Story by  atv | Posted by  [email protected] • 2 h ago
আজি ইন্দোৰত ইণ্ডিয়া-নিউজিলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলা দখলৰ যুঁজ
আজি ইন্দোৰত ইণ্ডিয়া-নিউজিলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলা দখলৰ যুঁজ
 
ইন্দোৰ
 
ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ নিৰ্ণায়ক মেচখন আজি ইন্দোৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে দুয়োটা দলে এখনকৈ মেচত জয়লাভ কৰাত আজিৰ মেচখন দুয়োটা দলৰ বাবে মৰণপণ যুঁজ হিচাপে পৰিগণিত হৈছে। খেলখন দিনৰ ১.৩০ বজাত আৰম্ভ হ’ব। 
 
আজি যিটো দলে জয়লাভ কৰিব, সেইটো দলেই এদিনীয়া শৃংখলাটো হস্তগত কৰিব। টীম ইণ্ডিয়াই ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা ঘৰৰ মাটিত দ্বিপাক্ষিক শৃংখলা হেৰুওৱা নাই। আজিৰ মেচখনতো বিজয় সাব্যস্ত কৰি শুভমন গিল বাহিনীয়ে এই শৃংখলা জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে। শৃংখলাটোৰ প্ৰথমখন মেচত দর্শনীয় বিজয় সাব্যস্ত কৰা ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়াত পৰাজয়ৰ মুখ দেখে। আগশাৰীৰ বেটাৰসকলে দীঘলীয়া ইনিংছ খেলিব নোৱাৰাৰ বাবে দ্বিতীয়খন মেচত পৰাজয় স্বীকাৰ কৰা ভাৰতীয় দলটোৱে আজিৰ মেচখনক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে। দ্বিতীয়খন এদিনীয়াত লোকেশ ৰাহুলৰ বাহিৰে বাকীসকল বেটাৰে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল।
অৱশ্যে আজিৰ মেচখন সন্দর্ভত অধিনায়ক গিলে কয় যে আমি মেচখনত প্ৰথমৰ পৰাই আক্ৰমণাত্মক খেল দাঙি ধৰিব লাগিব। 
 
অপেনাৰন্বয়ে আক্রমণাত্মক খেল খেলি বিপক্ষক প্ৰথমৰ পৰাই চাপত ৰখাটোৱে আমাৰ প্ৰধান লক্ষ্য হ'ব। দুই জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ পৰা দীঘলীয়া ইনিংছ আশা কৰিছোঁ। লগতে আন সতীর্থসকলেও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিব। আশা কৰিছোঁ সতীৰ্থসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰি দলৰ জয়ত মুখ্য ভূমিকা ল'ব পাৰিব।
 
আনহাতে, আজিৰ এই গুৰুত্বপূর্ণ মেচখনত নীতিশ কুমাৰ ৰেঙী আৰু আয়ুশ বাদোনিক লৈ সমস্যাত পৰিছে দলীয় মেনেজমেণ্ট। অৱশ্যে আজিৰ মেচখনত বাদোনিয়ে মূল একাদশত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
 
ইফালে, নিউজিলেণ্ডে ইতিহাস ৰচাৰ লক্ষ্যৰে মেচখনত অৱতীৰ্ণ হ'ব। কিরি বাহিনীয়ে ১৯৮৯ চনৰ পৰাই ভাৰতৰ মাটিত দ্বিপাক্ষিক শৃংখলা দখল কৰিবলৈ সক্ষম হোৱা নাই। সুদীর্ঘ ৩৭ বছৰীয়া ব্যৰ্থতাৰ ধাৰা ভংগ কৰাৰ লক্ষ্য লৈছে নিউজিলেণ্ডে। আজিৰ নিৰ্ণায়ক মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে নিউজিলেওে সুদীর্ঘ ৩৭ বছৰৰ পিছত ভাৰতৰ মাটিত দ্বিপাক্ষিক শৃংখলা জয়লাভ কৰি ইতিহাস ৰচনা কৰিব।