মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ ইফটাৰৰ আমন্ত্ৰণ নাকচ কৰিলে আমেৰিকাৰ মুছলমান নেতাসকলে

Story by  atv | Posted by  [email protected] • 1 Months ago
মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন
মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন
 
ৱাশ্বিংটন

গাজা ষ্ট্ৰিপত চলি থকা যুদ্ধত ইজৰাইলক আমেৰিকা প্ৰশাসনে সমৰ্থন কৰি থকাৰ প্ৰতিবাদত আমেৰিকাৰ কেইবাজনো মুছলমান নেতাই ৰাষ্ট্ৰপতি জো বাইডেনৰ ইফটাৰ পাৰ্টিত অংশগ্ৰহণৰ আমন্ত্ৰণ নাকচ কৰিছে। ইজৰাইলী সেনাৰ কাৰ্যকলাপৰ বাবে গাজাত লাখ লাখ পেলেষ্টাইনী লোক ক্ষুধা সংকটৰ সন্মুখীন হোৱাৰ উদাহৰণ দাঙি ধৰি মুছলমান নেতাসকলে ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকে।
 
Emgage নামৰ মুছলিম সংগঠনটোৰ মূৰব্বী Wa’el Alzayat-এ কয় যে গাজাত হাজাৰ হাজাৰ লোক দূৰ্ভিক্ষৰ সন্মুখীন হোৱাৰ সময়ত এইধৰণৰ ইফতাৰ ভোজত অংশ লোৱাটো উচিত নহ'ব। মুছলমান নেতা আৰু আৰব কূটনীতিবিদসকলে ইফতাৰ বৰ্জনৰ পিছত হোৱাইট হাউছে মুছলমান কৰ্মচাৰীৰ এটা নিৰ্বাচিত দলৰ বাবে ইফতাৰ সন্ধিয়া আয়োজন কৰে।
 
'আমেৰিকাৰ মুছলমান সম্প্ৰদায়ে আৰম্ভণিতে কৈছিল যে ইজৰাইল চৰকাৰক গাজাত পেলেষ্টাইনী জনসাধাৰণক অনাহাৰে ৰাখিবলৈ আৰু হত্যা কৰাত সহায় কৰা হোয়াইট হাউছৰ সৈতে আমি ভোজভাত খোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে।'-কাউন্সিল অন আমেৰিকান-ইছলামিক ৰিলেচন (CAIR)ৰ ডেপুটি ডাইৰেক্টৰ এডৱাৰ্ড আহমেদ মিচ্ছেলে আল জাজিৰাক জনায়।
 
 
চলিত বৰ্ষৰ আৰম্ভণিতে গাজাৰ আল-নাছেৰ হাস্পতালত স্বেচ্ছাসেৱী হিচাপে কাম কৰা জৰুৰীকালীন কক্ষৰ চিকিৎসক ডাঃ থায়েৰ আহমেদে এখন বৈঠক শেষ হোৱাৰ আগতেই বাহিৰলৈ ওলাই আহিছিল। সভাত অংশগ্ৰহণ কৰা একমাত্ৰ পেলেষ্টাইনী আমেৰিকানজনে চিএনএনক কয়, “মোৰ সম্প্ৰদায়ৰ প্ৰতি সন্মানৰ বাবে, আৰু এই অভিযানত ক্ষতিগ্ৰস্ত আৰু নিহত হোৱা সকলো লোকৰ প্ৰতি সন্মানৰ বাবে মই বৈঠকৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।”
বৈঠকৰ পৰা ওলাই অহাৰ পূৰ্বে তেওঁ ৰাফাত বাস কৰা ৮ বছৰীয়া অনাথ ছোৱালী হাদিলৰ পৰা লাভ কৰা এখন পত্ৰ বাইডেনক দিছিল, য'ত ছোৱালীজনীয়ে আমেৰিকাক অনুৰোধ জনাইছিল যাতে ইজৰাইলে ৰাফাত আক্ৰমণ নকৰে। ইফালে, ৰাষ্ট্ৰপতি বাইডেনৰ ৰমজান ইফটাৰ পাৰ্টিৰ সময়ত আৰব আৰু আমেৰিকান পটভূমিৰ কৰ্মীসকলে হোৱাইট হাউছৰ সন্মুখত গোট খাই পেলেষ্টাইনৰ কাৰ্য্যক সমৰ্থন কৰে। গাজাৰ ওপৰত চলি থকা আক্ৰমণ প্ৰত্যাহাৰ কৰাৰ দাবীতো তেওঁলোকে শ্লোগান উত্থাপন কৰে।
 
উল্লেখ্য যে, ১৮০৫ চনৰ ৯ ডিচেম্বৰত আমেৰিকাৰ প্ৰতিষ্ঠাপক পিতৃ থমাছ জেফাৰচনে হোয়াইট হাউছত প্ৰথম ইফতাৰ আয়োজন কৰিছিল। কিন্তু ক্লিণ্টনৰ যুগলৈকে বছৰি নিয়মিতভাৱে ইফতাৰ অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। ট্ৰাম্পেও নিজৰ প্ৰথমটো কাৰ্যকালত এবাৰ এই অনুষ্ঠান আয়োজন কৰা নাছিল।