২৪ ডিচেম্বৰৰ পৰা খানাপাৰা অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলা৷ পৰিষদৰ সচিবে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে ৷ 
 
ৰাজ্য চৰকাৰে ঘোষণা কৰা 'গ্ৰন্থ-বৰ্ষ'ৰ সৈতে সংগতি ৰাখি মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰৰ পৰা ইংৰাজী নৱবৰ্ষ ২০২৬ ৰ ৬ জানুৱাৰীলৈ অনুষ্ঠি হ’ব গ্ৰন্থমেলাখন ৷ 
 
১৪ ডিচেম্বৰ অৰ্থাৎ দেওবাৰে দিনৰ  ১১বজাত খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গ্ৰন্থমেলাখনৰ লাইখুঁটা স্থাপন কৰা হ’ব ৷ লাইখুঁটা স্থাপন কৰিব গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৷ 
 
এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰঞ্জন কলিতা আৰু অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা। 
 
এই অনুষ্ঠানত গ্ৰন্থমেলাত যোগদানৰ বাবে ইতিমধ্যে আবেদন কৰা সমূহ প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাক উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।