৯২৩ বিধ জীৱনদায়িনী ঔষধৰ লগতে বৃদ্ধি পাব বিলাতী সুৰাৰ মূল্য

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
নিৰ্বাচনৰ পূৰ্বে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাই আজিৰে পৰা বৃদ্ধি পাব ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম। সমান্তৰালকৈ কাইলৈৰ পৰা বৃদ্ধি পাব বিলাতী সুৰাৰ দামো। ঔষধৰ দাম বৃদ্ধিত ইতিমধ্যে মোহৰ মাৰিছে নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথ'ৰিটীয়ে। 
 
উল্লেখযোগ্য যে, বিগত সময়ছোৱাত ঔষধৰ দাম বৃদ্ধিয়ে ইতিমধ্যে দেশৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে। এনে অৱস্থাত আজিৰে পৰা পুনৰ এক বৃহৎসংখ্যক ঔষধৰ দাম বৃদ্ধি পালে সৰ্বসাধাৰণ জনতাৰ জীৱনধাৰণ যে কষ্টকৰ হৈ পৰিব সেয়া নিশ্চিত। 
 
মন কৰিবলগীয়া যে, ২০২২ চনত ঔষধৰ দাম দহ শতাংশলৈ বৃদ্ধি কৰাৰ পিচত চলিত বছৰৰ প্ৰথম ভাগত ১২ শতাংশ বৃদ্ধি কৰা হৈছিল। ঔষধৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তক লৈ সাধাৰণ জনতাৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। 
 
দাম বৃদ্ধি পাবলগীয়া ঔষধসমূহৰ ভিতৰত আছে জনসাধাৰণে সর্বাধিক ব্যৱহাৰ কৰা পেইন কিলাৰ, এন্টিভাইৰেল, এন্টিবায়'টিক, এন্টি মেলেৰিয়া আৰু দ্বিতীয় স্তৰৰ বহুমূত্র ৰোগৰ ঔষধ আদি। 
 
৫০০ এম জি এজিথ্ৰমাইচিন নামৰ এন্টিবায়'টিকৰ এটা টেবলেটৰ দাম হ'ব ২৩.৫৭ টকাকৈ। এন্টিভাইৰেলৰ বাবে থকা ঔষধৰ এটা টেবলেটৰ দাম হ'ব ১৩.৬৬ টকা। 
 
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সৰ্বসাধাৰণ ৰাইজে কৰ্কট ৰোগৰ চিকিৎসা কৰাটো অধিক টান হৈ পৰিব। কাৰণ এনে ৰোগৰ ঔষধৰ দামো যথেষ্ট হাৰত বৃদ্ধি পাব। 
 
ইফালে  আজিৰে পৰা অসমত বৃদ্ধি পাব বিলাতী সুৰাৰ দামো। উদং ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত অসম চৰকাৰে বিলাতী সুৰাৰ দাম যথেষ্ট হাৰত বৃদ্ধি কৰিছে। সেইবাবে ১৫০ টকাৰ পৰা ৩১২ টকাপর্যন্ত বৃদ্ধি পাব বিলাতী সুৰাৰ মূল্য।