ৰোহিংগীয়া শৰণাৰ্থীসকলৰ ভাৰতত বসতি স্থাপনৰ কোনো অধিকাৰ নাইঃ উচ্চতম ন্যায়ালয়ত শপতনামা কেন্দ্ৰৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ৰোহিংগীয়া শৰণাৰ্থী সন্দৰ্ভত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে। এই শপতনামাত কেন্দ্ৰই কৈছে যে ভাৰতত বিদেশীক শৰণাৰ্থী হিচাপে কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰি। বিশ্বৰ সৰ্বাধিক জনসংখ্যা আৰু সীমিত সম্পদৰ উন্নয়নশীল দেশ হিচাপে ভাৰতে নিজৰ নাগৰিকক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ।
 
আইনগত কাঠামোৰ বাহিৰত শৰণাৰ্থীৰ মৰ্যাদাৰ কোনো স্বীকৃতি দিব নোৱাৰি আৰু শৰণাৰ্থীৰ মৰ্যাদা ঘোষণা কৰাটো ন্যায়িক আদেশৰ জৰিয়তেও হ’ব নোৱাৰে বুলি কেন্দ্ৰই শপতনামাত উল্লেখ কৰে।
 
কেন্দ্রই কয়, "অধিকাংশ বিদেশীয়ে অবৈধভাৱে ভাৰতত প্রৱেশ কৰিছে। সংবিধানৰ অধীনত মৌলিক অধিকাৰসমূহ কেৱল দেশৰ নাগৰিকৰ বাবেহে উপলব্ধ। গতিকে আবেদনকাৰীসকলে নতুন শ্ৰেণীৰ নাগৰিক সৃষ্টিৰ দাবী কৰিব নোৱাৰে। এই পৰিসৰৰ সিদ্ধান্ত বিধায়িনী দলৰ একচেটিয়া অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে আৰু ন্যায়িক আদেশৰ জৰিয়তে অনুমতি দিব নোৱাৰি।"
শপতনামাত উল্লেখ আছে যে অবৈধ প্ৰব্ৰজনকাৰী হোৱাৰ বাবে ৰহিংগীয়াসকলে সংবিধানৰ তৃতীয় খণ্ডৰ অধীনত সুৰক্ষা দাবী কৰিব নোৱাৰে। কাৰণ, সংবিধানৰ তৃতীয় অনুচ্ছেদে অবৈধ অনুপ্ৰৱেশকাৰীক নহয়, কেৱল দেশৰ নাগৰিককহে সুৰক্ষা প্ৰদান কৰে। ২১ নং অনুচ্ছেদৰ অধীনত এজন বিদেশীয়ে জীৱন আৰু স্বাধীনতাৰ অধিকাৰহে লাভ কৰে। তেওঁলোকে ভাৰতত বসতি স্থাপনৰ মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰে। কেৱল ভাৰতীয় নাগৰিকৰহে এই অধিকাৰ আছে।
 
উল্লেখ্য যে, ৰোহিংগীয়া হৈছে ম্যানমাৰৰ ৰাখাইন প্ৰদেশত বাস কৰা ছুন্নী মুছলমান। বৌদ্ধ ধৰ্মাৱলম্বী ম্যানমাৰত ৰোহিংগীয়া মুছলমান সংখ্যালঘু। তেওঁলোকৰ জনসংখ্যা ১০ লাখতকৈ অলপ বেছি বুলি কোৱা হয়। ধাৰাবাহিক সামৰিক শাসনৰ পিছত কিছু সুস্থিৰ হৈ পৰা এই দেশত লোকপিয়লৰ সময়ত ৰোহিংগীয়াসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কোৱা হৈছিল যে তেওঁলোক বাংলাদেশৰ পৰা বলপূৰ্বকভাৱে ইয়ালৈ আহিছিল আৰু বাংলাদেশলৈ ঘূৰি যাব লাগে।