ছামছুন বিবিয়ে কয় যে, তেওঁ শ্মশানখনক সমীপতে থকা মুছলমান লোকসকলৰ কবৰস্থানৰ সমানে সন্মান কৰে। তেওঁ কয়, "মই ইয়াত ইয়াৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিবলৈ আহিছো। ক’ভিডৰ আটাইতকৈ বেয়া সময়তো মই আন্তৰিকতাৰে নিজৰ কৰ্তব্য পালন কৰিছিলোঁ।"
ছামছুন বিবিয়ে নিজৰ তিনিজনী কন্যা আৰু স্বামীৰ সৈতে শ্মশানখনৰ সমীপৰ এটা সৰু খেৰৰ জুপুৰিত বসবাস কৰে। তেওঁ কয়, "মোৰ এই কামৰ বাবে মোৰ পৰিয়াল তথা আত্মীয়ৰ তৰফৰ পৰা কোনো ধৰনৰ সমস্যা হোৱা নাই, তেওঁলোকে প্ৰতিদিনে শ্মশানখন চাফা কৰাৰ কামত মোক সহায়- সহযোগিতাহে আগবঢ়াই আহিছে।" তেওঁৰ স্বামী শ্বেখ চুলেমান হৈছে দিন হাজিৰা কৰা এগৰাকী শ্ৰমিক।
শ্মশানখন চোৱাচিতা কৰাৰ এই কাম আৰম্ভ হৈছিল ২০১২ চনৰ পৰাই। যেতিয়া শ্বেখ চুলেমান আৰু তেওঁৰ পত্নী ছামছুন বিবিয়ে ওড়িশাৰ সৰু চহৰ কেন্দ্ৰপাৰা অৱস্থিত এই শ্মশানখনৰ তত্ত্বাৱধায়ক হিচাপে কৰ্তব্য গ্ৰহণ কৰিছিল। শ্মশানখনৰ ভিতৰ অঞ্চল ঝাড়ুৰে পৰিষ্কাৰ কৰা, প্ৰতিটো পানীৰ নৈবেদ্য আৰু পবিত্ৰ পোহৰৰ প্ৰতিটো মৃদু টিপটিপনিৰে ছামছুন বিবিয়ে হিন্দু আৰু মুছলমান উভয়ে সম্প্ৰদায়ৰ মাজত প্ৰেম আৰু সম্প্ৰীতিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি শ্ৰদ্ধা আৰু সন্মানৰ সুৰৰ সৃষ্টি কৰিছে।
এসময়ত নিৰ্জন হৈ পৰি থকা শ্মশানখন সম্প্ৰতি ছামছুন বিবিৰ তত্বাৱধানত বিভিন্ন প্ৰকাৰৰ গছ-লতিকাৰে সজ্জিত হৈ নন্দনিক বাতাৱৰণৰ সৃষ্টি কৰিছে। তেওঁ সতৰ্কতাৰে শ্মশানখনৰ কাম-কাজ মসৃণভাৱে আয়োজন কৰি আহিছে আৰু এই পবিত্ৰ চৌহদৰ ভিতৰত শান্তি ৰক্ষা কৰাটো নিশ্চিত কৰি তেওঁ দুৱাৰমুখত সজাগ অভিভাৱক হিচাপে থিয় হৈ আহিছে।
ছামছুন বিবিয়ে কয় যে, তেওঁৰ বাবে হিন্দুসকলৰ শ্মশান আৰু মুছলমানসকলৰ কবৰস্থানৰ মাজত কোনো বিভেদ নাই। স্থানীয় ৰাইজে কয় যে পদপথৰ কুকুৰ আৰু পশুধনক শ্মশানখনৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াটো অতি কঠিন হৈ পৰিছিল। কিন্তু এতিয়া যিহেতু ছামছুনে প্ৰৱেশদ্বাৰখন বন্ধ কৰি ৰাখে, গতিকে তাত প্ৰৱেশ কৰিব নোৱাৰে৷
কেন্দ্ৰপাৰাৰ জ্যেষ্ঠ অধিবক্তা উমেশ চন্দ্ৰ সিঙে কয় যে, যি সময়ত সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ধৰ্মীয় সহনশীলতা বিৰল হৈ পৰিছে, সেই সময়ত ছামছুন বিবি এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। ধৰ্মীয় অসহিষ্ণুতাৰ ধুমুহাময় সাগৰত আশাৰ ৰেঙনি আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ চিৰস্থায়ী মনোভাৱৰ জীৱন্ত মূৰ্তি হৈ পৰিছে ছামছুন বিবি। তেওঁৰ উদাৰতাই যুগ যুগ ধৰি প্ৰতিধ্বনিত হৈ থাকিব।
(ৰীতা ফাৰহাট মুকান্দ এগৰাকী স্বতন্ত্ৰ লেখিকা)