দেশৰ পাঁচখন ৰাজ্যৰ ৬১ গৰাকী মহিলা বিধানসভালৈ নিৰ্বাচিত

Story by  atv | Posted by  Munni Begum • 2 Years ago
বিধানসভালৈ নিৰ্বাচিত মহিলাৰ প্ৰতিনিধিত্বমুলক ফটো
বিধানসভালৈ নিৰ্বাচিত মহিলাৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৬১ গৰাকী মহিলা নিৰ্বাচিত হৈছে। পৃথক ৰাজ্য হিচাপে উত্তৰাখণ্ড গঠন হোৱা আৰু স্বাধীনতাৰ পিচত মণিপুৰত প্ৰথমবাৰলৈ সৰ্বাধিক সংখ্যক মহিলা বিধানসভালৈ নির্বাচিত হৈছে। 
অৱশ্যে উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্যত পূৰ্বৰ তুলনাত মহিলা জনপ্রতিনিধিৰ সংখ্যা এইবাৰ হ্ৰাস পাইছে। এইবাৰ ৰাজ্যখনত মুঠতে ৩৩ গৰাকী মহিলা বিধায়ক হিচাপে নির্বাচিত হৈছে। ইয়াৰে ২৫ গৰাকী এন ডি এৰ, ৭ গৰাকী সমাজবাদী পার্টি মৰ্চাৰ আৰু এগৰাকী কংগ্ৰেছৰ।
পূৰ্বৱৰ্তী উত্তৰ প্ৰদেশ বিধানসভালৈ ৪১ গৰাকী মহিলা বিধায়ক হিচাপে নির্বাচিত হৈছিল। পঞ্জাবত এইবাৰ ১৩ গৰাকী মহিলা বিধায়ক হিচাপে নির্বাচিত হৈছে। ইয়াৰে ১১ গৰাকী আপৰ। ২০১৭ চনত পঞ্জাবত মহিলা বিধায়কৰ সংখ্যা আছিল মাত্র ৬ গৰাকী। 
 
উত্তৰাখণ্ডত এইবাৰ ৮ গৰাকী মহিলা বিধায়ক নির্বাচিত হৈছে। এইদৰে গোৱাত ৩ গৰাকী আৰু মণিপুৰত ৩ গৰাকী মহিলা বিধায়ক এইবাৰ নিৰ্বাচিত হৈছে।