নতুন কোভিড-১৯ ৰ প্ৰকাৰ ধৰা পৰিছে ইজৰাইলত

Story by  atv | Posted by  [email protected] • 2 Years ago
নতুন কোভিড-১৯ ৰ  প্ৰকাৰ ধৰা পৰিছে ইজৰাইলত
নতুন কোভিড-১৯ ৰ প্ৰকাৰ ধৰা পৰিছে ইজৰাইলত
জেৰুছালেম

ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে শুক্ৰবাৰে দক্ষিণ আফ্ৰিকা আৰু অন্যান্য দেশত ধৰা বি.১.১.৫২৯ নামেৰে জনাজাত কোভিড-১৯ ৰ নতুন প্ৰকাৰৰ কথা অৱগত কৰে।

মন্ত্ৰালয়ে জনাই যে মালাৱিৰ পৰা উভতি অহা এজন ইজৰাইলীক কৰা এক পৰীক্ষাত ধৰা পৰিছে এই নতুন প্ৰকাৰৰ কোভিড।

লগতে বিদেশৰ পৰা উভতি অহা দুজন ইজৰাইলীৰ সৈতে সংক্ৰমণৰ অধিক সন্দেহ প্ৰকাশ কৰিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালী বেনেট আৰু স্বাস্থ্য মন্ত্ৰী নিটজান হ'ৰৱিটজে দক্ষিণ আফ্ৰিকা, লেচোথা, বটচৱান, জিম্বাৱোয়ে, মোজাম্বিক, নামিবিয়া আৰু এস্বতিনীক 'ৰঙা দেশ' হিচাপে তালিকাভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।