কেপ কেনাভেৰল
দেওবাৰে ফ্ল’ৰিডাৰ পৰা এক্সিয়াম স্পেছে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ ব্যক্তিগত অভিযানৰ ৰকেট উৰা মাৰিব। যি অভিযানত প্ৰথম দুজন ছৌদি মহাকাশচাৰী কক্ষপথৰ গৱেষণাগাৰলৈ লৈ যাব।
স্তন কৰ্কট গৱেষক ৰায়নাহ বাৰ্নাউই মহাকাশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ছৌদি মহিলা হিচাপে পৰিগণিত হ’ব আৰু তেওঁৰ সৈতে এই অভিযানত সহযোগ কৰিব সহযোগী ছৌদি আলী আল-কাৰ্ণী নামৰ যুঁজাৰু পাইলট গৰাকীয়ে।
দক্ষিণ ফ্ল’ৰিডা ৰাজ্যৰ কেপ কানাভেৰালৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা বিয়লি ৫:৩৭ বজাত (২১৩৭ জিএমটি) স্পেচএক্স ফেলকন ৯ ৰকেটেৰে উৰা মাৰিব এক্সিয়াম মিছন ২ (এক্স-২)ৰ দলটোৱে।
দলটোত আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন, যিগৰাকীয়ে আই এছ এছলৈ চতুৰ্থবাৰৰ বাবে বিমান চলাব আৰু টেনেচিৰ এজন ব্যৱসায়ী জন শ্বফনাৰ, যিগৰাকীয়ে পাইলট হিচাপে কাম কৰিব। আই এছ এছত প্ৰায় ১০ দিন কটাবলগীয়া হৈছে। সোমবাৰে দুপৰীয়া ১:৩০ বজাৰ আশে-পাশে উপস্থিত হ’ব লাগে।
শেহতীয়াকৈ এখন সংবাদমেলত বাৰ্ণৱীয়ে কয় যে, "প্ৰথম ছৌদি মহিলা মহাকাশচাৰী হোৱাৰ বাবে অঞ্চলটোক প্ৰতিনিধিত্ব কৰা ই এক বৃহৎ আনন্দ আৰু সন্মানৰ কথা, যি কৰিবলৈ পাই মই অত্যন্ত সুখী।"
তেওঁ লগতে কয় যে, তেওঁ বোৰ্ডত কৰিবলগীয়া গৱেষণাৰ বাবে উত্তেজনাৰ বাহিৰেও আই এছ এছত থকাৰ সময়ত ল’ৰা-ছোৱালীৰ সৈতে তেওঁৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ তেওঁ আগ্ৰহী। প্ৰথমবাৰৰ বাবে নিজৰ অঞ্চলৰ মহাকাশচাৰীক দেখাৰ সময়ত তেওঁলোকৰ মুখখন চাব পৰাটো অতি ৰোমাঞ্চকৰ বুলিও তেওঁ কয়।
নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন, পাইলট জন শ্বফনাৰ, ছৌদিৰ স্তন কৰ্কট গৱেষক ৰায়নাহ বাৰ্নাউই আৰু যুঁজাৰু পাইলট আলী আল-কাৰ্ণী
কেৰিয়াৰ যুঁজাৰু পাইলট আল-কাৰ্ণীয়ে কয় যে তেওঁৰ সদায় অজ্ঞাত ঠাই অন্বেষণ কৰাৰ আবেগ আছিল আৰু কেৱল আকাশ আৰু তৰাবোৰৰ প্ৰশংসা কৰাৰ আগ্ৰহ আছিল।
তেওঁ কয়, "মোৰ ওচৰত থকা এই আবেগ অনুসৰণ কৰাটো মোৰ বাবে এক উত্তম সুযোগ আৰু এতিয়া হয়তো কেৱল তৰাৰ মাজলৈ উৰি যাম।"
এই অভিযান ছৌদি আৰৱৰ মহাকাশত প্ৰথম আগ্ৰাসন নহয়। ১৯৮৫ চনত ৰাজকুমাৰ চুলতান বিন ছালমান বিন আব্দুলআজিজে বায়ুসেনাৰ পাইলট আমেৰিকাৰ সংগঠিত মহাকাশ যাত্ৰাত অংশ লৈছিল।
কিন্তু এগৰাকী ছৌদি মহিলাক জড়িত কৰা মহাকাশ অভিযানটোৱেই হৈছে তেল সমৃদ্ধ উপসাগৰীয় ৰাজ্যখনৰ শেহতীয়া পদক্ষেপ। য’ত মহিলাসকলে মাত্ৰ কেইবছৰমানৰ আগতেহে গাড়ী চলোৱাৰ অধিকাৰ লাভ কৰিছিল।
২০১৮ চনত ৰাজ্যখনে ছৌদি মহাকাশ আয়োগ স্থাপন কৰিছিল আৰু যোৱা বছৰ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। চাৰিজনীয়া এই দলটোৱে আই এছ এছত থকাৰ সময়তে প্ৰায় ২০টা পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সাজু হৈছে।
ইতিমধ্যে আই এছ এছত থকা আন ৭ জনৰ সৈতে তেওঁলোকে যোগ দিব: ৩ জন ৰাছিয়ান, ৩ জন আমেৰিকান আৰু আমিৰাছীৰ মহাকাশচাৰী চুলতান আল-নেয়াদী, যিগৰাকীয়ে যোৱা মাহত মহাকাশ ভ্ৰমণলৈ যোৱা প্ৰথমগৰাকী আৰব নাগৰিক আছিল।
আই এছ এছলৈ এই অভিযান আই এছ এছৰ কী হোল্ডাৰ নাছাৰ সৈতে অংশীদাৰিত্বৰে দ্বিতীয়টো হ’ব। যিটো ব্যক্তিগত মহাকাশ কোম্পানী এক্সিয়াম স্পেছে লাখ লাখ ডলাৰৰ ৰাশিত এই বিৰল যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে।
কোম্পানীটোৱে মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিয়া, তেওঁলোকৰ পৰিবহণৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ থকাৰ ব্যৱস্থা সুচাৰুৰূপে নিশ্চিত কৰাৰ তদাৰক কৰিছে।
২০২২ চনৰ এপ্ৰিল মাহত এক্সিয়াম স্পেছে আই এছ এছলৈ প্ৰথমটো ব্যক্তিগত মহাকাশচাৰী অভিযান চলাইছিল। য’ত তিনিজন ব্যৱসায়ী আৰু প্ৰাক্তন মহাকাশচাৰী মাইকেল লোপেজ-এলেগ্ৰিয়াক এক্স-১ৰ অংশ হিচাপে ১৭ দিন কক্ষপথত কটাবলৈ প্ৰেৰণ কৰিছিল।
সেই সময়ত আই এছ এছৰ কিছুমান মহাকাশচাৰীয়ে কৈছিল যে তেওঁলোকে নিজৰ দিনটোৰ পৰা সময় উলিয়াব লাগিব। শূন্য মাধ্যাকৰ্ষণ শক্তিত বহুমূলীয়া মহাকাশ পৰ্যটকৰ যত্ন ল'বলৈ।
হুইটছনে কয় যে মোৰ সময় আচলতে মাইক লোপেজ-এলেগ্ৰিয়াৰ প্ৰথম মিছনত থকা সময়তকৈ বহু কম বাধাপ্ৰাপ্ত। হুইটছনে কয়, "মই ক্ৰু মেম্বাৰসকলক সহায়ৰ প্ৰয়োজন হোৱাৰ বাবে বহুত বেছি সহায় কৰিব পাৰিম।"
মহাকাশযানৰ ভিতৰৰ এক দৃশ্য
এক্সিয়াম স্পেচৰ বাবে এই অভিযানসমূহ হৈছে এক অভিলাষী লক্ষ্যৰ দিশত প্ৰথম পদক্ষেপ: নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ, ২০২৫ চনত প্ৰথম মডিউলটো মুকলি হোৱাৰ আশা কৰা হৈছে। ষ্টেচনটো প্ৰথমে আই এছ এছৰ সৈতে সংযুক্ত হ’ব আৰু তাৰ পিছত স্বতন্ত্ৰভাৱে পৃথক হ’ব আৰু কক্ষপথত ঘূৰিব।
নাছাই ২০৩০ চনৰ আশে-পাশে আই এছ এছক অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে মহাকাশচাৰীক ব্যক্তিগত ষ্টেচনলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে, যিয়ে নিজৰ ক্লায়েণ্টকো আতিথ্য প্ৰদান কৰিব, যাৰ ফলত আমেৰিকাৰ মহাকাশ সংস্থাটোৱে কেইবাটাও কোম্পানীয়ে কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিছে।
শেহতীয়াকৈ ৰাছিয়াই আই এছ এছৰ ব্যৱহাৰ ২০২৮ চনলৈ বৃদ্ধি কৰিবলৈ সন্মত হৈছে। যোৱা বছৰ মস্কোৱে ইউক্ৰেইন আক্ৰমণৰ বাবে ক্ৰেমলিন আৰু পশ্চিমৰ মাজত সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ বাবে ইয়াৰ পূৰ্বেও আঁতৰি যোৱাৰ ভাবুকি দিছিল।
আন আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ দেশসমূহ ক্ৰমে জাপান, কানাডা আৰু ইউৰোপীয় মহাকাশ সংস্থাই আমেৰিকাৰ দৰেই ২০৩০ চনলৈ কাৰ্য্যকলাপ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে।