ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত-আমেৰিকাৰ সন্মুখত পুনৰ হেঙাৰ হৈ থিয় দিলে চীন

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
নতুন দিল্লী
 
জয়ছ-ই মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ তথা পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনটোৰ জ্যেষ্ঠ নেতা আব্দুল ৰৌফ আজহাৰক ভাৰত আৰু আমেৰিকাই ব্লেকলিষ্ট কৰিবলৈ ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ উত্থাপন কৰিছে যদিও ৰঙা চীন এই ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে। দূধৰ্ষ সন্ত্ৰাসবাদীজনক ব্লেকলিষ্ট কৰাৰ প্ৰস্তাৱ চীনে সাময়িকভাৱে স্থগিত ৰাখিছে। 
 
১৯৭৪ চনত পাকিস্তানত জন্মগ্ৰহণ কৰা আব্দুল ৰৌফ আজহাৰক ২০১০ চনৰ ডিচেম্বৰ মাহত আমেৰিকাই নিষিদ্ধ ঘোষণা কৰিছিল। 
 
বুধবাৰে সূত্ৰই জনোৱা মতে, আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰি তেওঁৰ ওপৰত সম্পত্তি জব্দ, ভ্ৰমণ নিষেধাজ্ঞা আৰু অস্ত্ৰ নিষেধাজ্ঞাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰত আৰু আমেৰিকাৰ প্ৰস্তাৱ চীনে স্থগিত ৰাখিছে।
 
দুমাহ নৌহওঁতেই দ্বিতীয়বাৰৰ বাবে চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিৰ অধীনত পাকিস্তানৰ সন্ত্ৰাসবাদীক ব্লেকলিষ্ট কৰিবলৈ আমেৰিকা আৰু ভাৰতৰ প্ৰস্তাৱত বাধা আৰোপ কৰিছে।
চলিত বৰ্ষৰ জুন মাহত চীনে পাকিস্তানৰ সন্ত্ৰাসবাদী আব্দুল ৰহমান মাক্কিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ আল কায়দা নিষেধাজ্ঞা সমিতিৰ অধীনত নিষিদ্ধ কৰাৰ বাবে ভাৰত আৰু আমেৰিকাৰ যৌথ প্ৰস্তাৱ স্থগিত ৰাখিছিল। মাক্কি হৈছে আমেৰিকাই নিযুক্ত সন্ত্ৰাসবাদী আৰু লস্কৰ-ই-টাইবাৰ মুৰব্বী আৰু ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ ভায়েক।
নতুন দিল্লী আৰু ৱাশ্বিংটন ডি চিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ ইছলামিক ষ্টেট আৰু আল কায়দা নিষেধাজ্ঞা সমিতিৰ অধীনত মাক্কিক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ যৌথ প্ৰস্তাৱ আগবঢ়াইছিল যদিও শেষ মুহূৰ্তত বেইজিঙে এই প্ৰস্তাৱ খাৰিচ কৰে।