এদিনতে বছৰটোৰ বৰষুণ হোৱাৰ পিছত ডুবাইত বানপানী

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
ডুবাইৰ বানপীড়িত ৰাস্তাত বাহন
ডুবাইৰ বানপীড়িত ৰাস্তাত বাহন
ডুবাই

মঙলবাৰে ডুবাইত এদিনতে এবছৰৰ বৰষুণ হোৱাৰ ফলত সমগ্ৰ চহৰখনতে তীব্ৰ বানপানী হয় আৰু ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱে সাগৰৰ দৰে দেখা যায়। আনহাতে পথসমূহ নদীলৈ পৰিণত হয় আৰু ঘৰবোৰ প্লাৱিত হয়। বিমানবন্দৰটোৱে প্ৰায় আধা ঘণ্টা ধৰি বিমান সেৱা বন্ধ কৰি দিয়ে।

মঙলবাৰে বিমানবন্দৰটোত মাত্ৰ ১২ ঘণ্টাত প্ৰায় ১০০ মিলিমিটাৰ বৰষুণ আৰু ২৪ ঘণ্টাত মুঠ ১৬০ মিলিমিটাৰ বৰষুণ হয়। গড়ে ডুবাই চহৰত এবছৰত প্ৰায় ৮৮.৯ মিলিমিটাৰ বৰষুণ হয়।

বুধবাৰে পুৱা এটা পৰামৰ্শত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ভ্ৰমণকাৰীসকলক “আপোনাৰ বিমানৰ অৱস্থা পৰীক্ষা কৰক ... আৰু বিমানবন্দৰলৈ যথেষ্ট অতিৰিক্ত সময়ৰ অনুমতি দিবলৈ” আহ্বান জনায়।

সামাজিক মাধ্যমত ভিডিঅ’ত দেখা গ’ল যে ৰাণৱে সম্পূৰ্ণৰূপে ডুব গৈছে। বৃহৎ যাত্ৰীবাহী জেট বিমানবোৰ সাগৰৰ দৰে বানপানীৰে ভৰা ৰাণৱেত গতি কৰা নাওৰ দৰে দেখা গৈছিল।

ডুবাইৰ ৱেবছাইটত মঙলবাৰে , ভাৰত, পাকিস্তান, চৌদি আৰৱ আৰু ব্ৰিটেইনকে ধৰি ক্ষতিগ্ৰস্ত গন্তব্যস্থানসমূহলৈ বহুত বিমান পলম হোৱা বা বাতিল হোৱা দেখা গৈছিল।

এক বিবৃতিত এমিৰেটছ বিমান সংস্থাই কয় যে প্ৰতিকূল বতৰৰ ফলত একাধিক বিমান পলম বা বাতিল কৰা হৈছে।

কম খৰচী বিমান সংস্থা ফ্লাইডুবাইয়েও নিশ্চিত কৰিছে যে বুধবাৰে (স্থানীয় সময় অনুসৰি) পুৱা ১০ বজালৈকে ডুবাইৰ পৰা যাত্ৰা কৰা সকলো বিমান সাময়িকভাৱে বন্ধ কৰি দিছে।

"আজি সন্ধিয়া (১৬ এপ্ৰিল) ডুবাইৰ পৰা যাত্ৰা কৰিবলৈ নিৰ্ধাৰিত সকলো ফ্লাইডুবাই বিমান ১৭ এপ্ৰিলৰ ১০:০০ বজালৈকে (ডুবাই স্থানীয় সময় অনুসৰি) তাৎক্ষণিক ভাবে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে। এই সময়ছোৱাত, যিসকল যাত্ৰীৰ অন্তিম গন্তব্য স্থান হিচাপে ডুবাই নহয় তেওঁলোকক ভ্ৰমণৰ বাবে গ্ৰহণ কৰা নহ'ব," সংবাদ সংস্থাই বিমান সংস্থাটোৰ মুখপাত্ৰৰ উদ্ধৃতিৰে বিবৃতিটোত এইদৰে কয়।

মঙলবাৰে পুৱা সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ডুবাই, আবুধাবি, শ্বাৰজাহকে ধৰি দেশৰ বৃহৎ অঞ্চলৰ বাবে বতৰৰ সতৰ্কবাণী জাৰি কৰিছিল।

ডুবাই আৰক্ষীয়েও মহানগৰীৰ কিছুমান পথৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ জাৰি কৰে।

ইফালে অঞ্চলটোৰ আন আন দেশতো ধাৰাসাৰ বৰষুণ আৰু পৰৱৰ্তী সময়ত বানপানীৰ সৃষ্টি হয়।

চুবুৰীয়া ৰাষ্ট্ৰ ওমানত তীব্ৰ বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে।

বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৪ এপ্ৰিলত বানপানীৰ অঞ্চল পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত প্ৰবল সোঁতে উটুৱাই নিয়াৰ ফলত ১০ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল।

ইফালে বাহৰেইনত সামাজিক মাধ্যমৰ ভিডিঅ’ত দেখা গৈছে যে বানপানীত পথত আবদ্ধ হৈ থকা বাহনসমূহ।