এভাৰেষ্টৰ শীৰ্ষত অসম সন্তান হেদায়েত আলী

Story by  atv | Posted by  [email protected] • 1 Years ago
হেদায়েত আলী
হেদায়েত আলী

ইমতিয়াজ আহমেদ, মুকুট শৰ্মা/গুৱাহাটী

অসমবাসীলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে পৰ্বতাৰোহী হেদায়েত আলীয়ে। চাকৰিসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা অসমৰ হাজোৰ দামপুৰ গাঁওৰ সু-সন্তানগৰাকীয়ে সুউচ্চ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহন কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত তেওঁ এভাৰেষ্ট শৃংগৰ শীৰ্ষত আৰোহন কৰিবলৈ সক্ষম হৈছে।  
এই বিৰল সুখ্যাতি অৰ্জন কৰা হেদায়েত আলী হ’ল অসমৰ অষ্টমগৰাকী পৰ্বতাৰোহী। ইয়াৰ পূৰ্বে তৰুণ শইকীয়া, মনীষ ডেকা, হেনৰী ডেভিদ ইংটি, খোৰচিং টেৰন, নব কুমাৰ ফুকন, নন্দ দুলাল দাস আৰু কুনচুক টেম্পাই এই কৃতিত্ব অৰ্জন কৰিছিল।

অসম-ভূটান সীমান্তৰ দৰংগামেলাৰ বাসিন্দা কুনচুক টেম্পাই ২০০৮ চনত ভাৰতীয় সেনাবাহিনীৰ হৈ এভাৰেষ্ট আৰোহণ কৰিছিল। তেওঁ ২০১৮ চনত অক্সিজেনৰ সহায় অবিহনে দ্বিতীয়বাৰৰ বাবে শৃংগটোৰ শীৰ্ষত উপনীত হৈছিল। অসম মাউন্টেনিয়াৰিং এছ'চিয়েশ্যনৰ(এএমএ)সম্পাদক মানস বৰুৱাই এই কথা জানিবলৈ দিছে। 

মাউন্ট এভাৰেষ্টৰ শীৰ্ষত অসম সন্তান হেদায়েত আলী

"এয়া নিশ্চিতভাৱে অসমৰ বাবে এক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। এভাৰেষ্ট অভিযানৰ পূৰ্বে তেওঁ অসম মাউন্টেনিয়াৰিং এছ'চিয়েশ্যনৰ সৈতে নিৰন্তৰ যোগাযোগত আছিল। তেওঁ পৰামৰ্শৰ বাবে মোৰ আৰু আমাৰ এভাৰেষ্ট আৰোহণকাৰী হেনৰী ডেভিড ইংটিৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০১৯ চনত এভাৰেষ্ট আৰোহণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ, কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বেছ কেম্পৰ পৰা ওভতি আহিবলগীয়া হৈছিল। আমি সুখী যে তেওঁ এইবাৰ সফলতাৰে অভিযান সমাপ্ত কৰিছে।"-বৰুৱাই আৱাজ দ্য ভইছক এইদৰে কয়।

"এইটো নিঃসন্দেহে অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। যদিও তেওঁ আমেৰিকাৰ হৈ এভাৰেষ্ট জয় কৰিছে, তথাপি এগৰাকী অসম সন্তানৰ এই সাফল্যই আমাক আনন্দ দিছে। মহাবিদ্যালয়ত পঢ়ি থকাৰ দিনৰ পৰাই তেওঁৰ এভাৰেষ্ট জয়ৰ সপোন আছিল।" এএমএৰ মুখ্য উপদেষ্টা সত্যেন শৰ্মাই কয়। অসমৰ এক আগশাৰীৰ পৰ্বতাৰোহণ ক্লাব এক্সপ্ল'ৰাৰ ক্লাবেও হেদায়েত আলীৰ ঐতিহাসিক সাফল্যক প্ৰশংসা কৰিছে।

গোৱালপাৰা সৈনিক স্কুলত অধ্যয়ন কৰি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা হেদায়েত আলী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিলিকন ভেলীত ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বে তেওঁ দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰুছ, আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কিলিমাঞ্জাৰো পৰ্বতৰ মাউণ্ট একনোগুৱাও সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছিল। 

এভাৰেষ্ট অভিযানৰ এক মুহূৰ্ত
 
উল্লেখ্য যে, জন্মসূত্ৰে হাজোৰ হেদায়েত আলীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন ১১গৰাকী পৰ্বতাৰোহীৰ এটা আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে এভাৰেষ্ট জয়ৰ অভিযান চলাইছিল। ২০১৯ চনতো তেওঁ এভাৰেষ্ট জয়ৰ চেষ্টা চলাইছিল। কিন্তু ক'ভিড মহামাৰীৰ বাবে অসম সন্তান হেদায়েতৰ এই অভিযান ব্যৰ্থ হৈছিল।
এভাৰেষ্টৰ শীৰ্ষত আৰোহন কৰা অসমৰ প্ৰথমগৰাকী পৰ্বতাৰোহী আছিল তৰুণ শইকীয়া। তেওঁ ২০১৩ৰ ১৮ মে'ত এভাৰেষ্টৰ শীৰ্ষত উপনীত হৈছিল। ইয়াৰ কিছুদিন পিছতে ২৪ মে'ত আন এগৰাকী অসম সন্তান মনীষ কুমাৰ ডেকাই এভাৰেষ্ট জয় কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছিল। 
অসমৰ আন এজন পৰ্বতাৰোহী তথা জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে ২০১৫ চনত এভাৰেষ্টৰ শীৰ্ষত উপনীত হ'বলৈ চেষ্টা কৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে শীৰ্ষৰ পৰা প্ৰায় ৫,৫০০ ফুট দূৰত্বৰ পৰা উভতি আহিব লগা হৈছিল।