পাকিস্তানৰ মছজিদত তালিবানৰ আত্মঘাতী বিস্ফোৰণত ৪৬ জন নিহত, ১০০ জন আহত

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
পেছাৱাৰ
 
পাকিস্তানৰ উত্তৰ-পশ্চিম পেছাৱাৰ চহৰত সোমবাৰে বিয়লিৰ নামাজৰ সময়ত উপাসকৰে ভৰি থকা এটা মছজিদত তালিবানৰ আত্মঘাতী  বিস্ফোৰণত অতি কমেও ৪৬ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। ইয়াৰে বেছিভাগেই আছিল আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্য বিষয়া। 
 
আৰক্ষী চকীৰ ওচৰতে অৱস্থিত মছজিদৰ ভিতৰত দিনৰ প্ৰায় ১.৪০ বজাত উপাসকসকলে বিয়লিৰ নামাজ পঢ়ি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ। উপাসকৰ ৰূপত উপস্থিত থাকি আত্মঘাতী বোমাৰুজনে নিজকে বিস্ফোৰণ ঘটায় বুলি চৰকাৰী বিষয়াসকলে জানিবলৈ দিছে।
 
লেডী ৰিডিং হাস্পতালৰ বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত ৪৬ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে পেছাৱৰ আৰক্ষীয়ে ৩৮ জন ভুক্তভোগীৰ তালিকা প্ৰকাশ কৰিছে। আহতসকলৰ ভিতৰত বেছিভাগেই আছিল আৰক্ষী। তেহৰিক-ই-তালিবান পাকিস্তানৰ নিহত কমাণ্ডাৰ উমৰ খালিদ খুৰাছানীৰ এজন ভাতৃয়ে দাবী কৰে যে যোৱা আগষ্ট মাহত আফগানিস্তানত নিহত হোৱা তেওঁৰ ভাতৃৰ প্ৰতিশোধ পূৰণ কৰিবলৈ তালিবানে এই আত্মঘাতী আক্ৰমণ সংঘটিত কৰে।
 
পাকিস্তানী তালিবান নামেৰে পৰিচিত নিষিদ্ধ টিটিপিয়ে পূৰ্বেও নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি কেইবাটাও আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছিল।