মেক্সিকোৰ চিটি হলত ধাৰাসাৰ গুলীবৰ্ষণ

Story by  atv | Posted by  [email protected] • 1 Years ago
মেক্সিকোৰ চিটি হলত ধাৰাসাৰ গুলীবৰ্ষণ
মেক্সিকোৰ চিটি হলত ধাৰাসাৰ গুলীবৰ্ষণ
মেক্সিকো
 
মেক্সিকোত বৃহস্পতিবাৰে সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। ভয়ংকৰ গুলি চালনাত মেয়ৰসহ আন ১৮জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 
 
 
কোনে কি কাৰণত এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিলে সেই বিষয়ে জানিবলৈ বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে।
 
এই ঘটনাটোত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে যদিও এই পৰ্যন্ত চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই।
 
বিদেশী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে পুৱা মেক্সিকোৰ চিটি হলত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানৰ মাজতে হঠাতে এজন অচিনাকি ব্যক্তিয়ে হলত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। গুলীচালনাত ১০ জন লোকৰ থিতাতে মৃত্যু হয়।
মৃতকৰ ভিতৰত মেয়ৰৰ উপৰি তেওঁৰ পিতৃ, প্ৰাক্তন মেয়ৰ আৰু পৌৰ আৰক্ষীৰ বহু বিষয়া অন্তৰ্ভুক্ত আছে।
 
এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে।