কাশ্মীৰৰ ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা মুছলিম ৱৰ্ল্ড লীগৰ

Story by  atv | Posted by  [email protected] • 21 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা দিছে মুছলিম ৱৰ্ল্ড লীগে। এম ডব্লিউ এলৰ সাধাৰণ সচিবালয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে, "মুছলিম ৱৰ্ল্ড লীগে এই কথা ক'ব বিচাৰিছে যে সমগ্ৰ ইছলামিক বিশ্বই হিংসা আৰু সন্ত্ৰাসবাদক প্ৰত্যাখ্যান কৰে আৰু সকলো প্ৰকাৰৰ হিংসা, সন্ত্ৰাসবাদক তীব্ৰ ভাষাৰে নিন্দা কৰে। ইয়াক যিকোনো ধৰ্ম বা সংস্কৃতিৰ সৈতে জড়িত কৰাৰ সকলো প্ৰচেষ্টাক আমি নাকচ কৰিছো। আমি ভুক্তভোগী পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।"
 
এম ডব্লিউ এলৰ সাধাৰণ সচিবালয়ে এই কথাও কয় যে ছৌদি আৰব ভ্ৰমণলৈ অহা ভাৰতৰ মহামহিম প্ৰধানমন্ত্ৰীয়ে আধাতে ভ্ৰমণ সামৰাৰ সময়ত জাৰি কৰা যৌথ বিবৃতিতো এই ভয়ংকৰ আক্ৰমণৰ উল্লেখ কৰা হৈছে। 
বিবৃতিটোত সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ তীব্ৰ নিন্দা প্ৰকাশ কৰা হৈছে, আৰু যিকোনো জাতি, ধৰ্ম বা সংস্কৃতিৰ সৈতে ইয়াক জড়িত কৰাৰ কোনো প্ৰচেষ্টা নাকচ কৰা হৈছে। ইয়াৰ উপৰিও মুছলমান ৱৰ্ল্ড লীগে “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ইয়াৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত ছৌদি-ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগিতাৰ প্ৰশংসা কৰে। সীমান্তৰ সীপাৰৰ পৰৈ হৈ থকা সন্ত্ৰাসবাদক নিন্দা কৰে আৰু একে সময়তে ইয়াৰ আন্তঃগাঁথনি ভাঙি অপৰাধীসকলক ন্যায় ব্যৱস্থাৰ কাঠগড়ালৈ অনাৰ পোষকতা কৰে”।
 
ইয়াৰ পূৰ্বে মঙলবাৰে পেহেলগামত সংঘটিত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক আৰব বিশ্বৰ দেশসমূহে গৰিহণা দিছিল।