পোপ ফ্ৰান্সিছৰ মৃত্যুত ভাৰতত ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

Story by  atv | Posted by  [email protected] • 3 d ago
পোপ ফ্ৰান্সিছৰ মৃত্যুত অৰ্ধনমিত কৰা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
পোপ ফ্ৰান্সিছৰ মৃত্যুত অৰ্ধনমিত কৰা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
 
নতুন দিল্লী

পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। ২২ আৰু ২৩ এপ্ৰিলত সমগ্ৰ দেশতে এই শোক পালনৰ পিছত পোপৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা পুনৰ এই শোক পালন কৰা হ’ব।
 
সোমবাৰে ভেটিকানৰ নিজৰ বাসগৃহ কাছা চান্টা মাৰ্টাত ৮৮ বছৰীয়া পোপ ফ্ৰান্সিছে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ বিশ্বত শোকৰ ছাঁ পৰিছে। 
 
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয়, “পবিত্ৰ আত্মা তথা সৰ্বোচ্চ পন্টিফ মহামহিম পোপ ফ্ৰান্সিছৰ মৃত্যুত তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মানৰ চিন হিচাপে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। সকলোৱে শ্ৰদ্ধাৰ পোপ ফ্ৰান্সিছৰ ২১ এপ্ৰিল, ২০২৫ তাৰিখে মৃত্যু হয়। তেওঁৰ প্ৰতি সন্মানাৰ্থে সমগ্ৰ ভাৰততে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। ২০২৫ চনৰ ২২ এপ্ৰিল মঙলবাৰ আৰু ২০২৫ চনৰ ২৩ এপ্ৰিল বুধবাৰে দুদিনীয়া ৰাষ্ট্ৰীয় শোক হিচাপে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব, আৰু কোনো ধৰণৰ চৰকাৰী মনোৰঞ্জনৰ অনুষ্ঠান নাথাকিব।"
 
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পোপৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছিল। তেওঁ কয় যে পোপ ফ্ৰান্সিছৰ “ভাৰতৰ জনসাধাৰণৰ প্ৰতি থকা মৰম সদায় স্মৰণ কৰা হ’ব”।