নতুন দিল্লী
জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ হত্যালীলাই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ আক্ৰমণৰ শক্তিশালী প্ৰত্যুত্তৰ বিচাৰিছে দেশবাসীয়ে। এনে সময়তে বুধবাৰে পুৱাৰে পৰা নতুন দিল্লীত ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ মূৰব্বীসকল।
ঘটনাৰ বুজ ল'বলৈ কাশ্মীৰ উপত্যকা ভ্ৰমণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অৱশেষত সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত ডেৰ-দুঘণ্টীয়া বৈঠকৰ অন্তত ভাৰতে পাকিস্তানক ‘প্ৰতিশোধ’ পূৰণৰ পৰিকল্পনা যুগুত কৰে। এই অনুসৰি, নতুন দিল্লীয়ে পাকিস্তানী নাগৰিকৰ ছাৰ্ক ভিছা বাতিল কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰখাকে ধৰি কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন বন্ধ নকৰালৈকে এই সিদ্ধান্ত চলি থাকিব বুলি ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে। ইফালে, আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ সেনা বাহিনীক কঠোৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় সেনা বাহিনীয়ে সমগ্ৰ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ সন্ধানত তীব্ৰ অভিযান চলাই আছে।
উল্লেখ্য যে, কালি নিশা বৈঠকৰ কিছু সময়ৰ পাছতে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত এখন সংবাদমেল অনুষ্ঠিত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰে যে ১৯৬০ চনত পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল সন্ধি ততাতৈয়াকৈ স্থগিত ৰখা হৈছে। ৱাগা-আটাৰী সীমান্তত থকা ভাৰতৰ ‘ইণ্টিগ্ৰেটেড চেক পোষ্ট’ বন্ধ কৰা হৈছে। বৈধ নথি-পত্ৰ লৈ ভাৰতলৈ অহাসকলক ১ মে’ৰ ভিতৰত একে পথেৰে ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।
একেদৰে, পাকিস্তানৰ বাবে বাতিল কৰা হৈছে ছাৰ্কৰ ভিছা। ‘ছাৰ্ক’ ভিছাৰে ভাৰতত থকা পাকিস্তানীসকলক ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ কোৱা হৈছে। নতুন দিল্লীত থকা পাকিস্তানৰ দূতাবাসত নিয়োজিত প্ৰতিৰক্ষা বিষয়াসকলক ‘অনাবাসী’ বুলি ঘোষণা কৰিছে মোদী চৰকাৰে। তেওঁলোকক এসপ্তাহৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে। একেদৰে, ভাৰতে ইছলামাবাদত থকা দূতাবাসৰ পৰাও প্ৰতিৰক্ষা বিষয়াক প্ৰত্যাহাৰ কৰিব।
নতুন দিল্লীয়ে ইছলামবাদত থকা ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰিছে। ভাৰত চৰকাৰে এই সিদ্ধান্ত ভাৰতত থকা পাকিস্তানী দূতাবাসৰ বাবেও ১ মে’ৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি জনাইছে।