তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ; জেদ্দালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Story by  atv | Posted by  [email protected] • 3 d ago
জেদ্দালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
জেদ্দালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ছৌদি আৰৱৰ জেদ্দালৈ ৰাওনা হয়। দেশখনৰ ক্ৰাউন প্ৰিন্স তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানৰ আমন্ত্ৰণক্ৰমে তেওঁ ২২ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ ছৌদি আৰৱ ভ্ৰমণ কৰিব। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি আৰব আৰু উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এনাজৰী কটকটীয়া কৰিছে। 
 
২০১৬ আৰু ২০১৯ চনৰ পিছত এয়া প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ হ’ব। তেওঁৰ পূৰ্বে ভাৰতৰ আন সকলো প্ৰধানমন্ত্ৰীয়ে একেলগে মিলাই যোৱা সাত দশকত তিনিবাৰহে ছৌদি আৰব ভ্ৰমণ কৰিছিল।
 
উপসাগৰীয় অঞ্চলৰ এখন দেশলৈও তেওঁৰ এয়া ১৫ সংখ্যক ভ্ৰমণ। প্ৰস্থানৰ পূৰ্বে দিয়া এক বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি মই ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ আমন্ত্ৰণত দুদিনীয়া ছৌদি ৰাষ্ট্ৰ ভ্ৰমণ আৰম্ভ কৰিছো। শেহতীয়া বছৰবোৰত কৌশলগত গভীৰতা আৰু নতুন গতি লাভ কৰা ছৌদি আৰৱৰ সৈতে থকা আমাৰ দীৰ্ঘদিনীয়া আৰু ঐতিহাসিক সম্পৰ্কক ভাৰতে গভীৰভাৱে মূল্য দিয়ে। আমি একেলগে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্কৰ ক্ষেত্ৰসমূহকে ধৰি এক পাৰস্পৰিকভাৱে উপকাৰী আৰু বস্তুনিষ্ঠ অংশীদাৰিত্ব গঢ়ি তুলিছো। আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতাক প্ৰসাৰিত কৰাৰ বাবে আমি আগ্ৰহ আৰু প্ৰতিশ্ৰুতিৰ ভাগ বতৰা কৰিছো।" 
ছৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক নিজৰ ‘ভাই’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন বৈঠকৰ বাবে আগ্ৰহী।
 
"যোৱা দশকত মোৰ এইটো হ’ব তৃতীয়টো ছৌদি আৰব ভ্ৰমণ আৰু ঐতিহাসিক চহৰ জেদ্দালৈ প্ৰথমটো ভ্ৰমণ। কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিবলৈ মই আগ্ৰহী আৰু ২০২৩ চনত মোৰ ভাতৃ মাননীয় প্ৰিন্স মহম্মদ বিন ছালমানৰ সফল ভাৰত ভ্ৰমণৰ ওপৰত ভিত্তি কৰি মোৰ এইবাৰৰ ভ্ৰমণৰ কাৰ্যসূচী যুগুত কৰা হৈছে।"-প্ৰধানমন্ত্ৰীয়ে কয়।