চৌদি আৰৱৰ জৰুৰীভাৱে উভতিল প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 2 d ago
চৌদি আৰৱৰ জৰুৰীভাৱে উভতিল প্ৰধানমন্ত্ৰী মোদী
চৌদি আৰৱৰ জৰুৰীভাৱে উভতিল প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ পেহেলগামত চলা নৰসংহাৰৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া চৌদি আৰব ভ্রমণ আধাতে সামৰি মঙলবাৰে ৰাতিয়েই জৰুৰীভাৱে দেশলৈ প্ৰত্যাৱৰ্তন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রীৰ সন্মানার্থে চৌদি যুৱৰাজ ছলমানে আয়োজন কৰা নৈশ আহাৰত অংশগ্ৰহণৰ পৰাও বিৰত থাকে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
 
ইয়াৰ পূৰ্বে চৌদিৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণ ৰক্ষা কৰি দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰবত উপস্থিত হৈছিল প্রধানমন্ত্রী মোদী। প্রধানমন্ত্রী মোদীৰ এই ভ্ৰমণৰ সময়ছোৱাতে চৌদি আৰবৰ সৈতে তেল ৰপ্তানি, হজ যাত্ৰা আদিকে ধৰি প্ৰায় ছখন ঐতিহাসিক চুক্তিত ভাৰতে স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছিল বুলি প্রকাশ কৰিছিল সংবাদ প্রতিষ্ঠানে।
 
উল্লেখ্য যে মোদীৰ এই ভ্ৰমণত দুয়োখন দেশৰ মাজত স্বাস্থ্য, বিজ্ঞান আৰু গৱেষণা, প্ৰতিৰক্ষা, সংস্কৃতি আৰু প্রযুক্তি ক্ষেত্র আদিত কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰ কথা আছিল। মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিমানক আকাশমার্গতে বিশেষ সম্ভাষণ জ্ঞাপন কৰি আদৰি নিয়ে চৌদিৰ বায়ুসেনা বাহিনীৰ কেইবাখনো বিমানে।
 
ইয়াৰ পিচতে জেড্ডাত মোদীৰ চৰকাৰী বিমান অৱতৰণ কৰাৰ পাচত তেওঁক বিমান বন্দৰত ২১ জাঁই তোপধ্বনিৰে আদৰণি জনায় দেশখনৰ সামৰিক বাহিনীয়ে। উল্লেখ্য যে মোদীয়ে এই দুদিনীয়া ভ্রমণসূচীত প্রবাসী ভাৰতীয়ৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে চৌদিৰ যুৱৰাজ ছলমানৰ সৈতেও বিশেষ বৈঠকত মিলিত হয়।
 
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিচত চৌদি আৰব আৰু পশ্চিম এছিয়াৰ সৈতে ভাৰতৰ বৃদ্ধি পোৱা কূটনৈতিক ঘনিষ্ঠতাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্রমণ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০১৯ চনতো চৌদি আৰব ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে।