ছুইগি, জোমেটোৰ বিপুল জনপ্ৰিয়তাৰ সময়তে গুৱাহাটীবাসীক স্বাস্থ্যসন্মত খাদ্য পৰিৱেশনৰ ব্যতিক্ৰমী প্ৰয়াস এহাল দম্পতীৰ

Story by  Ariful Islam | Posted by  [email protected] • 1 Years ago
মোজাক্কিৰ হুছেইন আৰু তেওঁৰ পত্নী খাদিজা বেগম
মোজাক্কিৰ হুছেইন আৰু তেওঁৰ পত্নী খাদিজা বেগম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
ছুইগি, জোমেটো, উবেৰ ইটছ দৰে বহুজাতিক ফুড ডেলিভাৰী কোম্পানীৰ বিপুল জনপ্ৰিয়তাৰ সময়তে এহাল দম্পতীয়ে মহানগৰবাসীৰ বাবে লৈ আহিছে স্বাস্থ্যসন্মত আৰু পৰিচ্ছন্ন খাদ্য সামগ্ৰী। বহুজাতিক কোম্পানীসমূহৰ আগ্ৰাসী প্ৰচাৰ আৰু বিজ্ঞাপনৰ বিপৰীতে হাতীগাঁওৰ দম্পতীহালে গুৱাহাটীবাসীক স্বাস্থ্যসন্মত আৰু উন্নত মানৰ খাদ্য সামগ্ৰী যোগান ধৰাত অগ্ৰাধিকাৰ দিছে। 
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মোজাক্কিৰ হুছেইনে কয়; "২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা আমি এই ব্যৱসায় আৰম্ভ কৰিছিলোঁ। প্ৰথমতে আমি ঘৰতে নিমকি বনাইছিলোঁ। নিজেও খালোঁ, ওচৰ চুবুৰীয়াকো দিলোঁ। ওচৰৰ দুই এখন দোকানতো আমি দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত আমি অন্য খাদ্য-সামগ্ৰীসমূহ বনোৱা আৰম্ভ কৰিলোঁ। গ্ৰাহকে যিধৰণে বিচাৰে, আমি সেইদৰে বনাই দিয়াৰ চেষ্টা কৰো। মুৰ্গী, ছাগলী, হাঁহ, মাছ আদি সকলোবোৰ বনোৱা হয়। সকলো খাদ্য আমি একেবাৰে সতেজ সামগ্ৰীৰে প্ৰস্তুত কৰো আৰু গ্ৰাহকক পৰিস্কাৰ-পৰিচ্ছন্নকৈ পৰিৱেশন কৰাৰ ওপৰত বিশেষভাৱে ধ্যান দিও। আগতীয়াকৈ কোনো বস্তু আনি নথও বা বনোৱাৰ পিছতো ৰাখি নথও।"
 

উল্লেখ্য যে, পত্নী আৰু দুই সন্তানৰ সৈতে মোজাক্কিৰ হুছেইন গুৱাহাটীৰ হাতীগাঁওৰ ভাড়াঘৰত থাকে। গ্ৰাহকৰ পৰা অহা অৰ্ডাৰৰ প্ৰতিবিধ ব্যঞ্জন মোজাক্কিৰ হুছেইনৰ পত্নী খাদিজা বেগমে প্ৰস্তুত কৰে। খাদ্য প্ৰস্তুত হোৱাৰ পিছত মোজাক্কিৰ হুছেইনে চাইকেল লৈ গ্ৰাহকৰ ঘৰত ডেলিভাৰী দিয়ে। মোজাক্কিৰ হুছেইনৰ ঘৰুৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে প্ৰস্তুত কৰা খাদ্যৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। পাৰ্টি, ঘৰুৱা সকাম, ৰোমজানৰ ইফটাৰ আৰু অফিচৰ দুপৰীয়াৰ আহাৰৰ বাবে গ্ৰাহকে তেওঁলোকৰ পৰা খাদ্য সামগ্ৰী অৰ্ডাৰ কৰে।
 
ব্যৱসায়ৰ বিষয়ে মোজাক্কিৰ হুছেইনৰ পত্নী খাদিজা বেগমে কয়; "মোৰ ৰন্ধা-বঢ়াত আগৰ পৰাই আগ্ৰহ আছিল। লক ডাউনৰ সময়ৰ পৰাই আমি ইয়াক ব্যৱসায় হিচাপে লোৱাৰ পিছত ৰন্ধা বঢ়াত অলপ বেছিকৈ লাগিবলগীয়া হ'ল। যিমান পাৰোঁ মানুহক উন্নত মানৰ খাদ্য দিবলৈ চেষ্টা কৰোঁ।  গ্ৰাহকে যিয়ে অৰ্ডাৰ নকৰক, সকলোখিনি বনাব পাৰো। কেতিয়াবা ডাঙৰ অৰ্ডাৰ আহিলে অলপ কষ্ট হয়।"
 
Northeast Food Hub ৰ সুস্বাদু ব্যঞ্জন
 
"আমি গ্ৰাহকৰ বাবে যিবোৰ খাদ্য প্ৰস্তুত কৰোঁ, সেই খাদ্যৰ ফটো মই মোৰ 'Northeast Food Hub' নামৰ ফেচবুক পেজটোত শ্বেয়াৰ কৰোঁ। ফেচবুকৰ পৰা আমি আৰু নতুন নতুন গ্ৰাহক লাভ কৰি আছোঁ। আমাৰ নিয়মীয়া গ্ৰাহকসকলে প্ৰথমতে অলপ দাম বেছি বুলি আপত্তি কৰিছিল, যদিও তেওঁলোকে সদায় অৰ্ডাৰ কৰিয়ে আছে। আমি সম্পূৰ্ণ ঘৰুৱা মচলা ব্যৱহাৰ কৰো। যাৰ ফলত গ্ৰাহকসকলে ঘৰত বনোৱা খাদ্যৰ দৰে এক সুকীয়া সোৱাদ লাভ কৰে। তেওঁলোকে ভাল পাই বুলি এইকাৰণেই ক'ব পাৰিছো যে তেওঁলোকে আমাৰ খাদ্য সামগ্ৰী বিচাৰি নিয়মীয়াকৈ অৰ্ডাৰ কৰি আছে", মোজাক্কিৰ হুছেইনে কয়।
 
মনকৰিবলগীয়া যে, মোজাক্কিৰ হুছেইন আৰু খাদিজা বেগমে খাদ্য সামগ্ৰীসমূহ সুস্বাদুকৈ প্ৰস্তুত কৰোতে এই কথাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে যে গ্ৰাহকে যাতে তেওঁলোকৰ সামগ্ৰী খাই কেতিয়াও কোনো বেমাৰৰ সন্মুখীন নহয়।  বজাৰৰ পৰা গোটা মচলা কিনি আনি সেইবোৰ ভালদৰে ধুই, ৰ'দত শুকাই গুৰি কৰি ঘৰুৱা ভাবে প্ৰস্তুত কৰে। বিৰিয়ানী বনালেও কোনো ধৰণৰ কেমিকেল বা ৰঙৰ ব্যৱহাৰ নকৰে, সম্পূৰ্ণ ঘৰুৱা ভাবে তেওঁলোকে বিৰিয়ানী প্ৰস্তুত কৰে।  যাৰ ফলত গ্ৰাহকে খাই এক নতুন সোৱাদ লাভ কৰে আৰু বাৰে বাৰে অৰ্ডাৰ কৰে। 
 
মোজাক্কিৰ হুছেইনে কয়; "আৰম্ভ কৰাৰ সময়তকৈ এতিয়া গ্ৰাহক যথেষ্ট বৃদ্ধি পাইছে। কিন্তু ব্যৱসায় যেতিয়া, কম-বেছিটো থাকিবই। সাধাৰণতে ঠাণ্ডাৰ সময়ত আৰু ৰমজান মাহত গ্ৰাহকৰ সংখ্যা অলপ বৃদ্ধি পাই। এইবাৰ ৰমজান মাহৰ বাবেও আমি সাজু হৈছো। যোৱাবাৰ বহু দূৰ-দূৰৰ পৰা অৰ্ডাৰ আহিছিল কিন্তু মই চাইকেল লৈ ইমান দূৰ ডেলিভাৰী দিব যোৱাটো মোৰ বাবে সম্ভৱ নাছিল। আমাৰ ঘৰত বনোৱা খাদ্য হিচাপত দামটো মই বেছি বুলি নাভাবো। গ্ৰাহকে ভাল পাইছে মোৰ বাবে সেইটোৱেই ডাঙৰ কথা।"
 
খাদ্য বনাই থকা সময়ৰ দৃশ্য
 
২০২০ চনত নৰ্থ ইষ্ট ফুড হাব নামেৰে ক্লাউড কীটছেন আৰম্ভ কৰাৰ আগতে মোজাক্কিৰ হুছেইনে ব্যক্তিগত টিউচন কৰিছিল আৰু সৰুকৈ চাহপাতৰ ব্যৱসায় কৰিছিল। মোজাক্কিৰে চুইগী, জ'মেটত ডেলিভাৰীৰ বাবে দিছিল যদিও, ভাল সঁহাৰি লাভ কৰা নাছিল।
 
লক ডাউনৰ সময়ত কৰ্ম-সংস্থাপনৰ প্ৰতি আহি পৰা ভাবুকিৰ ফলত মোজাক্কিৰ হুছেইন আৰু তেওঁৰ পৰিয়াল মঙ্গলদৈৰ নিজৰ ঘৰলৈ গুচি গৈছিল। সেইসময়ত গুৱাহাটীৰ বহু কেইগৰাকী মহিলাই ক্লাউড কীটছেন আৰম্ভ কৰিছিল। ক্লাউড কীটছেনৰ ধাৰণাটো মোজাক্কিৰ হুছেইনৰ ভাল লাগিছিল। আনহাতে, ক্লাউড কীটছেন কোম্পানী বেহৰ'জ বিৰিয়ানী আৰু অন্য কিছুমানৰ ভিডিঅ' চাই মোজাক্কিৰে অনুপ্ৰেৰণা পাইছিল। "এই ডাঙৰ ব্ৰেণ্ডসমূহৰ কোনো ৰেষ্টুৰেন্ট নোহোৱাকৈ সমগ্ৰ পৃথিৱীতে নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেইসমূহ চাইয়ে মই মোৰ 'নৰ্থ ইষ্ট ফুড হাব নামেৰে ক্লাউড কীটছেন আৰম্ভ কৰিলো", মোজাক্কিৰ হুছেইনে কয়। 
 
উল্লেখযোগ্য যে, মোজাক্কিৰ হুছেইনে ব্যৱসায় আৰম্ভ কৰাৰ পৰাই লাভৰ ৫% দান কৰে। ভৱিষ্যতে মোজাক্কিৰ হুছেইন আৰু তেওঁৰ পত্নীয়ে 'নৰ্থ ইষ্ট ফুড হাব' নামেৰে আৰম্ভ কৰা ক্লাউড কীটছেনটোক এখন ভাল ৰেষ্টুৰেন্ট ৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰে। য'ত গ্ৰাহক অনলাইন আৰু অফলাইন দুয়োধৰণে খাদ্যৰ আমেজ ল'ব পাৰে।