সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰত অষ্টম স্থান দখল অসমৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰত অষ্টম স্থান দখল অসমৰ
সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰত অষ্টম স্থান দখল অসমৰ
 
গুৱাহাটী 
 
সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা দেখুৱাবলৈ সক্ষম হৈছে অসমে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাজস্থানৰ ভৰতপুৰত থকা ৰেপ ছীড আৰু সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত অসমে ১,৮৫,২৭৫ মেট্রিকটন সৰিয়হ উৎপাদনেৰে দেশৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে। তালিকাৰ প্ৰথম সাতটা স্থানত আছে ৰাজস্থান, হাৰিয়ানা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, গুজৰাট আৰু ঝাৰখণ্ড। আনহাতে নৱম আৰু দশম স্থানত আছে বিহাৰ আৰু পাঞ্জাৱ। 
 
উল্লেখ্য যে উক্ত বৰ্ষত অসমত ২,৮৬,৩৫৩ হেক্টৰ কৃষিভূমিত সৰিয়হৰ খেতি কৰা হৈছিল। আনহাতে ২০২১-২২ বৰ্ষত ৰাজ্যখনত সৰিয়হ খেতিৰ উৎপাদন পূৰ্বৰ বছৰটোৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই বছৰটোত অসমত সৰিয়হ খেতিয়ে সামৰি লোৱা ২,৮৮,৯৪৫ হেক্টৰ কৃষিভূমিৰ পৰা উৎপাদন হোৱা সৰিয়হৰ পৰিমাণ আছিল ১,৮৬,১২৯ মেট্রিকটন। 
 
সৰিয়হ খেতিৰ ক্ষেত্ৰত লাভ কৰা এনে সফলতাৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ কৃষকক অভিনন্দন জনাই কয় যে শেহতীয়াভাৱে যুৱ শক্তিৰ অংশগ্রহণে ৰাজ্যখনৰ কৃষি খণ্ডত এক ইতিবাচক পৰিবৰ্তনৰ সূচনা কৰিছে। ন্যূনতম সমর্থন মূল্যত সৰিয়হ ক্ৰয় কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই ৰাজ্যখনৰ সৰিয়হ খেতি কৰা কৃষকক বিশেষভাৱে উপকৃত কৰিব। 
 
উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষি বিভাগে ৰাজ্যখনক সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে বিভিন্ন অভিলাষী পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ ভিতৰত অসমত শালি ধান খেতি চপোৱাৰ পাচত ছন পৰি থকা কৃষিভূমিত সৰিয়হ খেতি কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে।
 
অহা চাৰি বছৰৰ ভিতৰত অতিৰিক্তভাৱে ৰাজ্যখনৰ এনে ৪ লাখ হেক্টৰ ছন পৰি থকা কৃষিভূমি পর্যায়ক্রমে সৰিয়হ খেতিৰে সামৰি লোৱাৰ বাবে আঁচনি যুগুতোৱা হৈছে। ইয়াৰ ফলত ৰাজ্যখনত অহা চাৰিটা বছৰত অতিৰিক্তভাৱে ৬ লাখ মেট্রিকটন সৰিয়হ উৎপাদনৰ আশা কৰিছে কৃষি বিভাগে।