Fri Jul 11 2025 1:11:11 PM
  • Follow us on
  • Subcribe

এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই, ট্ৰাম্পে কৰা ভাৰতৰ ‘শূন্য শুল্ক’ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱৰ দাবীৰ বিষয়ে জয়শংকৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এস জয়শংকৰ
মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এস জয়শংকৰ
নতুন দিল্লী

মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে “ভাৰতে শূন্য শুল্কৰ বাণিজ্য চুক্তি আগবঢ়াইছে” বুলি কৰা মন্তব্যৰ প্ৰসংগত, ভাৰতৰ বিদেশ মন্ত্ৰী এস জয়শংকৰে বৃহস্পতিবাৰে কয় যে, চলিত আলোচনা জটিল আৰু এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

“ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য আলোচনা চলি আছে। এইবোৰ জটিল আলোচনা। সকলো বিষয়ত একমত নহ’লে, একো সিদ্ধান্ত লোৱা বুলি ক’ব নোৱাৰি। যিকোনো বাণিজ্য চুক্তি দুয়ো দেশৰ বাবে লাভজনক হ’ব লাগিব; এইটো আমাৰ আশা। সেইটো নহ’লে, এতিয়া কোনো মন্তব্য কৰা সময়োপযোগী নহয়।” - জয়শংকৰে সংবাদমাধ্যমক কয়।

তেওঁৰ এই মন্তব্য আহে ঠিক তেতিয়াই, যেতিয়া ট্রাম্পে কাতাৰৰ এক বাণিজ্যিক ফৰামত কৈছিল যে, “ভাৰতে আমেৰিকাক এনে এখন চুক্তিৰ প্ৰস্তাব দিছে, য’ত মূলত তেওঁলোকে আমেৰিকাৰ ওপৰত শুল্ক একেবাৰে নালাগে বুলি কৈছে।” অৱশ্যে ট্রাম্পে ইয়াৰ অধিক কোনো বিৱৰণ দিয়া নাছিল। 

ট্রাম্পে ৯ এপ্ৰিলত কৰা ৯০ দিনীয়া শুল্ক ৰেহাই ঘোষণাৰ মেয়াদ শেষ হোৱাৰ আগতে ভাৰতে আমেৰিকাৰ সৈতে এখন বাণিজ্য চুক্তি চূড়ান্ত কৰিবলৈ চেষ্টা কৰি আছে। উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে “লিবাৰেচন ডে” ঘোষণা কৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল।

ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাশিংটন ভ্ৰমণৰ পিছত, ভাৰত-আমেৰিকা বাণিজ্য আলোচনা নতুন গতি পায়। দুয়ো দেশেই এই চুক্তিৰ প্ৰথম পৰ্যায়ৰ এই বৰ্ষৰ শৰতলৈ সম্পন্ন কৰাৰ লক্ষ্য ৰাখিছে। বাণিজ্য মন্ত্ৰী পীযূষ গয়েল ১৭-২০ মে’ তাৰিখত আমেৰিকা গৈ আলোচনা আগবঢ়াব। 

তীখা আৰু এলুমিনিয়ামৰ ওপৰত আমেৰিকাৰ শুল্কক লৈ ভাৰতে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণৰ কঠোৰ সকীয়নি দিয়াৰ পিছতে ট্ৰাম্পৰ শেহতীয়া দাবী উত্থাপন হৈছে — যিটো বাণিজ্যিক আলোচনাত নতুন দিল্লীৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসীতাৰ চিন। 

তথাপি, আমেৰিকা এতিয়াও ভাৰতৰ আটাইতকৈ ডাঙৰ বাণিজ্য অংশীদাৰ; ২০২৪ চনত দুয়োদেশৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ১২৯ বিলিয়ন ডলাৰ। ভাৰতৰ বৰ্তমান বাণিজ্য উদ্বৃত্ত ৪৫.৭ বিলিয়ন ডলাৰ।