উত্তৰ-পুবত উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে ১৪৫ কোটিৰ আঁচনি

Story by  atv | Posted by  [email protected] • 8 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ভাৰতৰ প্ৰাকৃতিক ৰবৰ খণ্ডটোক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰজেক্ট ইনৰোড আঁচনিৰ অধীনত শেহতীয়াকৈ আৰম্ভ কৰা হৈছে ইনৰোড দক্ষতা আৰু উৎপাদন সক্ষমতা প্ৰসাৰিত পদক্ষেপ অর্থাৎ 'আইস্পীড' শীর্ষক আঁচনি। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ইনৰোডৰ অধ্যক্ষ প্রবীণ ত্রিপাঠীৰ লগতে টায়াৰ উৎপাদনকাৰী সংস্থা আত্মাৰ অধ্যক্ষ অৰুণ মামমেনে এই কথা ঘোষণা কৰে।
 
উল্লেখ্য যে ১৪৫ কোটি টকা মূল্যৰ এই আইস্পীড আঁচনিখন হৈছে সমগ্ৰ উত্তৰ-পূব আৰু পশ্চিমবংগৰ দুই লাখৰো অধিক ক্ষুদ্র কৃষক, ৰবৰ খেতিয়ক আৰু উদ্যোগপামসমূহৰ স্বত্বাধিকাৰসকলক দক্ষতা প্রশিক্ষণ প্রদান, আধুনিক আন্তগাঁথনিৰ সৃষ্টি আৰু গুণগত মান উন্নত কৰি প্রত্যক্ষভাৱে উপকৃত কৰাৰ বাবে পাঁচবছৰীয়া এক প্রকল্প।
 
আত্মাৰ অধ্যক্ষ অৰুণ মামমেনে কয় যে আইস্পীডৰ জৰিয়তে তেওঁলোকে দেশৰ ৰবৰ খেতিয়কসকলৰ সামর্থ্য বৃদ্ধিত বিনিয়োগ কৰিছে। ভাৰতৰ টায়াৰ উদ্যোগে এনে এটা প্রকল্পক সমর্থন কৰি ক্ষুদ্ৰ কৃষকসকলৰ বৈজ্ঞানিক জ্ঞান, বহনক্ষম পদ্ধতি আৰু আন্তঃগাঁথনিৰ বিকাশত অৰিহণা যোগাব। ইয়াক প্রাকৃতিকভাৱে ৰবৰ উৎপাদনৰ দিশত আত্মানিৰ্ভৰশীল হোৱাৰ এক পদক্ষেপ বুলি তেওঁ অভিহিত কৰে।
 
উল্লেখ্য যে ইনৰোড প্ৰকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ খেতিৰ সৈতে জড়িত কৃষকৰ সংখ্যা পূর্বতকৈ যথেষ্ট বৃদ্ধি হৈছে। বিগত চাৰি বছৰত ১.৩৬ লাখৰো অধিক নতুন কৃষকে ৰবৰ উৎপাদনত আত্মনিয়োগ কৰিছে। কিন্তু বৈজ্ঞানিক কৌশল, গুণগত আন্তঃগাঁথনি সৃষ্টিৰ অভাৱ আদি বিভিন্ন সমস্যাই উৎপাদনত প্রভাৱ পেলাইছে। এই সমস্যাসমূহ দূৰ কৰিবলৈ এতিয়া গ্রহণ কৰা হৈছে আইস্পীড আঁচনি।
 
ইয়াৰ অধীনত বিভিন্ন নতুন পদক্ষেপ গ্রহণ কৰা হৈছে। সেই অনুসৰি কৃষকসকলৰ বাবে উচ্চমানৰ শ্ৰীট উৎপাদনৰ বাবে ৩০০০ৰ টা ধোঁৱা ঘৰ স্থাপন, মটৰ চালিত ৩০০০ শ্বীট কলিং মেচিন আদি আগবঢ়োৱা হৈছে। সংবাদমেলখনত ইনৰোডৰ অধ্যক্ষ প্রবীণ ত্রিপাঠীয়ে কয় যে ইনৰোডে স্থাপন কৰা ৰবৰ উৎপাদনৰ ভেটিক নতুন গতি প্রদান কৰিব আইস্পীড আঁচনিয়ে।
 
প্রকল্পটো তৰান্বিত কৰাৰ উদ্দেশ্যে আত্মাৰ অধ্যক্ষই অলপতে আগৰতলা আৰু গুৱাহাটীত সমগ্ৰ উত্তৰ-পূবৰ বাবে কেইবাটাও ধোঁৱাঘৰ উদ্বোধন কৰে। যিহেতু এই প্রকল্পটোৰ সৈতে জড়িত হিতাধিকাৰীসকলৰ অধিকাংশই এক একৰতকৈ কম মাটিৰ গৰাকী, সেয়ে আন্তঃগাঁথনি সৃষ্টিৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে। ৰবৰ গছৰ পৰা নিৰ্গত গাখীৰৰ দৰে পদার্থ 'লেটেক্স' শুকুৱাই উচ্চমানৰ ৰবৰ উৎপাদনৰ বাবে ধোঁৱাঘৰ অতি প্রয়োজনীয়। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতমানৰ ৰবৰ উৎপাদনৰ বাবে এই ধোঁৱাঘৰৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।


শেহতীয়া খবৰ