অৱাজ-দ্য ভইছ অসম ব্যুৰো
অযোধ্যাৰ ভগৱান ৰাম লাল্লাৰ মূৰ্তিৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ পত্নী বিজেতাই কয় যে তেওঁ (অৰুণ যোগীৰাজ) ঘৰৰ পৰা আঁতৰি থকা ছমাহটো তেওঁলোকৰ বাবে অতি কঠিনতম সময় আছিল।
অযোধ্যাত অনুষ্ঠিত হোৱা 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ পিছত যোগীৰাজ বেংগালুৰুত থকা তেওঁৰ ঘৰলৈ উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত বিজেতাই কয়, "যোৱা ছমাহৰ ভিতৰত তেওঁ (অৰুণ যোগীৰাজে) বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু তেওঁ অবিশ্বাস্যভাৱে সুন্দৰকৈ জয়ী হৈছিল। মোৰ বাবেও অকলে সন্তানৰ যত্ন লোৱাটো যথেষ্ট কঠিন আছিল। আমি কোনো ভৱিষ্যতৰ পৰিকল্পনা কৰা নাই। কিন্তু ইয়াৰ পিছত যিয়েই নহওঁক কিয়, তাকে আমি সম্পূৰ্ণ হৃদয়েৰে আদৰি ল'ম আৰু নিষ্ঠাৰে কৰি যাম।"
ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে মূৰ্তি নিৰ্মান কৰি থকা এক মূহুৰ্ত
অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত শোভা বঢ়াই থকা ৰাম লাল্লাৰ মূৰ্তিৰ আঁৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজক বুধবাৰে বেংগালুৰুত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয়। অযোধ্যা মন্দিৰ ন্যাসে বাছি লোৱা তিনিগৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অন্যতম আছিল যোগীৰাজৰ মূৰ্তিটো।
অৰুণ যোগীৰাজে কয়, "মানুহে মোক যিমানখিনি মৰম দিছে, সেয়া মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। এই সুযোগৰ বাবে মই ভগৱানৰ ওচৰত চিৰ ঋণী। ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা শিলটো মাইচুৰু জিলাৰ পৰা সংগ্ৰহ কৰা হৈছিল। মই ভাবো যে মই এই সুযোগ পোৱাটো একমাত্ৰ ভগৱান ৰামৰ আশীৰ্বাদ।"
ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মান কৰা অযোধ্যাৰ ভগৱান ৰাম লাল্লাৰ মূৰ্তি
যোগীৰাজে কয়, "মই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি। মোৰ পূৰ্বপুৰুষ, পৰিয়ালৰ সদস্য আৰু ভগৱান ৰাম লাল্লাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। কেতিয়াবা, মোৰ এনে লাগে যেন মই সপোনৰ জগতত আছো। মোৰ বাবে এইটো আটাইতকৈ ডাঙৰ দিন আছিল।"
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোগীৰাজ উপস্থিত হোৱাৰ লগে লগে বিজেপি সমৰ্থকৰ বৃহৎ সংখ্যক সমবেত হৈ তেওঁক পুষ্পমালাৰে সম্ভাষণ জনায়। 'জয় শ্ৰী ৰাম' আৰু 'লংলাইভ যোগীৰাজ'ৰ ধ্বনিৰে তেওঁলোকে তেওঁৰ (যোগীৰাজ) ওপৰত পুষ্পবৰ্ষা কৰে।
ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজ তেওঁৰ পৰিয়ালৰ সৈতে
৫১ ইঞ্চি দৈৰ্ঘ্যৰ ভগৱান ৰাম লল্লাৰ প্ৰতিমূৰ্তি তিনি বিলিয়ন বছৰীয়া শিলৰ পৰা খোদিত কৰা হৈছে। ভাস্কৰ্য্যৰ বাবে ব্যৱহাৰ কৰা ঘন নীলা ৰঙৰ কৃষ্ণ শিল মাইচুৰুৰ জয়াপুৰা হোবলি এইচ ডি কোটে তালুকৰ গুজ্জেগৌড়ানাপুৰাৰ পৰা আহৰণ কৰা হৈছিল। এই মিহিৰ পৰা মধ্যমীয়া দানাযুক্ত, আকাশী নীলা ৰঙলৈ ৰূপান্তৰিত শিলটো মসৃণ পৃষ্ঠৰ গাঁথনিৰ বাবে সাধাৰণতে চ'পষ্টোন বুলি জনাজাত, এই শিলত মূৰ্তি খোদিত কৰাটো ভাস্কৰ্য্য শিল্পীসকলৰ বাবে এক আদৰ্শ।
মূৰ্তিটো বানাৰসী কাপোৰেৰে সজ্জিত, হালধীয়া ধুতি আৰু ৰঙা পটকা বা অংগবস্ত্ৰমেৰে সজাই তোলা হৈছে। বিশুদ্ধ সোণৰ জৰীৰে সজোৱা অংগবস্ত্ৰমত শংখ, পদ্ম, চক্ৰ আৰু ময়ূৰ আদি শুভ বৈষ্ণৱ চিহ্ন প্ৰদৰ্শন কৰা হৈছে।