লাচিত বৰফুকনক ৰাষ্ট্ৰীয় নায়ক হিচাপে গঢ়ি তোলাৰ বিশাল পৰিকল্পনা অসম চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
মোগলক পৰাজিত কৰা বীৰ লাচিত বৰফুকন আৰু বীৰ ছত্ৰপতি শিৱাজী মহাৰাজ
মোগলক পৰাজিত কৰা বীৰ লাচিত বৰফুকন আৰু বীৰ ছত্ৰপতি শিৱাজী মহাৰাজ
আৱাজ-দ্য ভইচ / অসম ব্যুৰো
 
শৰাইঘাটৰ ঐতিহাসিক যুদ্ধত দুৰ্ধৰ্ষ মোগলক পৰাস্ত কৰা ভাৰতৰ অন্যতম বীৰ যোদ্ধা লাচিত বৰফুকনৰ জীৱন প্ৰদৰ্শনৰ বাবে অসম চৰকাৰে অভুতপূৰ্ব পৰিকল্পনা কৰিছে। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে এতিয়ালৈকে দেশৰ আন প্ৰান্তৰ লোকে নজনা মহান যোদ্ধাজনক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰি দিয়া লক্ষ্য লৈছে।  
 
আজিৰে পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ বৃহত্তৰ দৰ্শকৰ সন্মুখত ঐতিহাসিক আহোম সাম্ৰাজ্যৰ বীৰ যোদ্ধা লাচিত বৰফুকনক জীৱন-দৰ্শন প্ৰদৰ্শন কৰিবলৈ এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। 
 
যোৰহাটত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তি
 
ৰাজধানী দিল্লীত এই অনুষ্ঠানক এক বৃহৎ সফলতা হিচাপে পৰিগণিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে নতুন দিল্লীৰ উচ্চপদস্থ  চৰকাৰী বিষয়াসকলৰ সৈতে সমন্বয় সাধন কৰি সকলো প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰি আছে। ২৫ নৱেম্বৰলৈ অনুষ্ঠিত হব লগীয়া এই অনুষ্ঠানত কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ এই অনুষ্ঠানটো লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান হিচাপে অনুষ্ঠিত কৰা হ'ব। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জন্ম জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰি ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছিল যে লাচিত বৰফুকন ভাৰতবৰ্ষত এতিয়ালৈকে জন্ম গ্ৰহণ কৰা সৰ্বশ্ৰেষ্ঠ দেশপ্ৰেমিক যোদ্ধাসকলৰ ভিতৰত অন্যতম। 
নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰথম দিনা অৰ্থাৎ ২৩ নৱেম্বৰৰ পুৱা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে অসমৰ ঐতিহ্য প্রতিফলিত হোৱা এখন প্রদর্শনী উদ্বোধন কৰিব। গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ৰ পৰা নষ্ট হোৱাৰ আশংকা নথকা বহু সামগ্রী ইতিমধ্যে প্রদর্শনীখনৰ বাবে দিল্লী লৈ যোৱা হৈছে। সৰবৰাহ কৰিব নোৱৰা সামগ্ৰীবোৰৰ প্ৰতিৰূপ নিৰ্মাণ কৰি তাত প্ৰদৰ্শন কৰা হ'ব। প্ৰদৰ্শনীখনৰ জৰিয়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ আভাস দাঙি ধৰা হ'ব। 
 
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বীৰ লাচিতৰ জন্ম জয়ন্তী  শুভাৰম্ভ অনুষ্ঠানত মহান বীৰ গৰাকীৰ প্ৰতিচ্ছবি উন্মোচন কৰিছে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু  মিজোৰামৰ ৰাজ্যপাল অধ্যপক জগদীশ মুখীয়ে
 
একেই দিনাই আহোম যুগৰ সোণালী অধ্যায়ৰ ওপৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব আৰু তাত অসমৰ পৰা আমন্ত্রিত সমুদ্রগুপ্ত কাশ্যপ, ড° চন্দন শৰ্মা, কুলদীপ পাটোৱাৰীয়ে অংশ লোৱাৰ বিপৰীতে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম-উপাচার্য কপিল কাপুৰ, অসমৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান প্রকাশ সিঙে অংশগ্ৰহণ কৰিব। আলোচনাচক্ৰখন সঞ্চালনা কৰিব অসমৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই। সেইদিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত দেশপ্রেমমূলক কার্যসূচী লোৱা হ'ব।  অনুষ্ঠানত গায়ক অংগৰাগ পাপন মহন্তই কোনো ফীজ নোলোৱাকৈ অনুষ্ঠান পৰিবেশন কৰিব। প্রথম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু উপস্থিত থাকিব। 
২৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এখন আলোচনাচক্ৰত অসমৰ পৰা আমন্ত্রিত অধ্যাপক ৰাজীৱ সন্দিকৈ, অধ্যাপিকা সংগীতা গগৈয়ে অংশ লোৱাৰ বিপৰীতে ৰাজ্যৰ বাহিৰৰ চলচ্চিত্র নির্মাতা, প্রযোজক চন্দ্রপ্রকাশ দ্বিবেদী, ৰাজেশ কুমাৰ সিং আদিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ সঞ্চালনা কৰিব ৰাজ্যৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই। বিয়লি এখন মুকলি সভাত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ দিয়াৰ লগতে বীৰ লাচিতৰ জীৱন আধাৰি  ১৫ মিনিটৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শিত হ'ব। 
২৫ নৱেম্বৰৰ পুৱা ৪৫ মিনিট দৈর্ঘ্যৰ তথ্যচিত্ৰখন সম্পূৰ্ণৰূপে প্ৰদৰ্শন হোৱাৰ লগতে সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দিব। লগতে তেওঁ বীৰ লাচিতৰ জীৱনৰ সকলো দিশ সামৰি যুগুতোৱা এখন ইংৰাজীৰ কফিটেবল বুক আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। ইপিনে ২৬ নৱেম্বৰত পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত মহাবীৰ লাচিতৰ ওপৰত এক সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইয়াত খ্যাতনামা সাংবাদিক নীতিন গোখলেয়ে বক্তব্য দাঙি ধৰিব। একে দিনাই একাডেমীৰ শ্রেষ্ঠ কেডেট গৰাকীক ১৯৯৯ চনৰ পৰা লাচিতৰ নামত প্ৰৱৰ্তিত সোণৰ পদক প্রদান কৰা হ'ব। সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসমৰ ৰাজ্যপাল জগদীশ মুখী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ ৰঞ্জন গগৈ আৰু সাংসদ তপন কুমাৰ গগৈ মঞ্চত উপস্থিত থাকিব।
 
শৰাইঘাটৰ ৰণৰ প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে হায়দৰাবাদত থকা ৰাষ্ট্ৰীয় পুলিচ একাডেমীত বীৰ লাচিতৰ নামত এক স্মৃতিভবন নির্মাণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰি আছে। যোৰহাটৰ হোলোঙাপাৰত লাচিতৰ আটকধুনীয়া সমাধিস্থলৰ বাবে ৫০ বিঘা মাটি চমজি লোৱা হৈছে। খ্যাতনামা এক প্রতিষ্ঠানক আলাবৈ ৰণৰ লগতে হোলোঙাপাৰৰ সমাধিস্থল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। বীৰ লাচিতৰ ওপৰত ৰাজ্যখনত আয়োজন কৰা ৰচনা লিখা কাৰ্যসূচীত এতিয়ালৈ ১৭ লাখ ৪ হেজাৰ লোকে অংশ গ্ৰহণ কৰিছে। তাৰে ১২ লাখ ১৫ হেজাৰ অসমীয়া ভাষাৰ হোৱাৰ বিপৰীতে বাংলা ভাষাত ১ লাখ ৪ হেজাৰ, ইংৰাজী ভাষাত ১ লাখ ৩৪ হেজাৰ। গাৰো, বড়ো, ডিমাচা, সংস্কৃত, নেপালী, মণিপুৰী আদি ভাষাতো ৰচনা লিখিছে। 
উল্লেখ কৰিবলগীয়া যে বিগত কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত  ভাৰতীয় ইতিহাসৰ পুথিত অসমৰ ইতিহাস অৱহেলাৰ বলি হৈ আহিছে। সেয়েহে লাচিত বৰফুকনৰ সামৰিক প্ৰতিভাৰ গাথা ভাৰতীয় ইতিহাসৰ পৃষ্ঠাত লুকাই আছিল। অসমৰ প্ৰাক্তন ৰাজ্যপাল স্বৰ্গীয় লেফটেনেণ্ট জেনেৰেল এছ কে সিনহা আছিল প্ৰথমগৰাকী চৰকাৰী ব্যক্তি, যিগৰাকীয়ে লাচিত বৰফুকনক দেশৰ সামূহিক চেতনাত জগাই তুলিব বিচাৰিছিল। স্বৰ্গীয় সিনহাৰ আন্তৰিক পদক্ষেপৰ ফলস্বৰূপে ২০০০ চনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত (এন ডি এ) লাচিত বৰফুকনৰ নামত এটা বঁটা প্ৰতিষ্ঠা কৰা হৈছিল। সেনাত ভৰ্তি হোৱা নতুন যুৱক সকলক তেওঁলোকৰ পাছিং আউট পেৰেডৰ জ্যেষ্ঠ কেডেটক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে। 
লাচিৰ বৰফুকনক এতিয়া 'অসমৰ ছত্ৰপতি শিৱাজী' বুলি গণ্য কৰা হৈছে। যি শিৱাজীৰ দৰে সমান দেশপ্ৰেম আৰু বীৰত্বৰে ষোড়শ শতিকাত  মোগলৰ সৈতে যুঁজিছিল। ১৬৬৩ চনত মোগল সম্ৰাট ঔৰঙ্গজেবৰ হাতত গুৱাহাটী চহৰখন আহোম সাম্ৰাজ্যৰ পৰা হেৰাই গৈছিল। লাচিত বৰফুকনে ১৬৬৭ চনত গুৱাহাটী চহৰখন আহোম সাম্ৰাজ্যৰ অধীনলৈ ঘুৰাই আনিছিল। ১৬৭১ চনলৈকে লাচিত বৰফুকনে গুৱাহাটী চহৰখনক প্ৰতিৰক্ষা কৰাই নহয়, সেই চনতে তেওঁ শক্তিশালী মোগলসকলক শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল। এই যুদ্ধখন সম্পূৰ্ণৰূপে বিশাল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সংঘটিত হৈছিল। 
 
গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ মাজত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তি
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশৰ স্বাধীনতাৰ যোৱা ৭৫ বছৰত লাচিত বৰফুকনৰ দৰে মহান যোদ্ধাই ভাৰতীয় ইতিহাসৰ পৃষ্ঠাত যোগ্য স্থান লাভ কৰা নাছিল। বৰ্তমান সমগ্ৰ ভাৰতত লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমক সন্মান জনোৱাৰ সময় আহি পৰিছে। মই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ ওপৰত একোটাকৈ অধ্যায় অন্তৰ্ভুক্ত কৰিবলৈ পত্ৰ লিখিছো। বিজ্ঞান ভৱনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মতিয়ে লাচিত বৰফুকনৰ দেশপ্ৰেমক জনপ্ৰিয় কৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাক বুজাইছে।"   
 
শৰাইঘাটৰ ৰণৰ প্ৰতিনিধিত্বমূলক ছবি
 
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে দিল্লীৰ অনুষ্ঠানসমূহ আমাৰ ভাৰতৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। লাচিত বৰফুকনৰ ওপৰত এই কাৰ্যসূচীসমূহৰ পৰা যুৱসকলে দেশপ্ৰেমৰ অনুপ্ৰেৰণা লাভ কৰিব। এই অনুষ্ঠানবোৰে আমাক আমাৰ অতীতৰ সৈতে সংযোগ স্থাপন কৰাৰ আৰু আমাৰ ইতিহাস পুনৰ ভুমুকি মৰাৰ এক সুযোগ প্ৰদান কৰিব।