ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ ১০ গৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ ব্যুৰ'

ভাৰতবৰ্ষৰ বৈচিত্ৰময় সাংস্কৃতিক আৰু শৈক্ষিক পৰম্পৰাত মুছলমান সমাজৰ বহুতো ব্যক্তিয়ে শিক্ষা, সমাজসেৱা আৰু বৌদ্ধিক নেতৃত্বৰ জৰিয়তে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। এই ব্যক্তিসকলৰ প্ৰেৰণাদায়ক জীৱন যাত্ৰা কেৱল মুছলমান সমাজৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে আদৰ্শ হৈ পৰিছে।

এই প্ৰতিবেদনত ভাৰতৰ এনে কেইজনমান মুছলমান শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু ইতিহাসবিদৰ বিষয়ে আলোচনা কৰা হৈছে, যিসকলে নিজৰ দূৰদৰ্শিতা, নিষ্ঠা আৰু সেৱাৰে শিক্ষা আৰু সমাজখনক এক নতুন দিশ প্ৰদান কৰিছে।

১. খালিক আহমদ নিজামিঃ খালিক আহমদ নিজামি (Khaliq Ahmad Nizami) এজন ভাৰতীয় ইতিহাসবিদ, ধৰ্মীয় পণ্ডিত আৰু কূটনীতিবিদ। ১৯২৫ চনৰ ৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ আমৰোহাত জন্মগ্ৰহণ কৰা নিজামিয়ে ১৯৪৫ চনত ইতিহাস বিষয়ত এম এ আৰু ১৯৪৬ চনত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী সম্পূৰ্ণ কৰে। ১৯৪৭ চনত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হিচাপে দায়িত্ব লয়।

১৯৭৪ চনত নিজামি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁ ছিৰিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। নিজামি চাহাবে মধ্যযুগীয় ভাৰতীয় ইতিহাস, বিশেষকৈ দিল্লী চুলতানী আৰু চুফীবাদৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰিছিল। তেওঁৰ প্ৰধান গ্ৰন্থসমূহ হ’ল: On History and Historians of Medieval India, Royalty in Medieval India, The Life & Times of Shaikh Nizam-u'd-din Auliya, The Life and Times of Shaikh Farid-ud-din Ganj-i-Shakar, Some Aspects of Religion and Politics in India During the 13th Century, Medieval India: A Miscellany।
 

খালিক আহমদ নিজামি আৰু তেওঁ লিখা এখন গ্ৰন্থ
 
তেওঁৰ গৱেষণামূলক কামৰ ভিতৰত শ্বাহ ৱালিউল্লাহৰ ৰাজনৈতিক চিঠিপত্ৰ প্ৰকাশ কৰা হৈছে, যিয়ে ভাৰতীয় মুছলমান ইতিহাসত তেওঁৰ অৱদানৰ বিষয়ে বিতংভাৱে উদঙাই দিছিল। তেওঁৰ স্মৃতিত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ‘কে এ নিজামি চেণ্টাৰ ফৰ কোৰান ষ্টাডিজ' স্থাপন কৰা হৈছে। ই কোৰান আৰু ইছলামিক অধ্যয়নৰ ক্ষেত্ৰত শিক্ষা আৰু গৱেষণাক প্ৰসাৰিত কৰে।

২. অধ্যাপক চৈয়দ আইনুল হাছানঃ অধ্যাপক চৈয়দ আইনুল হাছান বহুভাষী, সাহিত্যিক আৰু দক্ষ প্ৰশাসক। তেওঁ মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ৰ (MANUU) উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াত তেওঁৰ নেতৃত্বত ডিজিটেল শিক্ষা, শৈক্ষিক উদ্ভাৱন আৰু অন্তৰ্মুখী পাঠদানে নতুন উচ্চতা লাভ কৰিছিল। 
 

অধ্যাপক চৈয়দ আইনুল হাছান
 
জে এন ইউৰ পাৰ্চী আৰু মধ্য এছিয়ান অধ্যয়ন বিভাগৰ অধ্যাপক হিচাপে তেওঁ পাৰ্চী সাহিত্য, ভাৰত-ইৰাণ সাংস্কৃতিক সম্পৰ্ক আৰু ঐতিহাসিক অধ্যয়নৰ ওপৰত উল্লেখযোগ্য গৱেষণা কৰিছে। তেওঁৰ গ্ৰন্থ আৰু অনুবাদ গ্ৰন্থই উৰ্দু, হিন্দী আৰু পাৰ্চী সাহিত্যক সমৃদ্ধ কৰি তুলিছে। ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰে তেওঁক দশক দশক ধৰি চলি থকা শৈক্ষিক সাধনা আৰু ভাষিক নিষ্ঠাৰ বাবে ৰাষ্ট্ৰীয় সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

৩. ড০ জাহীৰ আই কাজীঃ ড০ জাহীৰ আই কাজী অঞ্জুমান-ই-ইছলামৰ সভাপতি। এই শিক্ষামূলক সংস্থাটোৱে সমগ্ৰ দেশতে ৯০ খনতকৈও অধিক প্ৰতিষ্ঠান পৰিচালনা কৰে। ড° কাজীয়ে শিক্ষাক সামাজিক ন্যায় আৰু সম্প্ৰদায় সবলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তুলিছিল। তেওঁ বৃত্তিমূলক প্ৰশিক্ষণ আৰু গুণগত শিক্ষাক পিছপৰা সম্প্ৰদায়ৰ বাবে সুলভ কৰি তুলিছিল। 
 

ড০ জাহীৰ কাজী
 
তেওঁৰ দৃষ্টিভংগীৰ অধীনত অঞ্জুমান-ই-ইছলামে ছোৱালীৰ শিক্ষাক বিশেষ গতি প্ৰদান কৰাৰ লগতে কৰ্মসংস্থাপনমুখী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰে। ২০২৪ চনৰ এপ্ৰিল মাহত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।

৪. মৌলানা ড০ কালবে ছাদিকঃ মৌলানা ড° কালবে ছাদিক আছিল এগৰাকী ইছলামিক পণ্ডিত, যিয়ে ধৰ্মৰ লগত সমাজ সংস্কাৰ আৰু শিক্ষাৰ সংমিশ্ৰণ ঘটাইছিল। তৌহিদুল মুছলিমীন ট্ৰাষ্টৰ জৰিয়তে তেওঁ শিক্ষানুষ্ঠান আৰু সাহায্য কেন্দ্ৰ স্থাপন কৰিছিল, য’ত দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক সহায় কৰা হৈছিল। 
 

মৌলানা ড° কালবে ছাদিক
 
তেওঁ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ ছোৱালীৰ বাবে শিক্ষাক অগ্ৰাধিকাৰ দিছিল আৰু ধৰ্মীয় গোঢ়ামিৰ বিৰুদ্ধে উদাৰ, বৈজ্ঞানিক চিন্তাধাৰাক প্ৰসাৰিত কৰিছিল। তেওঁৰ চিন্তাধাৰাত পৰম্পৰা আৰু আধুনিকতাৰ এক অনন্য ভাৰসাম্য আছিল। ভাৰত চৰকাৰে ২০২১ চনৰ জানুৱাৰী মাহত মৰণোত্তৰভাৱে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।

৫. চৈয়দ হামিদঃ চৈয়দ হামিদ ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ এজন প্ৰখ্যাত শিক্ষা সংস্কাৰক, প্ৰশাসক আৰু সমাজকৰ্মী আছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু সাচাৰ সমিতিৰ সদস্য হিচাপে পৰিচিত। চৈয়দ হামিদৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ ফৈজাবাদত। 

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী আৰু পাৰ্চী বিষয়ত এম এ সম্পূৰ্ণ কৰে। ১৯৪৩ চনত উত্তৰ প্ৰদেশ অসামৰিক সেৱালৈ নিৰ্বাচিত হৈ চৈয়দ হামিদে ১৯৪৯ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে। ইয়াৰ পিছত তেওঁ প্ৰশাসনিক ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হয়।

১৯৮০ চনত তেওঁ এ এম ইউৰ উপাচাৰ্য হৈ বিশ্ববিদ্যালয়খনত অনুশাসন আৰু শৈক্ষিক সংস্কাৰ ৰূপায়ণ কৰে। তেওঁ বিভাগৰ মুৰব্বীসকলৰ কাৰ্যকাল ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসন শক্তিশালী কৰে। ১৯৯২ চনত ভাৰতীয় মুছলমানসকলৰ মাজত শিক্ষা সম্পৰ্কে সজাগতা বিয়পাই দিয়াৰ লক্ষ্যৰে ‘অল ইণ্ডিয়া তালিমি কাৰাভান’ আৰম্ভ কৰে। 
 

চৈয়দ হামিদ
 
চৈয়দ হামিদে ১৯৯৩ চনত দিল্লীত হামদর্দ পাব্লিক স্কুল প্রতিষ্ঠা কৰি ১৯৯৯ চনত দিল্লীৰ হামদর্দ বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ হয়৷ এই বিশ্ববিদ্যালয়খনক ‘ডিমড ইউনিভাৰ্চিটি’ৰ মৰ্যাদা লাভ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিক্ষা আৰু সমাজসেৱাৰ বাবে চৈয়দ হামিদে সাংস্কৃতিক মন্ত্ৰালয়ৰ সাংস্কৃতিক বঁটা, উৰ্দু একাডেমী বঁটা, হিন্দী একাডেমী বঁটা আৰু ৰাষ্ট্ৰীয় ফেল’শ্বিপকে ধৰি বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 

তেওঁৰ স্মৃতিত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নাম ‘চৈয়দ হামিদ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়’ আৰু মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়, হায়দৰাবাদৰ কেন্দ্ৰীয় পুথিভঁৰালক ‘চৈয়দ হামিদ কেন্দ্ৰীয় পুথিভঁৰাল’ নামেৰে নামাকৰণ কৰা হয়। চৈয়দ হামিদৰ জীৱন শিক্ষা আৰু সামাজিক উত্থানৰ প্ৰতি গভীৰ দায়বদ্ধতাৰ প্ৰতীক, যিয়ে আজিও মানুহক অনুপ্ৰাণিত কৰে।

৬. অধ্যাপক মুছিৰুল হাছানঃ পদ্মশ্ৰী অধ্যাপক মুছিৰুল হাছান কেৱল এজন প্ৰখ্যাত ইতিহাসবিদেই নহয়, এজন প্ৰভাৱশালী শিক্ষাবিদ, সাহিত্যিক আৰু চিন্তাবিদ হিচাপেও সমাজত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। উপাচাৰ্য হিচাপে তেওঁ জামিয়া মিলিয়া ইছলামিয়াক সাধাৰণ প্ৰতিষ্ঠানৰ পৰা দেশৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰে। অধ্যাপক হাছান কেৱল শৈক্ষিক জগতৰ লগত জড়িত নাছিল, সামাজিক আৰু ৰাজনৈতিক বক্তৃতাতো তেওঁ সক্ৰিয় আছিল। এনডিটিভি আৰু বিবিচিৰ দৰে প্লেটফৰ্মত তেওঁৰ উপস্থিতি সঘনাই দেখিবলৈ পোৱা যায়। ইংৰাজী আৰু উৰ্দু দুয়োটা ভাষাতে তেওঁ সাৱলীল লেখিব পাৰে আৰু  বক্তৃতা দিব পাৰে।
 

অধ্যাপক মুছিৰুল হাছান
 
তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি ইউৰোপলৈ যায়। তাৰ পৰা তেওঁ উচ্চ শিক্ষা লাভ কৰি পিছত জামিয়াত যোগদান কৰে। তেওঁৰ পিতৃ জামিয়া বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আছিল, যাৰ বাবে তেওঁৰ এই প্ৰতিষ্ঠানটোৰ সৈতে এক গভীৰ সম্পৰ্ক আছিল।

২০১৪ চনত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও তেওঁ জীয়াই থাকিবলৈ সংগ্ৰাম কৰিছিল। তেওঁৰ মৃত্যু ভাৰতীয় শিক্ষা জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সঁচাকৈয়ে তেওঁ আছিল এক ভ্ৰাম্যমান প্ৰতিষ্ঠান।

৭. ডাঃ নাইমা খাতুনঃ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ১২৩ বছৰীয়া গৌৰৱময় ইতিহাসৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে অধ্যাপিকা নাইমা খাতুনক নিৰ্বাচিত কৰাটো মহিলা সৱলীকৰণৰ দিশত এক ডাঙৰ উদাহৰণ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ পিছত শিক্ষা মন্ত্ৰালয়ে তেওঁক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। এনে সৰ্বোচ্চ পদত মহিলাই আধিপত্য প্ৰতিষ্ঠা কৰা দেশৰ নগণ্য কেইখনমান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভিতৰত এ এম ইউ অন্যতম।

১৯৮৮ চনৰ আগষ্ট মাহত এ এম ইউৰ মনোবিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে শৈক্ষিক যাত্ৰা আৰম্ভ কৰা অধ্যাপিকা নাইমা খাতুনে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলত সহযোগী অধ্যাপিকা, অধ্যাপিকা আৰু বিভাগৰ মুৰব্বী পদবীলৈ উন্নীত হয়। ২০১৪ চনৰ জুলাই মাহত তেওঁ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও নিযুক্তি লাভ কৰে।
 

অধ্যাপিকা নাইমা খাতুন
 
ৰেচিডেন্সিয়েল কোচিং একাডেমীৰ উপ-সঞ্চালক, উপ-প্ৰক্টৰ আৰু প্ৰভষ্টৰ পদত অধিষ্ঠিত হৈ তেওঁৰ প্ৰশাসনিক অভিজ্ঞতাও বিস্তৃত। তেওঁ ৰুৱাণ্ডাৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়তো এবছৰ ধৰি অধ্যাপনা কৰিছিল। ৰাজনৈতিক মনোবিজ্ঞানত পি এইচ ডি ডিগ্ৰীধাৰী অধ্যাপক খাতুনে বিশ্বৰ বহু দেশৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত গৱেষণা উপস্থাপন কৰিছে।

অধ্যাপক নাইমা খাতুন ছখন গ্ৰন্থ আৰু বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰৰ লেখিকা। তেওঁৰ এই কৃতিত্বই কেৱল এ এম ইউৰেই নহয় সমগ্ৰ শৈক্ষিক জগতখনৰ মহিলাসকলক নতুন প্ৰেৰণা যোগাইছে।

৮. অধ্যাপক নাজমা আখতাৰঃ
 
নাজমা আখতাৰ (জন্ম ১৯৫৩) এগৰাকী বিশিষ্ট ভাৰতীয় শিক্ষাবিদ আৰু শৈক্ষিক প্ৰশাসক। তেওঁ ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৩ চনৰ ১২ নৱেম্বৰলৈকে জামিয়া মিলিয়া ইছলামিয়া (জেএমআই)ৰ প্ৰথম মহিলা উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ শিক্ষাৰ ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়োৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ ইতিহাসত এক উল্লেখযোগ্য স্থান এৰি থৈ যায়। নাজমা আখতাৰে জামিয়াত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাইছে, আৰু ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। 

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক লাভ কৰি ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিভা বৃত্তিৰে সন্মানিত হোৱাৰ পিছত নাজমাই কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত পিএইচডি কৰে। তেওঁ ব্ৰিটেইনৰ ৱাৰউইক বিশ্ববিদ্যালয়ত কমনৱেলথ ফেল’শ্বিপৰ অধীনত বিশ্ববিদ্যালয় প্ৰশাসনৰ শিক্ষা গ্ৰহণ কৰি পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠানত প্ৰশিক্ষণ লাভ কৰে।
 

নাজমা আখতাৰ
 
নাজমা আখতাৰে ১৫ বছৰ ধৰি নেশ্যনেল ইনষ্টিটিউট অৱ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেচন (এনইউইপিএ)ত কাম কৰিছিল, য’ত তেওঁ ১৩০খন দেশৰ উচ্চপদস্থ বিষয়াৰ বাবে পাঠ্যক্ৰম পৰিচালনা কৰিছিল। ইউনেস্কো, ইউনিচেফ আৰু ডানিডাৰ পৰামৰ্শদাতাও হিচাপেও তেওঁ কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে।

নেতৃত্বৰ ক্ষমতা, লিংগ সমতাৰ শক্তিশালী সমৰ্থক আৰু বিভিন্ন সাংস্কৃতিক পটভূমিৰ দলৰ সফল নেতৃত্বৰ বাবে নাজমা আখতাৰক ২০২২ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। ২০২৩ চনত জামিয়াৰ সন্মানীয় "কৰ্ণেল কমাণ্ডেণ্ট" হিচাপেও তেওঁ নিযুক্তি লাভ কৰে। তেওঁৰ সমগ্ৰ জীৱনটো শিক্ষা আৰু নিষ্ঠাৰ এক অনুপম নিদৰ্শন।

৯. ইৰফান হাবিবঃ ইতিহাসৰ লেখাত ইৰফান হাবিবক বৌদ্ধিক বিপ্লৱৰ পিতৃপুৰুষ বুলি জনা যায়। ইৰফান হাবিব (জন্ম ১৯৩১) ভাৰতৰ মধ্যযুগীয় ইতিহাস আৰু কৃষি ব্যৱস্থাৰ ওপৰত বিস্তৃত গৱেষণা কৰা এজন বিখ্যাত ইতিহাসবিদ। তেওঁৰ বিখ্যাত গ্ৰন্থ “The Agrarian System of Mughal India” ঐতিহাসিক অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিনীয়া অধ্যাপক হিচাপে কৰ্মৰত ইৰফান হাবিব ভাৰতৰ ধৰ্মনিৰপেক্ষ ইতিহাস লিখাৰ এক প্ৰধান স্তম্ভ হৈ পৰিছিল।
 
ইৰফান হাবিব
 
১০. উবাইদ ছিদ্দিকীঃ উবাইদ ছিদ্দিকী (১৯৩২–২০১৩) ভাৰতীয় জৈৱ বিজ্ঞানৰ এজন অগ্ৰণী বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা আৰু প্ৰেৰণাদায়ক ব্যক্তি আছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক যাত্ৰা আৰম্ভ কৰিছিল আৰু তাৰ পিছত গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি কৰিছিল। ডক্টৰেট ডিগ্ৰীৰ পিছৰ গৱেষণাৰ সময়ত তেওঁ ই.কলাইৰ এলকালাইন ফছফেটেজ জিনত মিউটেচন আৱিষ্কাৰ কৰে, যিটো পিছলৈ "ষ্টপ" ক'ডন তত্ত্বৰ ভেটি হৈ পৰে।

১৯৬২ চনত হোমি জাহাংগীৰ ভাবাৰ আমন্ত্ৰণত ছিদ্দিকীয়ে মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ত আণৱিক জীৱবিজ্ঞান ইউনিট প্ৰতিষ্ঠা কৰে। ১৯৭০ চনত কেলটেকত ছিমৰ বেঞ্জাৰৰ সৈতে মিলি তেওঁ ফলৰ মাখি (ড্ৰ’ছফিলা মেলানোগাষ্টাৰ)ৰ উষ্ণতা-সংবেদনশীল পক্ষাঘাতজনিত মিউটেণ্ট আৱিষ্কাৰ কৰে, যিয়ে স্নায়ুৰ সংক্ৰমণ আৰু চিনেপ্টিক সংক্ৰমণৰ বুজাবুজিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
 

উবাইদ ছিদ্দিকি
 
উবাইদ ছিদ্দিকি নব্বৈৰ দশকত বেংগালুৰুত নেচনেল চেণ্টাৰ ফৰ বায়’লজিকেল ছায়েন্স (এন চি বি এছ)ৰ সহ-প্ৰতিষ্ঠাপক আৰু ইয়াৰ প্ৰথম পৰিচালক হয়। এই প্ৰতিষ্ঠানটো আজি ভাৰতৰ জৈৱ বিজ্ঞানৰ এক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে থিয় দিছে। উবৈদ ছিদ্দিকিয়ে তেওঁৰ অৱদানৰ বাবে পদ্ম ভূষণ (১৯৮৪) আৰু পদ্ম বিভূষণ (২০০৬) আদি সন্মানীয় অসামৰিক বঁটা লাভ কৰে। তেওঁ লণ্ডনৰ ৰয়েল ছ’চাইটিৰ ফেলোও আছিল। তেওঁৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ অৱদানে ভাৰতীয় জৈৱ বিজ্ঞানৰ প্ৰেক্ষাপটক এক নতুন দিশ দিয়ে।