শতানন্দ ভট্টাচাৰ্য
এইবাৰৰ দূৰ্গা পূজাৰ সময়ত অসমৰ বৰাক উপত্যকাৰ বাৰোৱাৰী পূজা মণ্ডপসমূহত প্ৰয়াত জুবিন গাৰ্গৰ গান বজাবলৈ সাংবাদিকসকলে আহ্বান জনাইছে। বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ বদৰপুৰৰ সাংবাদিকসকলে এই দাবী উত্থাপন কৰি কয় যে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি মানুহৰ আৱেগ আৰু মৰম প্ৰকাশৰ বাবে এইটোৱেই উত্তম উপায় আৰু সময়।
বদৰপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বদৰপুৰত অসমবাসীৰ হৃদস্পন্দন, অসমীয়া সংগীত জগতৰ অবিস্মৰণীয় প্ৰতিভা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই দাবী উত্থাপন কৰা হয়। শনিবাৰে সন্ধিয়া অসংখ্য অনুৰাগীৰ উপস্থিতিত এই অনুষ্ঠানত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত উপস্থিত জুবিন প্ৰেমিকসকলে কয় যে জুবিনৰ মৃত্যু কেৱল এজন শিল্পীৰ বিদায় নহয়, ই এক আৱেগ, এটা যুগৰ অন্ত।
উল্লেখ্য যে, বৰাক উপত্যকাৰ মানুহৰ সৈতে জুবিনৰ সম্পৰ্ক আছিল অতি ব্যক্তিগত। কাৰণ, জুবিনে শৈশৱৰ সাত-আঠ বছৰ বৰ্তমানৰ শ্ৰীভূমি চহৰত (কৰিমগঞ্জ) কটাইছিল। ইয়াৰ মাটি, ভাষা, মানুহৰ লগত তেওঁৰ গভীৰ সম্পৰ্ক আছিল। তেওঁ অনায়াসে বাংলা ভাষাও ক’ব পাৰিছিল, যাৰ বাবে তেওঁ বৰাকৰ মানুহৰ লগত অধিক ঘনিষ্ঠ হৈ পৰিছিল।
এই শোক সভাত জুবিন গাৰ্গৰ গীতসমূহ এইবাৰৰ দুৰ্গা পূজাৰ সময়ত বিভিন্ন পূজা মণ্ডপসমূহত বজাবলৈ অনুৰোধ জনোৱা হয়। বদৰপুৰ প্ৰেছ ক্লাবৰ উপ-সভাপতি ছাইদুল ইছলাম আৰু ছাজিদ মুৰাদৰ উদ্যোগত আয়োজিত শোক সভাত জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
আহমেদ চাহিল, এনাম উদ্দিন, আহাদ উদ্দিন তালুকদাৰ, জিছু নাথ, চেলিম আহমেদ, তাজ উদ্দিন, পিন্টু শুক্লবৈদ্য, মনছুৰ আলম আদিয়ে আজিৰ দিনটোত জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিনৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে বক্তব্য আগবঢ়ায়। তেওঁলোকে কয় যে কায়িক মৃত্যুৰ পিছতো যিদৰে কিশোৰ কুমাৰ, মহম্মদ ৰফি, লতা মংগেশকাৰৰ দৰে কিংবদন্তি শিল্পীসকল এতিয়াও নিজৰ গীতৰ জৰিয়তে অমৰ হৈ আছে, ঠিক সেইদৰে অসমৰ লগতে বিশ্ববাসীৰ বাবেও অমৰ হৈ থাকিব জুবিন গাৰ্গ।
সাধাৰণতে বৰাক উপত্যকাত অসমীয়া গীতৰ প্ৰচলন কম। তেনে সময়ত প্ৰাণৰ শিল্পী জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাই পূজাৰ সময়ত এইবাৰ জুবিনৰ অসমীয়া গীত বৰাক উপত্যকাত শুনিবলৈ পোৱাটো গুৰুত্বপূৰ্ণ বিবেচিত হ'ব।