ভাৰতৰ উত্থানত অৰিহণা যোগোৱা ১০ গৰাকী মুছলমান বিজ্ঞানী

Story by  atv | Posted by  [email protected] • 15 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ ব্যুৰ'

স্বাধীন ভাৰতত মুছলমানসকলে বিভিন্ন ক্ষেত্ৰত দেশ আৰু জাতিৰ সেৱা কৰিছে। এই সেৱাৰ বাবে দেশে সদায় তেওঁলোকৰ শলাগ লৈছে আৰু সময়ে সময়ে বিভিন্ন সন্মান প্ৰদান কৰিছে। তেনে এখন ক্ষেত্ৰ হ’ল বিজ্ঞানৰ ক্ষেত্ৰখন। দেশৰ স্বাধীনতাৰ পিছত একাধিক মুছলমান বিজ্ঞানীয়ে নিজৰ উদ্ভাৱন আৰু আৱিষ্কাৰেৰে ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। 

চিকিৎসা বিজ্ঞানেই হওক বা মহাকাশ বিজ্ঞানেই হওক, ভাৰতীয় মুছলমানসকলে নিজকে ইতিহাসৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। স্বাধীন ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰা এনে দহজন মুছলমান ব্যক্তিৰ বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰা হৈছে।

১. ড° এ পি জে আব্দুল কালামঃ 

১৯৮৯ চনৰ ২২ মে'ত উৰিষ্যাৰ চণ্ডীপুৰৰ পৰা 'অগ্নি' মিছাইল সফলতাৰে উৎক্ষেপণ কৰি "ভাৰতৰ মিছাইল মেন" হিচাপে জনপ্ৰিয় হৈ পৰে ড° এ পি জে আব্দুল কালাম। তেওঁৰ প্ৰকৃত নাম হৈছে ড° আৰভুল পাকিৰ জয়নুলাবেদীন আব্দুল কালাম। তেওঁ এগৰাকী ভাৰতীয় মহাকাশ বিজ্ঞানী আৰু ৰাষ্ট্ৰনেতা যিয়ে ২০০২ চনৰ পৰা ২০০৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

১৯৩১ চনত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা ড০ আবুল কালাম এৰো ইঞ্জিনিয়াৰিঙৰ ডি এম আই টি (মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ডিপ্লমা) ডিগ্ৰী লাভ কৰিছিল। তেওঁ ডক্টৰ অৱ চাইন্স (ডি.এছ.চি.) ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হৈছিল। 
 
এ পি জে আব্দুল কালাম
 
অন্ধ্ৰ প্ৰদেশৰ হায়দৰাবাদত অৱস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰৰ (ডি আৰ ডি এল) সঞ্চালক হোৱাৰ পূৰ্বে তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ত এ এছ এল-ভি মিছনৰ দায়িত্বত থকা সঞ্চালক আছিল। তেওঁ ভাৰতীয় বিজ্ঞান একাডেমীৰো এগৰাকী ফেলো।

ড০ আব্দুল কালাম হৈছে "অগ্নি" মিছাইলৰ আঁৰত থকা প্ৰকৃত মগজু। তেওঁক সহায় কৰিছিল ৪০০ জনীয়া বিজ্ঞানীৰ এটা দলে।  ১৯৯৮ চনৰ মে' মাহত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয় আৰু তাৰ পিছত ভাৰত চৰকাৰে "ভাৰত ৰত্ন"ক সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে।

২. চৈয়দ জাহুৰ কাছিমঃ 

ড° চৈয়দ জাহুৰ কাছিম ভাৰতৰ এন্টাৰ্কটিকা অভিযানৰ বাবে পৰিচিত। তেওঁ এগৰাকী ভাৰতীয় সাগৰীয় জীৱবিজ্ঞানী আছিল। কাছিমে ভাৰতৰ এন্টাৰ্কটিকালৈ অন্বেষণৰ নেতৃত্বত সহায় কৰিছিল আৰু ১৯৮১ চনৰ পৰা ১৯৮৮ চনলৈকে আন সাতটা অভিযানক পথ প্ৰদৰ্শন কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ ভাৰতীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল। 

১৯৮৯ৰ পৰা ১৯৯১ চনলৈ জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়, মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়, আন্না মালাই বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ, জামিয়া মিলিয়া ইছলামিয়াকে ধৰি বিশ্ববিদ্যালয়সমূহৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে।
 
চৈয়দ জাহুৰ কাছিম আৰু ডাঃ ওবাইদ ছিদ্দিকী
 
৩. ডাঃ ওবাইদ ছিদ্দিকীঃ 

স্নায়ুজীৱবিজ্ঞান আৰু জিনীয় বিজ্ঞানৰ বিশেষজ্ঞ ডাঃ ওবাইদ ছিদ্দিকী ভাৰতৰ এগৰাকী বিশিষ্ট বিজ্ঞানী আছিল। তেওঁ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৩২ চনত উত্তৰ প্ৰদেশৰ বাস্তী জিলাত জন্মগ্ৰহণ কৰিছিল ওবাইদ ছিদ্দিকী। 

তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে য'ত তেওঁ এম এছ চি সম্পূৰ্ণ কৰে। তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ত পি এইচ ডি সম্পূৰ্ণ কৰে। তেওঁ কল্ড স্প্ৰিং হাৰ্বাৰ লেবৰেটৰী, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ গৱেষণা কৰিছিল। ১৯৬২ চনত বম্বেৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ত আণৱিক জীৱবিজ্ঞান ইউনিট স্থাপন কৰিবলৈ তেওঁক হোমি জাহাংগীৰ ভাভাই আমন্ত্ৰণ জনাইছিল।

৪. ড০ চেলিম আলীঃ 

'বাৰ্ড মেন অৱ ইণ্ডিয়া' নামেৰে পৰিচিত ড০ চেলিম মইজুদ্দিন আব্দুল আলীৰ জন্ম হৈছিল ১৮৯৬ চনৰ ১২ নৱেম্বৰত। পক্ষী বিজ্ঞান আৰু চৰাইৰ অধ্যয়নত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ জে পল গেট্টি বন্য জীৱ সংৰক্ষণ বঁটা লাভ কৰিছে। তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় সন্মান আৰু বঁটাও লাভ কৰিছে। আশ্চৰ্যজনকভাৱে চেলিম আলীৰ বিশ্ববিদ্যালয়ৰ কোনো ডিগ্ৰী নাই। 

তেওঁ weaver birdsৰ এগৰাকী বিশ্ববিখ্যাত বিশেষজ্ঞ। চেলিমে Finn's Baya আৱিষ্কাৰ কৰে, যিটো কুমাওন পাহাৰত আৱিষ্কাৰ নকৰালৈকে ১০০ বছৰ ধৰি বিলুপ্ত হৈ থকা বুলি বিশ্বাস কৰা হৈছিল। ১৯৪১ চনত তেওঁ ‘ভাৰতীয় চৰাইৰ কিতাপ’ প্ৰকাশ কৰে য’ত প্ৰতিটো প্ৰজাতিৰ প্ৰাণৱন্ত বৰ্ণনা আৰু ৰঙীন ছবি সন্নিবিষ্ট কৰা হৈছিল। ইয়াৰ ফলত সাধাৰণ মানুহৰ বাবে চৰাই চিনাক্ত কৰাটো সহজ হৈ পৰিছিল। 

১৯৪৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পক্ষীবিজ্ঞানী এছ ডিলন ৰিপলীৰ সহযোগত দহটা খণ্ডত ভাৰত আৰু পাকিস্তানৰ চৰাইৰ হাতপুথি প্ৰকাশ কৰিবলৈ এক অভিলাষী প্ৰকল্প আৰম্ভ কৰে। এই গ্ৰন্থখনত উপমহাদেশৰ চৰাইৰ বিষয়ে জনা সকলো কথা, ইয়াৰ ৰূপ, ইহঁতৰ প্ৰজনন অভ্যাস, প্ৰব্ৰজনৰ বিষয়ে উল্লেখ কৰা হৈছে।
 

ড০ চেলিম আলী আৰু আবুবাকৰ ছিদ্দিক
 
৫. ইব্ৰাহিমালি আবুবাকৰ ছিদ্দিকঃ

১৯৩৭ চনত জন্ম গ্ৰহণ কৰা ইব্ৰাহিমালি আবুবাকৰ ছিদ্দিক এজন ভাৰতীয় কৃষি বিজ্ঞানী। তেওঁ জেনেটিক্স আৰু উদ্ভিদ প্ৰজননৰ গৱেষণাৰ দ্বাৰা বামন বাছমতী আৰু হাইব্ৰিড ধানৰ দৰে বিভিন্ন উচ্চ উৎপাদনক্ষম ধানৰ জাতৰ বিকাশত সহায় কৰিছে। ভাৰত চৰকাৰে ২০১১ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে ছিদ্দিকক সম্বৰ্ধনা জনায়।

১৯৬৮ চনত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত চাইট’জেনেটিষ্ট হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু ১৯৭৬ চনলৈকে তেওঁ জ্যেষ্ঠ বিজ্ঞানী হিচাপে পদোন্নতি লাভ কৰে। ১৯৮৩ চনত ছিদ্দিক ইজিপ্তলৈ ৰাইচ ব্ৰীডাৰ হিচাপে আৰু ১৯৮৬ চনত ফিলিপাইনছলৈ জেনেটিক্সৰ অধ্যাপক হিচাপে বদলি হয়। পিছৰ বছৰ ১৯৮৭ চনত হায়দৰাবাদৰ ধান গৱেষণা সঞ্চালকালয়ৰ প্ৰকল্প সঞ্চালক হিচাপে তেওঁ ভাৰতলৈ উভতি আহি ১৯৯৪ চনলৈকে তাতে কাম কৰে।

৬. ছৈয়দ ই হাছনাইনঃ 

ছৈইদ ই হাছনাইনে আমেৰিকাৰ টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয় (Texas A&M University)ত কেইবাবছৰ কটায় আৰু ১৯৮৭ চনত ভাৰতলৈ উভতি আহি নেশ্যনেল ইনষ্টিটিউট অৱ ইমিউন’লজি (এন আই আই)ত ষ্টাফ বিজ্ঞানী হিচাপে কাম কৰে। ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত হাছনাইনে চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়েগনষ্টিকছ (চি ডি এফ ডি)ৰ প্ৰথম সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে।

২০০৫ৰ পৰা ২০১১ চনলৈকে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সপ্তম উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰা হাছনাইনে ২০১৬ চনৰ ২ ছেপ্টেম্বৰত নতুন দিল্লীৰ জামিয়া হামদাৰ্ডৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰি ২০২১ চনলৈকে এই কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল। দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ আমন্ত্ৰিত অধ্যাপক (২০১১–২০১৮) হাছনাইনে বৰ্তমান দিল্লীৰ আই আই টিত SERBৰ প্ৰথম ৫ জন ৰাষ্ট্ৰীয় বিজ্ঞান অধ্যক্ষৰ ভিতৰত এজন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
 

ছৈয়দ হাছনাইন আৰু হাছান জাইদী
 
৭. ছিবতে হাছান জাইদীঃ

ছিবতে হাছান জাইদী আছিল এজন ভাৰতীয় পেথ’লজিষ্ট আৰু টক্সিক’লজিষ্ট। তেওঁ পৰীক্ষামূলক টক্সিক’লজীত নিজৰ অতুলনীয় অৱদানৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। লণ্ডনৰ হামাৰস্মিথ হাস্পতালত পেথ’লজীৰ প্ৰশিক্ষণ লৈ তেওঁ টক্সিক’লজীৰ গৱেষণা কৰিছিল। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত জাইদী ভাৰতলৈ উভতি আহি পৰীক্ষামূলক toxicology-ত গৱেষণা কৰে।

তেওঁৰ কামত ঔদ্যোগিক বিষাক্ত পদাৰ্থৰ জৈৱিক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, আৰু তেওঁ পৰিৱেশ আৰু বৃত্তিগত স্বাস্থ্যজনিত বিপদৰ সৈতে মোকাবিলা কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক্ষেপত অংশগ্ৰহণ কৰিছিল। জাইদীয়ে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি একাধিক সমিতিতো কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁ বিষবিজ্ঞান আৰু জনস্বাস্থ্যৰ বিশেষজ্ঞ পৰামৰ্শ আগবঢ়াইছিল। ভাৰত চৰকাৰে তেওঁক ১৯৭৭ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

৮. চিতুৰ মহম্মদ হাবিবুল্লাহঃ

ভাৰতৰ গেষ্ট্ৰ’এণ্টেৰ’লজীৰ চিকিৎসা শাখাত অৱদানৰ বাবে চিতুৰ মহম্মদ হাবিবুল্লাহ বিশেষভাৱে পৰিচিত। ভাৰতীয় গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টজনৰ ১৯৩৭ চনত দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত জন্ম হৈছিল। হাবিবুল্লাহে ১৯৫৮ চনত গুণ্টুৰ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞান (এম বি বি এছ) স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা সাধাৰণ চিকিৎসা (এম ডি) আৰু চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পৰা ডি এম ডিগ্ৰী লাভ কৰে।

ওছমানিয়া মেডিকেল কলেজৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তেওঁ ১৯৭৫ চনৰ পৰা ১৯৯২ চনলৈকে অধ্যাপক আৰু বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত ১৯৯৪ চনলৈকে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ হায়দৰাবাদৰ ডেকান কলেজ অৱ মেডিকেল চাইন্সেছৰ চেণ্টাৰ ফৰ লিভাৰ ৰিচাৰ্চ এণ্ড ডায়েগনষ্টিকছৰ সঞ্চালক হিচাপেও কাম কৰিছিল। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ মেডিকেল এডুকেচনৰ সঞ্চালক হিচাপেও হাবিবুল্লাহে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৭ চনত ভাৰতৰ দ্য নেচনেল একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে কাম কৰা ব্যক্তিজনৰ বহুতো বৈজ্ঞানিক প্ৰকাশন আছিল। 

১৯৯৭ চনত খোৱাৰীজমী আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা হাবীবুল্লাহক ভাৰত চৰকাৰে ২০০১ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ২০১০ চনৰ ১০ জুলাইত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টজনৰ মৃত্যু হয়।

৯. ডাঃ কামাৰ ৰেহমানঃ

নেনোকণাৰ শাৰীৰিক প্ৰভাৱ বুজিবলৈ যোৱা ৪০ বছৰ ধৰি ব্যাপকভাৱে কাম কৰা এজন বিজ্ঞানী হৈছে কামাৰ ৰেহমান। এছবেষ্টছ, স্লেটৰ ধূলি আৰু অন্যান্য ঘৰুৱা আৰু পৰিৱেশৰ কণা প্ৰদূষণৰ প্ৰভাৱ আৰু বৃত্তিগত স্বাস্থ্য উন্নত কৰাৰ উপায়ৰ ওপৰত কৰা কামৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত।

দেশ স্বাধীন হোৱাৰ এবছৰ আগতে ডাঃ কামাৰ ৰেহমানৰ জন্ম হৈছিল শ্বাহজাহানপুৰৰ এটা বিশিষ্ট পণ্ডিত পৰিয়ালত। শ্বাহজাহানৰ দিনত আফগানিস্তানৰ পৰা তেওঁলোক ভাৰতলৈ আহিছিল। পৰিয়ালত কঠোৰ সামাজিক পৰম্পৰা থকাৰ পিছতো তেওঁ বিজ্ঞানৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছিল।

ভাৰতৰ দহগৰাকী মহিলা বিজ্ঞানীৰ ভিতৰত কামাৰ ৰেহমান অন্যতম, আৰু ছশ বছৰীয়া প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় জাৰ্মানীৰ ৰষ্টক বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় বিজ্ঞানী। এই মঞ্চত বিজ্ঞান জগতৰ আটাইতকৈ সন্মানীয় ব্যক্তি আইনষ্টাইনক সন্মান জনোৱা হৈছিল। কামাৰ ৰেহমানে বিজ্ঞান বিভূষণ আৰু যশ ভাৰতী বঁটাৰে সন্মানিত হয়। তেওঁৰ তত্বাৱধানত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পি এইচ ডি গৱেষণা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। ডাঃ কামাৰ ৰেহমানে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা পেনেলত থকাৰ গৌৰৱো অৰ্জন কৰিছে।
 

চিতুৰ মহম্মদ হাবিবুল্লাহ আৰু কামাৰ ৰহমান
 
১০. ড° ইছৰাৰ আহমেদঃ 

আলিগড় মুছলিম ইউনিভাৰ্চিটি (এএমইউ)ৰ চেণ্টাৰ ফৰ প্ৰমোচন অৱ চাইন্সৰ সঞ্চালক ড° ইছৰাৰ আহমেদ দেশৰ এগৰাকী বিশিষ্ট বিজ্ঞানী। তেওঁক তাত্ত্বিক পাৰমাণৱিক পদাৰ্থ বিজ্ঞান আৰু কোৱাণ্টাম বিকিৰণ তত্ত্বৰ পিতৃপুৰুষ হিচাপে গণ্য কৰা হয়। ১৯৮৬ চনৰ পৰা তেওঁ এ এম ইউৰ উৰ্দু মাহেকীয়া আলোচনা ‘তাহজিবুল আখলাক’ আৰু হিন্দী মাহেকীয়া আলোচনী ‘নিশান্ত’ সম্পাদনা কৰে।

১৯৪০ চনৰ ১৯ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ড০ ইছৰাৰ আহমেদ হৈছে মুখতাৰ আহমেদৰ পুত্ৰ। ১৯৫৯ চনত গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ এ এম ইউৰ পৰা স্নাতকোত্তৰ অধ্যয়ন কৰি পদাৰ্থ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯৬১ চনত তেওঁ এ এম ইউত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৮৪ চনৰ পৰা তেওঁ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ ৪৮খন গৱেষণা পত্ৰ এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় আলোচনীসমূহত প্ৰকাশ পাইছে। 
 

ড° ইছৰাৰ আহমেদ
 
তেওঁৰ তত্বাৱধানত কেইবাজনো গৱেষক পণ্ডিতে এম ফিল আৰু পি এইচ ডিৰ সন্মান লাভ কৰিছে। ড° ইছৰাৰ আহমেদ প্ৰয়াত নোবেল বিজয়ী ড° আব্দুছ ছালাম নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰৰ সহযোগী সদস্য। নিউয়ৰ্ক একাডেমী অৱ চাইন্সেছৰ লগতে তেওঁ ইণ্ডিয়ান ফিজিক্স এছ’চিয়েশ্যনৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তেওঁ ১৯৮৭ চনৰ ২৬-২৮ মাৰ্চত ‘ধৰ্মীয় চেমিনাৰ আৰু বিজ্ঞান শিক্ষা’ (Religious Seminarae and Science Education) বিষয়ক সন্মিলন আৰু ১৯৮৯ চনৰ ২৬-৩১ ডিচেম্বৰত আলিগড়ৰ এ এম ইউত ডি এ ই (পাৰমাণৱিক শক্তি বিভাগ) পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ আলোচনা চক্ৰৰ আয়োজন কৰে। তেওঁ মুছলমান ধৰ্মীয় চেমিনাৰীৰ শিক্ষকসকলৰ বাবে কেইবাটাও পৰিচয়মূলক বিজ্ঞান পাঠ্যক্ৰমো পৰিচালনা কৰে। ইয়াৰ উপৰিও তেওঁ হিন্দী, উৰ্দু, ইংৰাজী ভাষাৰ এগৰাকী কল্পবিজ্ঞান লেখক।