চৈয়দ আব্দুল মালিকৰ কালজয়ী উপন্যাস বঙালী ভাষাত প্ৰকাশ কৰি উলিয়াব অসম সাহিত্য সভাই

Story by  atv | Posted by  Munni Begum • 3 Years ago
বাওঁফালে পংকজ কুমাৰ দত্ত আৰু শক্তিময় দাস, সোঁফালে চৈয়দ আব্দুল মালিক
বাওঁফালে পংকজ কুমাৰ দত্ত আৰু শক্তিময় দাস, সোঁফালে চৈয়দ আব্দুল মালিক
দৌলত ৰহমান / গুৱাহাটী 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানৱীয় দৰ্শনেৰে গঢ়ি তোলা অসমীয়া সমাজখনৰ প্ৰতিচ্ছবি বৃহত্তৰ বঙালী সমাজখনৰ আগত দাঙি ধৰিবলৈ বিশিষ্ট বঙালী লেখক শক্তিময় দাসে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসমীয়া সাহিত্যৰ ৰত্ন হিচাপে পৰিচিত চৈয়দ আব্দুল মালিকে লিখা "ধন্য নৰ-তনু-ভাল" উপন্যাসখন বঙালী ভাষালৈ অনুবাদ কৰিছে শক্তিময় দাসে। অসম সাহিত্য সভাই অহা এপ্ৰিল মাহৰ ভিতৰত এই উপন্যাসখন ছপাৰ লগতে প্ৰকাশ কৰি উলিয়াব।   
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত চৈয়দ আব্দুল মালিকৰ উপন্যাসখন "ধন্য নৰ-তনু-ভাল"ত অসমীয়া সংস্কৃতি আৰু সমাজৰ পোনপটীয়া প্ৰতিফলন ঘটিছে। ১৯৮৭ চনত প্ৰকাশিত এই উপন্যাসখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী দৰ্শন, মানৱীয় দৃষ্টিভংগীক বিশেষভাৱে ফুটাই তোলা হৈছে। উপন্যাসখনত মহাপুৰুষজনাৰ শিল্পী সত্তাৰো মননশীল উপস্থাপন ঘটিছে। 
 
'ধন্য নৰ-তনু-ভাল' এই উপন্যাসখনৰ অসমীয়া আৰু বঙালী ভাষাৰ বেটুপাত
 
আৱাজ-দ্যা ভইচৰ সৈতে হোৱা এক কথোপকথনত কলকতাৰ নিবাসী শক্তিময় দাসে কয়, "এই উপন্যাসখন অনুবাদ কৰাটো এক প্ৰত্যাহ্বানমুলক কাম আছিল। আজিৰ পৰা দুবছৰ পূৰ্বে মই গোলাঘাটৰ নাহৰণিত চৈয়দ অব্দুল মালিকৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ উদ্বোধন কৰিছিলোঁ। এই অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ পাই মই নিজকে ধন্য মানিছিলোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি  চৈয়দ আব্দুল মালিকৰ ৰচিত গ্ৰন্থ "ধন্য নৰ-তনু-ভাল"বঙালী ভাষাত অনুবাদ কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সাহিত্যিক আৰু সাহিত্যৰণুৰাগী সকলৰ বাবে জাতি ধৰ্ম আৰু ভাষাক লৈ কোনো পৰিসীমা নাথাকে। চৈয়দ আব্দুল মালিকৰ সৃষ্টি বঙালী সাহিত্যটো যথেষ্ট সমাদৰ আছে। ঠিক সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবদী দৰ্শনে বঙালী সমাজকো অনুপ্ৰাণিত কৰি আহিছে। গতিকে মোৰ দৃঢ় বিশ্বাস "ধন্য নৰ-তনু-ভাল"ৰ অনুবাদে বঙালী পঢ়ুৱৈ আৰু সাহিত্যৰ অনুৰাগী সকলৰ বৌদ্ধিক দিশটো আৰু আধিক আলোকিত কৰিব।"
৫০ তকৈও অধিক অসমীয়া সাহিত্যৰ সৈতে জড়িত গ্ৰন্থ অনুবাদ কৰা শক্তিময় দাসক "ধন্য নৰ-তনু-ভাল" উপন্যাসখন বঙালী ভাষাত অনুবাদ কৰোতে বহু সময়ৰ প্ৰয়োজন হৈছিল। অসম সাহিত্যসভাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি দাসে কয়, "ধন্য নৰ-তনু-ভাল'ৰ বঙালী অনুবাদ খন গুৱাহাটীৰ লগতে কলকতা আৰু দিল্লীত উন্মোচন কৰা উচিত। কিয়নো কলকতা আৰু দিল্লীত এই উপন্যাসখন উন্মোচন কৰিলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকেও এই উপন্যাসখনৰ প্ৰতি আকৰ্ষিত হোৱাৰ থল আছে। কলকতাত অৱস্থিত জাতীয় সাহিত্য প্ৰকাশন ট্ৰাষ্টেও (জাতীয় সাহিত্য প্ৰকাশন ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক সম্পাদক) এই গ্ৰন্থখনৰ বহুল প্ৰচাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।" 
শক্তিময় দাসে লগতে কয়, " ভাৰতৰ বৰ্তমান সময়ত কিছু অপশক্তিয়ে ধৰ্মৰ নামত মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে। তেনে পৰিস্থিতিত 'ধন্য নৰ-তনু-ভাল' এই উপন্যাসখনে এক সমন্বয়ৰ বাৰ্তা বিলাব।"   
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
 
অসম সাহিত্য সভাৰ আছাম ইনষ্টিটিউট অৱ ট্ৰেন্সলেচনৰ সঞ্চালক বিপুল দেউৰীয়ে কয়, "ধন্য নৰ-তনু-ভাল উপন্যাসখন তেওঁৰ অনুষ্ঠানে চলিত বছৰত ছপা আৰু প্ৰকাশ কৰি উলিওৱা গ্ৰন্থসমুহৰ ভিতৰত সন্নিৱিষ্ট কৰিছে। বঙালী অনুবাদে এই উপন্যাসত সন্নিৱিষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী দৰ্শনৰো সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।"
অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ তথা বৰ্তমানৰ কাৰ্যকৰি সদস্য পংকজ কুমাৰ দত্তই আৱাজ-দ্যা ভইচক জনোৱা মতে শক্তিময় দাসৰ অসমীয়া সাহিত্যৰ প্ৰতি থকা আগ্ৰহ আৰু দ্বায়িত্ববোধ সচাঁকৈয়ে এক উৎকৃষ্ট নিদৰ্শন। শক্তিময় দাসে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ সঠিক তাৰিখ আৰু বাৰ বিচাৰি উলিয়াইছিল। তেওঁ ইতিমধ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' গল্প পুথিখন বঙালী ভাষাত অনুবাদ কৰি উলিয়াইছে। 
পংকজ কুমাৰ দত্তই কয়, "বঙালী সাহিত্যৰ অনুৰাগী আৰু পঢ়ুৱৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ আছে। গতিকে 'ধন্য নৰ-তনু-ভাল'ৰ বঙালী অনুবাদে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী দৰ্শনৰ বহুল প্ৰচাৰৰ লগতে চৈয়দ আব্দুল মালিকৰ সাহিত্যসৃষ্টিৰ বহু নতুন পাঠকৰ জন্ম হ'ব।"
 
জীৱনে-মৰণে চিৰদিন অসমীয়া জন চৈয়দ আব্দুল মালিক
 
উল্লেখ্য যে, আধুনিক অসমীয়া সাহিত্যৰ 'কথাশিল্পী’ হিচাপে সমাদৃত চৈয়দ আব্দুল মালিক কুৰি শতিকাৰ এগৰাকী শ্রেষ্ঠ অসমীয়া। অসমীয়া সাহিত্যৰ সকলো শাখাতে মেটমৰা অমূল্য লেখনিৰে তেখেতে সমৃদ্ধ কৰি থৈ গৈছে। সমাজৰ সাধাৰণৰ পৰা অসাধাৰণলৈকে সকলো স্তৰৰ মানুহৰ জীৱন চিত্ৰ ৰূপায়িত হোৱা বাবেই মালিক সকলোৰে বাবে সমাদৃত লেখক। অসমীয়া সমাজ জীৱনলৈ অহা পৰিবৰ্তনৰ কথা মালিকৰ গল্প উপন্যাসে আমাক জনায়। 
জীৱনে-মৰণে চিৰদিন অসমীয়া জনৰ লেখনিতে নিহিত হৈ আছে অসম আৰু অসমীয়া সমাজখন। এই বৰেণ্য সাহিত্যিকগৰাকীৰ লেখনিত প্রতিফলিত হৈছে মানুহৰ প্ৰতি থকা গভীৰ মমত্ববোধ। ধৰ্মৰ বান্ধোনে এই গৰাকী লেখকক যেন বান্ধি ৰাখিব পৰা নাছিল। তেখেতে আজান ফকীৰৰ জিকিৰসমূহ যেনেদৰে সংগ্ৰহ কৰিছিল, তেনেদৰে মহাপুৰুষ শংকৰদেৱৰ জীৱনভিত্তিক প্ৰথমখন উপন্যাস “ধন্য নৰ-তনু-ভাল” লেখি অসমীয়া সাহিত্যৰ ভড়াঁল সমৃদ্ধ কৰিছিল। মছজিদ আৰু নামঘৰ দুয়োঠাইতে তেখেতে একেই আসনেই লাভ কৰিছিল।
অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ আৰু কবি চৈয়দ আব্দুল মালিক (১৯১৯-২০০০)ৰ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, ৫ খন কবিতা সংকলন, ৩ খন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰিছিল।